কৃষ্ণতকৈ আদৰৰ, কৃষ্ণতকৈ আপোন, কৃষ্ণতকৈ প্ৰাণাধিক
বন্ধু কোন হব পাৰে?
ভক্তৰ বিপদৰ সময়ত,
ভক্তৰ আহ্বানত আনকি নিজৰ বাহন এৰিও ভক্তক ৰক্ষা কৰিবলৈ দৌৰিব কোনে পাৰে? ভক্তৰ
প্ৰেম-বন্ধনত পৰমেশ্বৰ কৃষ্ণৰ বাদে আন কোন বন্দী হয়?
প্ৰকৃত ভক্তই ভগৱানৰ
লগত এটা পাৰ্থিৱ সম্বন্ধ স্থাপন কৰি লয়| যি কোনো সম্বন্ধ| সেই সম্বন্ধ হ’ব পাৰে –
ভাতৃ, বন্ধু, স্বামী, পিতা, পুত্ৰ, প্ৰেমী| ব্ৰজধামৰ গোপীসকলে কৃষ্ণৰ লগত
স্বৰ্গীয়, কামৰহিত, আত্মিক প্ৰেমৰ সম্বন্ধ পাতিছিল| অৰ্জ্জুনে কৃষ্ণৰ লগত পাতিছিল
সখাৰ সম্বন্ধ| দ্ৰৌপদীয়ে পাতিছিল ভাতৃৰ সম্বন্ধ| আমাৰ গুৰুজনাই মাতিছিল বান্ধৱ
কৃষ্ণ বুলি| দ্ৰৌপদীয়ে হৃদয়েৰে মতা ভাতৃ সম্বোধনটোৱে পৰমেশ্বৰ কৃষ্ণক বাধ্য কৰাই
দিছিল দ্ৰৌপদীৰ প্ৰতিবাৰ বিপদৰ সময়ত কাষত থিয় দিবলৈ|
পাণ্ডৱসকল ১২ বছৰ
বনবাসত থকা সময়ৰ কথা| ঋষি দুৰ্বাসা নিজৰ ১০ হাজাৰ শিষ্যৰে সৈতে এবাৰ দুৰ্য্যোধনৰ
আলহী হ’লহি| ক্ষণে ৰুষ্ট ক্ষণে তুষ্ট অতি খঙাল ঋষি দুৰ্বাসা| দুৰ্য্যোধনে নিজৰ
গোপন ভাৱ মনত লুকুৱাই ঋষি দুৰ্বাসাক অতি আদৰ-সাদৰকৈ আলপৈচান ধৰি তুষ্ট কৰিলে |
তুষ্ট হৈ ঋষিয়ে দুৰ্য্যোধনক বৰ বিচাৰিবলৈ ক’লে| মনত মাত্ৰ পঞ্চ-পাণ্ডৱক ধ্বংস কৰাৰ
উদ্দেশ্য লৈ জীয়াই থকা দুৰ্য্যোধনে ঋষি দুৰ্বাসাক ক’লে – “হে ঋষিবৰ, মোক একো বৰদান নালাগে | আপোনাৰ সেৱা কৰিবলৈ পাই মোৰ জীৱন ধন্য হ’ল|
কিন্তু হে মুনিবৰ, মোৰ ভাতৃ পাণ্ডৱসকলে বনবাসত বৰ মনোকষ্ট পাই আছে| আপুনি যদি সকলো
শিষ্যৰে সৈতে এবাৰ যুধিস্থিৰৰ ওচৰলৈ যায় তেওঁ বৰ সুখী হব|” ঋষি দুৰ্বাসাই ক’লে –
“ঠিক আছে |” দুৰ্য্যোধনে ভাবিছিল – বৰ্ত্তমান অৱস্থাত বনবাসী পাণ্ডৱসকল যিহেতু ঋষি
দুৰ্বাসা আৰু তেওঁৰ ১০ হাজাৰ শিষ্যক এসাঁজ খোৱাই সন্তুষ্ট কৰিব পৰা অৱস্থাত নাই,
সেয়ে ঋষিৰ খং উঠি পাণ্ডৱসকলক অভিশাপ দি ধ্বংস কৰিব|
ঋষি দুৰ্বাসা
শিষ্যসকলৰে সৈতে গৈ বনবাসী পাণ্ডৱসকলৰ পঁজা পালেগৈ| যুধিস্থিৰক ক’লে – “হে
যুধিস্থিৰ, আমাৰ ভোজনৰ সময় হৈছে| তুমি ভোজনৰ যোগাৰ কৰা, আমি গংগাত স্নান কৰি আহো|”
যুধিস্থিৰৰ মূৰত সৰগ
ভাগি পৰিল| ইতিমধ্যে দ্ৰোপদীসহ পঞ্চ-পাণ্ডৱে ভোজন কৰি অটাইছে| দৌপদীৰ ওচৰত বৰদান
আছিল যে দ্ৰৌপদীয়ে নিজে নোখোৱালৈকে তেওঁৰ ৰান্ধনীঘৰত খোৱাবস্তুৰ অভাৱ নহ’ব| কিন্তু সেইদিনা দ্ৰৌপদীয়েও ভোজন কৰি অটালে| ঘৰখনত খুদকণ এটাও নাই| ইফালে
সন্মুখৰ ১০ হাজাৰ শিষ্যৰে সৈতে ঋষি দুৰ্বাসা| সেই বিপদৰ সময়ত দ্ৰৌপদীয়ে কৃষ্ণক
স্মৰণ কৰিলে – “হে ভাতৃ, ৰক্ষা কৰা |” ঠিক সেই সময়তে পাণ্ডৱসকলৰ পঁজাটোৰ দুৱাৰখন
ঠেলি সোমাই আহিল পৰমেশ্বৰ কৃষ্ণ| কিন্তু কৃষ্ণযে কৃষ্ণই| আহিয়েই দ্ৰৌপদীক ক’লে –
“ভগ্নী, কি আছে খাবলৈ দিয়া| ভোকত প্ৰাণ যায় যায়| বাকী কথা পিছত পাতিম|” দ্ৰৌপদীয়ে
চকুলো টুকি টুকি ক’লে – “ভাতৃ, কি দিম তোমাক| ঘৰত একোৱেই নাই| ইফালে সৌৱা ঋষি
দুৰ্বাসা আৰু ১০ হাজাৰ শিষ্য আহিছে|” কৃষ্ণই সেই ভূৱনভুলোৱা হাঁহিটো মাৰি ক’লে –
“আছে ভগ্নী আছে| চোৱাচোন তোমাৰ ৰান্ধনীঘৰত| কেৰাহীত এটা হলেও ভাত লাগি আছে|” কৃষ্ণ
নিজে সোমাই গ’ল দ্ৰৌপদীৰ ৰান্ধনীঘৰলৈ, বিচাৰি উলিয়ালে কেৰাহীত লাগি থকা তিনিটামান
ভাত আৰু তাকে লৈ তৃপ্তিৰে খালে| খাই উঠি সকলো কথা শুনি কৃষ্ণই ক’লে – ’চিন্তা নাই
ভগ্নী| ভাতৃ ভীম, আপুনি গৈ ঋষি দুৰ্বাসাক মাতি আনকগৈ|”
সেইমতে ভীমে গৈ
গংগাত স্নান কৰি থকা ঋষি দুৰ্বাসাক ক’লেগৈ – “হে ঋষিবৰ, আহক, ভাতৃ যুধিস্থিৰে
আপোনালোকলৈ বাট চাই আছে|” কিন্তু ঋষিয়ে উত্তৰ দিলে – “হে ভীম, তুমি যোৱাগৈ|
তোমালোকক আশীৰ্বাদ কৰিছো| কিয় জানো, আমাৰ আজি ভোক নাই, এনে লাগিছে যেন আমি
ইতিমধ্যে পেট ভৰাই ভোজন কৰিছো|” ভীমে উত্তৰ দিল – “নহয় ঋষিবৰ, কৃষ্ণও আহিছে
দ্বাৰকাৰ পৰা| আপোনাক লগ পাবলৈ বাট চাই আছে|” মুখত শিশুৰ দৰে হাঁহিটো লৈ ঋষি
দুৰ্বাসাই ক’লে – “অ’, এতিয়াহে বুজিলো| কৃষ্ণই কিবা খালেনে? হ’ব, এতিয়া যোৱা| আমি এতিয়া প্ৰস্থান কৰিম|”
ঋষি দুৰ্বাসা আৰু
তেওঁৰ শিষ্যসকলৰ ভোক কিয় নাইকিয়া হ’ল? এটা উদাহৰণ দিছো – বহুত বছৰৰ পিছত দুৰনিত
থকা পুত্ৰ মাতৃৰ ওচৰলৈ আহিছে| পুত্ৰ আহি আছে – এই কথাষাৰেই মাতৃৰ কাৰণে সৰগ হৈ
পৰিছে| ইমান দিনৰ মূৰত মাতৃয়ে পুত্ৰৰ কাৰণে পুত্ৰই ভাল পোৱা খোৱা বস্তু ৰান্ধিছে|
পুত্ৰ আহি পোৱাৰ পিছত পুত্ৰক সাবটি ধৰি মাতৃয়ে সুখতে এসোঁতা কান্দিছে| আলহ-উদহকৈ
পুত্ৰক খাবলৈ দিছে| পুত্ৰই খোৱা মাতৃয়ে চাই আছে| খাই উঠি পুত্ৰই কৈছে – “মই খালো
মাতৃ, এতিয়া তুমি খাই লোৱা|” মাতৃয়ে কৈছে – ’পুত্ৰ, তোক খোৱাই, তোৰ খোৱা চাই মোৰ
পেট ভৰিল| মই কিবা খাবলৈ ভোকেই নাই| আহ এতিয়া, মোৰ ওচৰত বহি তোৰ কথাবোৰ ক’ |”
পুত্ৰসম কৃষ্ণই
তৃপ্তিৰে খোৱাৰ পিছত পিতৃসম ঋষি দুৰ্বাসাৰ ভোক লাগিব পাৰে জানো ?
(ক্ৰমশ)
Casino Finder (Google Play) Reviews & Demos - Go
ReplyDeleteCheck Casino Finder (Google Play). show to get air jordan 18 retro men red A air jordan 18 retro yellow suede cheap look at some of 꽁머니 토토 the best gambling sites in the world. They 게임 종류 offer a full game library, air jordan 18 retro good website