Sunday 12 February 2012

বিষয় - সমস্যা

(কেইখনমান কিতাপত পঢ়ি পোৱা কথাৰ কিছু অংশ) সফল মানুহখিনিৰ সফলতাৰ আঁৰৰ গোপনীয় উপাদানখিনি কি ?
 সমস্যাই আবৰি ধৰা কঠিন সময়খিনিত তেওঁলোকে কি কৰে ? কেনেকৈ তেওঁলোকে সমস্যাটো সফলতাৰে অতিক্ৰম কৰে ?
উত্তৰটো অতি সাধাৰণ - তেওঁলোকে সমস্যাটো সাধাৰণ মানুহে চোৱাৰ দৰে নাচায় | তেওঁলোকে প্ৰতিটো সমস্যা সত্যৰ আধাৰত, যেনেকৈ আহে তেনেকৈ, ব্যৱহাৰিকভাবে গ্ৰহণ কৰে | তেওঁলোকে যিকোনো সমস্যাৰে ৬ টা নীতি জানে | এই নীতিকেইটা কি কি ?
)সকলোৰে সমস্যা আছে - এই পৃথিৱীত জীয়াই থকা প্ৰতিজন মানুহৰে সমস্যা আছে | কোনোবা নিবনুৱা, তেওঁ ভাবে চাকৰি পালেই সকলো সমস্যা শেষ | কিন্তু চাকৰি কৰি থকাজনৰ চাকৰিত বেলেগ সমস্যা আছে | তেওঁ ভাবে অবসৰ ললেই সমস্যা শেষ হব | কিন্তু অবসৰ লোৱাজনৰ বেলেগ নিজা সমস্যা আছে | ইত্যাদি | আনকি কোনো কাম কৰিবলৈ যত্ন নকৰাজনৰো জড়তাৰ সমস্যা আছে | এটা কাম কৰিবলৈ নিজৰ জীৱনৰ মোহো ত্যাগ কৰা জনৰো সমস্যা আছে - তাক অকৃতকাৰ্য্যতাৰ আশংকা বুলি কোৱা হয় | আকৌ চুৰান্তভাৱে সফলজনৰো সমস্যা আছে - তেওঁ ভাবে ইয়াৰ পিছত কি ?
সমস্যা নথকা জীৱন মৰুভূমিত দেখা পোৱা মৰীচিকাৰ দৰে | এই কথাষাৰ প্ৰথমতেই মানি লৈ আগবাঢ়ো |
 
২) সকলো সমস্যা ক্ষণস্থায়ী - সকলো পৰ্ব্বতৰে শিখৰ থাকে, সকলো মহাসাগৰৰে তলি থাকে | জীৱনো এনেকুৱাই - কেতিয়াবা শিখৰৰ ওপৰত, কেতিয়াবা অটল গহ্বৰত | কোনো সমস্যাই স্থায়ী নহয় | সমস্যা আহে আৰু যায় |
৩) প্ৰতিটো সমস্যাৰে যোগাত্মক সম্ভাৱনীয়তা থাকে - প্ৰতিটো মূদ্ৰাৰ দুয়োপিঠিৰ দৰে প্ৰতিটো সমস্যাৰে ভাল আৰু বেয়া দুয়োটা দিশ থাকে | এজনৰ সমস্যা আন এজনৰ বাবে সম্ভাৱনীয়তা হব পাৰে | মানুহৰ অসুখ হয় বাবেহে আস্পতাল পতা হয়, মানুহে নিয়ম উলংঘা কৰে বাবেহে পুলিচ, উকীল, ন্যায়ালয় থাকে |

৪) প্ৰতিটো সমস্যাই আমাক সলনি কৰে - সমস্যা মানে কঠিন সময় আৰু প্ৰতিটো কঠিন সময়ে আমাক সলনি কৰে | এজন সফল চেলচমেনে আগৰ শিক্ষকৰ চাকৰিৰ পৰা খেদা খাইছিল | পিছত এদিন তেওঁ কৈছিল - "I had to get fired before I got fired-up" |
৫) এটা সমস্যাই আমাক কিমানখিনি প্ৰভাৱিত কৰিব সেইটো আমি নিজে ঠিক কৰিব পাৰো - সমস্যাটোৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাথাকিব পাৰে, কিন্তু আমি কেনেকৈ সমস্যাটোৰ মুখামুখি হম তাৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ আছে | সমস্যাটোৰ প্ৰতি আমাৰ প্ৰতিক্ৰিয়াই নিৰ্ধাৰণ কৰিব তাক আমি কিমান সহজে সমাধান কৰিব পাৰিম বা সমস্যাটোৱে কিমান সহজে আমাক অতিক্ৰম কৰিব পাৰিব |

) যোগাত্মক আৰু বিয়োগাত্মক প্ৰতিক্ৰিয়া - প্ৰতিটো সমস্যাৰ সন্মুখীন হোৱা যোগাত্মক আৰু বিয়োগাত্মক দুয়োটা পথেই আছে | কঠিন সময় সফলতাৰে অতিক্ৰম কৰি অহা সকলে যি কোনো সমস্যাৰ প্ৰতি যোগাত্মক প্ৰতিক্ৰিয়া দেখুৱায় |

কিন্তু এটা সমস্যা যদি কোনোপধ্যে সমাধান কৰিব নোৱাৰি তেন্তে কি কৰা হব ? মেনেজ কৰিব লাগিব | When you can’t solve the problem, manage it. কেনেকৈ ? পিছত কেতিয়াবা আলোচনা কৰিম |

No comments:

Post a Comment