Friday 16 March 2012

মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ

                                   মহিমা
কৃষ্ণ-পাদ-পঙ্কজৰ                সেৱাৰ মহিমা-কথা
      শুনি বড় আনন্দ মিলয় |
যাৰ ভকতৰ সঙ্গে       সৰ্ব্ব-পুৰুষাৰ্থ-শিৰে
      চড়ি আতি কৌতুক কৰয় ||৮৬
যদি ভৱ-ভয়-ভঙ্গ      মনে ইচ্ছা কৰ ভাই
      সদা সাধু-সঙ্গ কৰা সাৰ |
এক ক্ষণমানে মাত্ৰ      কেৱল সাধুৰ সঙ্গে
      হোৱে নাৱ ভৱ তৰিবাৰ ||৮৭
হৰি-কীৰ্ত্তনৰ মহা-      আনন্দ-সুখক আশে
      কতো কতো সৱ মহাজনে |
মুকুতি-সুখকো তেজি     মহন্তজনৰ সঙ্গ
      খোজে আতি কৃষ্ণৰ চৰণে ||৮৮
কিন্তু ইটো মহাধৰ্ম্ম      মাধৱৰ জন্ম-কৰ্ম্ম
      বেদে যাৰ নজানে মহিমা |
হৰি-নাম-কীৰ্ত্তনত       মিলে মোক্ষ আদি যত
      কীৰ্ত্তন-সুখৰ নাহি সীমা ||৮৯
মধুৰৰো সুমধুৰ         হৰিৰ কীৰ্ত্তন-ৰস
      মঙ্গলৰো পৰম মঙ্গল |
এতেকেসে মুকুতিকো      তেজি হৰি-গুণ গায়া
      ফুৰে মহা মহন্তসকল ||৯০
পৰম নিপুণসৱে         বুজিয়া শাস্ত্ৰৰ তত্ত্ব
      হৰি-পদ-পঙ্কজে ভজিয়া |
হৰি-কীৰ্ত্তনৰ মহা-      নিৰ্ভৰ আনন্দে মজি
      থাকে সুখে মুকুতি তেজিয়া ||৯১
গোৱিন্দৰ নাম-গুণ      কীৰ্ত্তন কৰন্তে জানা
      কিঞ্চিতেকো নাহিকে প্ৰয়াস |
নিজ-গুণ-লুব্ধ হৰি      কীৰ্ত্তন কৰন্তে আসি
      হৃদয়তে হোৱন্ত প্ৰকাশ ||৯২
যিসৱ চতুৰ নৰে       মাধৱৰ নাম-গুণ
      কীৰ্ত্তন কৰন্ত সাৱধানে |
দেৱৰো দেৱতা হৰি     তাহাৰ হৃদয় এৰি
      যাইবাক নপাৰা আন থানে ||৯৩
যিটো দেৱ ভগৱন্ত      বেদে যাক নজানন্ত
      তেন্তে নিজ কীৰ্ত্তনত বশ্য |
জানি মাধৱৰ নাম      কীৰ্ত্তন কৰিয়ো সদা
      ইটো সৱে শাস্ত্ৰৰ ৰহস্য ||৯৪
হৰি-ভক্তি-সৰোবৰে      সন্তোষ-অমৃত-জলে
      কৃষ্ণ-পাদ-পদ্ম প্ৰকাশয় |
ৰাম-নাম ৰাজহংস       ছানিয়া আৰাৱ কৰে
      শুনি আতি কৌতুক মিলয় ||৯৫
সমস্তে তীৰ্থত স্নান       কৰিলেক সৰ্ব্ব যজ্ঞ
      দীক্ষিত ভৈলেক সিটোজন |
সমস্তে দানৰ ফল       সিসিজনে পাইলে আতি
      যিটো কৰে হৰিৰ কীৰ্ত্তন ||৯৬
মাধৱে বোলন্ত মোক     কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি
      সদায় সুমৰে সিটোজনে |
জল হন্তে যেন পদ্ম      নৰকৰপৰা তাঙ্ক
      আপুনি উধাৰো ৰঙ্গ মনে ||৯৭
ঊঅদাপি দুৰ্জ্জন কলি     হৰিৰ ভকতি-পথ
      কৰিলেক বিৰল-প্ৰচাৰ |
একান্ত শৰণে যিটো      শ্ৰৱণ-কীৰ্ত্তন কৰে
      ওচৰো নচাপে কলি তাৰ ||৯৮
পৰম-পুৰুষ দেৱ       পৰম-কাৰণ প্ৰভু
      পৰম-ঈশ্বৰ ভগৱন্ত |
সদানন্ত সদাশিৱ       সত্য সনাতন হৰি
      জয় জয় অচিন্ত্য অনন্ত ||৯৯
        আত্ম -উপদেশ
হে জিহ্বা সদা তোৰ     মধুৰেসে মাত্ৰ প্ৰিয়
      জান তঞি ৰসৰ সাৰক |
আন তেজি নিৰন্তৰে     কৰিয়োক মাত্ৰ পান
      নাৰায়ণ-নাম-অমৃতক ||১০০
হে জিহ্বা তঞি সদা     আহ্মাত নিৰ্দ্দয়া ভৈলি
      কেনে নোবোলস ৰাম-বাণী |
সংসাৰ-সাগৰে ইটো     হৰিসে সুদৃঢ় নাৱ
      জানি হৰি বুলিয়ো কল্যাণী ||১০১
হে কৰ্ণ সদা তোৰ      শবদ মাত্ৰসে প্ৰিয়
      তঞি শব্দ মধুৰ জানস |
কোটি অমৃততোধিক      পৰম মধুৰ শব্দ
      শুন সদা কৃষ্ণ-নাম-যশ ||১০২
হেন মন তোৰ কাম     সঙ্কল্প-বিকল্প-ধৰ্ম্ম
      তেজি মিছা ব্যাপাৰ সকল |
সদায়ে সঙ্কল্প মাত্ৰ       কৰিয়ো সুদৃঢ় মন
      কৃষ্ণ-নাম পৰম মঙ্গল ||১০৩
শুনিও হৃদয় হেৰ       ব্ৰহ্মাণ্ড ভিতৰে যত
      বস্তু আছে তোক নোজোড়য় |
তাক তেজি কৃষ্ণ-নাম    অক্ষয় অমৃত পিয়া
      সন্তোষক লভিয়ো হৃদয় ||১০৪
শুনিয়োক বুদ্ধি তোৰ     কেৱলে নিশ্চয়-ধৰ্ম্ম
      তেজি সৱে বিনাশী বিষয় |
সদা শুদ্ধ সুমঙ্গল        অক্ষয় কৃষ্ণৰ নাম
      তাকে মাত্ৰ কৰিয়ো নিশ্চয় ||১০৫
শুন হেৰ অহঙ্কাৰ        নিচিন্ত আপুন মাৰ
      মিছা অহম্মমক তেজিয়ো |
পৰম ঈশ্বৰ কৃষ্ণ        হুয়োক তাহান দাস
      সাধু-সঙ্গে কৃষ্ণক ভজিয়ো ||১০৬
শুনিয়োক চিত্ত হেৰ      পৰম ৰহস্য বাণী
      তুমি শুদ্ধ জ্ঞানৰ আলয় |
কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ      পৰম ঈশ্বৰ দেৱ
      নাছাড়িবা তাজান আশ্ৰয় ||১০৭
কৃষ্ণ নিষ্ট ইষ্টদেৱ        আত্ম প্ৰিয়তম গুৰু
      সুহৃদ সোদৰ বন্ধুজন |
কৃষ্ণে মোৰ মতি গতি     কৃষ্ণত ভকতি-ৰতি
      কৃষ্ণ-পাৱে নিমজোক মন ||১০৮


          আত্ম-নিন্দা
শান্ত চিদানন্দ শুদ্ধ        অনন্ত-মহিমা নিত্য
       নিৰ্ম্মল তৰঙ্গ-চয়-হীন |
হেনয় পৰমানন্দ         অমৃত-সাগৰে মজি
       আচান্ত নকৰি বুদ্ধি-ক্ষীণ ||১০৯
হে হৰি সাৰ-শূণ্য        মৃগতৃষ্ণাৰ্ণৱ-জলে
       মহা শ্ৰান্ত হুয়া মোহ পাঞো |
স্নান পান আচমন        কৰহো ৰমণ তাতে
       কতোহো উপঙ্গো তল যাঞো ||১১০
           বস্তু-প্ৰকাশ
পৰম অমূল্য ৰত্ন         হৰিৰ নামৰ পেড়া
       আতি গুপ্ত-স্বৰূপে আছিল |
লোকক কৃপায়ে হৰি       শঙ্কৰ-স্বৰূপে আসি
       মুদ ভাঙ্গি সমস্তকে দিল ||১১১
হৰি-নাম প্ৰেম ৰস       অমৃত-নিধিক বান্ধি
       গুপ্ত কৰি থৈল দেৱগণে |
দায়ালো শঙ্কৰে পাই       তুলি মুদ ভাঙ্গি দিলা
       সুখে পান কৰে সৰ্ব্বজনে ||১১২
হৰি-নাম গুপ্ত ভৈল       মনুষ্যত পূজা ৰৈল
       বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব |
হেন হৰি-নাম ধৰ্ম্ম       শঙ্কৰে বিদিত কৰি
       চূৰ কৈলা দেৱতাৰ গৰ্ব্ব ||১১৩

No comments:

Post a Comment