বিয়াঘৰ

দৰজাখন দুফালকৈ খুলি অপূৰ্ব খৰধৰকৈ মোৰ অকলশৰীয়া একোঠলীয়া ঘৰটোলৈ সোমাই আহিল | নতুনকৈ চাকৰি লৈ গাঁও যেন লগা এই সৰু চহৰখনত থিতাপি লোৱা মোৰ এবছৰ হোৱাই নাই | নতুনকৈ হোৱা বন্ধুকেইটাৰ মাজত অপূৰ্ব অন্যতম | মাক-বাপেকৰ এটিয়া লৰা | গ্ৰেজুৱেট হৈ বহুতদিন ঘৰতে বহি আছিল সি | কেইমাহমান আগতে পুলিছত চাকৰি পাই, ট্ৰেইনিং কৰি আহি, নিজৰ চহৰখনতে কনিষ্টবল হৈছেহি | মোৰ ঘৰত সোমায়েই কলে - "অ’ই, কি কৰি আছ’ ?" মই বোলো - "আহ আহ, বহ | চাইকেলখন তলা মাৰি থৈ আহিছনে ?" সি কলে - "বাদ দে তলা চলা | মই ডাঙৰ কাম এটা কৰিলো | কালি ৰাতি জেউতীক পলুৱাই আনিলো | ভিনদেউৰ ঘৰত ৰাতিটো থাকি এতিয়া তোৰ ওচৰলৈ আহিছো | ঘৰত দেতা গৰম হৈ আছে | তই কি কৰিব পাৰ কৰ |" তাৰ কথা শুনি চক খাই উঠিলো | এবাৰ বিড়ি খাই ধৰা পৰোতে দেউতাকে তাক গুৰুলা-গুৰুলকৈ পিটিছিল বুলি সি এদিন নিজেই কৈছিল - কথাষাৰ মনত পৰি গ’ল | মই কলো - "হে ভগৱান ! কি কলি ? জেউতী মানে..." | সি কলে - "অ’ সেইজনীয়েই | তোক যে কৈছিলো - সেই এল পি স্কুলত চাকৰি কৰে যে | তাইৰ ঘৰত দিগদাৰি নাই, মোৰহে দিগদাৰ | ৰাতিপুৱাই ভিনদেউ আমাৰ ঘৰলৈ গৈছিল, দেউতাই মোক পালে কাটিম বুলি কৈছে হেনো | এতিয়া তই কিবা এটা কৰ | মই ঘৰো এৰিব নোৱাৰো, জেউতীকো এৰিব নোৱাৰো" - কথাষাৰ কঁওতে তাৰ চকু চলচলীয়া হ’ল | মই কলো - "ৰহচোন, ভাবিবলৈ দে | কৰিম কিবা এটা | ব’ল নহলে, দুইটা তহঁতৰ ঘৰলৈ যাঁও |" সি হাত-ভৰি জোকাৰি কলে - "নাই নাই, মই নাযাও, তই যা |" তাক পঠিয়াই মই ওলালো সিহঁতৰ ঘৰলৈ | চাইকেলখন ঘূৰাই সিহঁতৰ জেওৰাত আঁউজাই থলো যাতে কেনেবাকৈ পলাব লগা হলে লাফ মাৰি উঠি পলাব পাৰো |

ঘৰখনত থম থম পৰিবেশ | মই গলখেকাৰী এটা মাৰি সোমাই যাওঁতেই অপূৰ্বৰ মাক দেউতাক দুয়ো ওলাই আহিল | "দাইটি ভালনে" - মোৰ মাতষাৰ শুনিয়েই দাইটি গৰম হলেই - "কিহৰ ভাল অ’ কিহৰ ভাল | দেখা নাই এটাই মিৰি এজনী আনি মোৰ নাক কান কাটিছে | ঘৰ সোমাবলৈ নিদিও তাক মই | আৰু তোক আগতেই কৈ দিছো তাৰ হৈ উকালতি কৰিবলৈ নাহিবি | তোৰো পিঠি ফালিম বাপ্পেৰে |" দাইটিৰ খং দেখি মই মুখেৰে একো নকৈ টুল এখনত বহি ললো | চিন্তা কৰিছো কি কোৱা যায় | লাহকৈ বৌটিক কলো - "এতিয়া যি হ’ল হ’ল আৰু | সেইবুলি লৰাটো এৰি দিব নোৱাৰি নহয় | তাক এৰি আপোনালোক থাকিব পাৰিবজানো ?" মোৰ কথাষাৰ শেষ নহ’লেই - দাইটিয়ে কলে - "সেইবুলি মই মিৰি এজনীক বোৱাৰী কৰিব নোৱাৰো | ক’ত মৰে মৰকগৈ, ঘৰ সোমাব নোৱাৰে সি |" এইবাৰ মই পোনে পোনে দাইটিক অলপ টানকৈয়ে ধৰিলো - "এ কিনো মিৰি মিৰি কৰি থাকে | মিৰি আহোম এইবোৰ কি কথানো ? চব একে মানুহহে | আৰু কুকুৰ শৄগাল গদৰ্ভৰো আত্মা ৰাম বুলি আপোনালোকে নিজে নামঘৰত গায় থাকে দেখুন | গায় নে নাগায় ?" দাইটি অলপ মনে মনে ৰোৱা দেখি মই আকৌ আৰম্ভ কৰিলো - "আপোনালোকে এৰি দিলে অপূৰ্বই কি কৰিব ? টাউনত ভাৰা ঘৰ লৈ থাকিব | মানুহে কাক বেয়া বুলিব ? আপোনালোকক | আৰু আপোনালোকে সিহঁতহালক এৰি থাকিব পাৰিব ? ভাত খাব পাৰিব, ৰাতি শুব পাৰিব ? পাৰিবনে নোৱাৰে ?" কথা শুনি বৌটিয়ে কান্দিয়ে দিলে | মই নৰলো, আকৌ আৰম্ভ কৰিলো - "আৰু মিচিং ছোৱালী হ’ল পিছে কি হ’ল ? তাইক মই দেখিছো - যিহে ধুনীয়া, আপোনালোকৰ ঘৰখন জিলিকি থাকিব | ইফালে চাকৰিও কৰে | বোৱাৰীয়েক মাষ্টৰনী বুলি সন্মানটো কাৰ বাঢ়িব ? আপোনালোকৰহে বাঢ়িব | দিচাংমুখত মিতিৰ এঘৰ হৈছে ভালহে হৈছে | গৈ পাইছে কেতিয়াবা দিচাংমুখলৈ ?" অলপ সময় মনে মনে থাকি দাইটিয়ে কলে - "সেইবুলি একো নিয়ম চিয়ম নকৰাকৈ কেনেকৈ আনো ছোৱালীজনী |" হঠাত পৰিবশটো সুখৰ হৈ পৰিল | মই কলো - "কৰক আক’ কি কি নিয়ম কৰিব খুজিছে | খং কৰি লাভ নাই | অপূৰ্বই একো বেয়া কাম কৰা নাই | লগৰ ভকত দুজনমানক মাতি কথাটো পাতক | মই এতিয়া যাঁও | জেউতী ভিনদেউহঁতৰ ঘৰতে থাকক এতিয়া, অপূৰ্বক এইকেইদিন ময়ে ৰাখিম |" বৌটিয়ে কলে - "নাযাবি ৰহ | জলপান এটা খাই যা |" দাইটিয়েও কলে - "জলপান খাই যাবি | আৰু এটা কাম কৰিবি | যাঁওতে সেই সিমূৰৰ নন্দক মই মাতিছো বুলি কবি | সি আক’ আজিকালি বিয়াঘৰৰ ৰভা দিয়া কামটো কৰে |"..........
 
((এই কথাখিনি ফেচবুকৰ "অসমীয়া কথা বতৰা" গোটে প্ৰকাশ কৰা সাহিত্য ডট অৰ্গৰ নৱেম্বৰ মাহৰ সংখ্যাত প্ৰকাশ হৈছে | লিংকটো দিছো -