Sunday 22 January 2012

গীতা মাহাত্ম্য - শ্ৰীমদ্ভগৱদগীতাৰ চতুৰ্দ্দশ অধ্যায়ৰ শ্লোকখিনিৰ অসমীয়া ভাঙনি

(শ্ৰীকৃষ্ণাই চৰণম নম: | শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণৰ তাত্বিক উপদেশ | ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে গীতাত | আমি অল্পমতি, লিখি যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছো | এই কামটো কৰোতে কেইবাখনো কিতাপৰ সহায় লৈছো |)
চতুৰ্দ্দশ অধ্যায় - গুণত্ৰয়বিভাগযোগ |

শ্ৰীভগৱান উৱাচ -
      পৰং ভূয়: প্ৰৱক্ষ্যামি জ্ঞানানাং জ্ঞানমুত্তমম |
      যজজ্ঞাত্বা মুনয়: সৰ্ব্বে পৰাং সিদ্ধিমিতো গতা: ||
শ্ৰীভগৱানে কলে - পুনৰ (মই তোমাক) সকলো প্ৰকাৰ জ্ঞানতকৈ উত্‍কৃষ্ট (পৰমাৰ্থ) জ্ঞানৰ উপদেশ দিব খুজিছো, যি জ্ঞান লাভ কৰি মুনিসকলে এই সংসাৰত অতিক্ৰম কৰি পৰম সিদ্ধি লাভ কৰে |

      ইদং জ্ঞানমুপাশ্ৰিত্য মম সাধৰ্ম্ম্যমাগতা: |
      সৰ্গেত্‍ পি নোপজায়ন্তে প্ৰলয়ে ন ব্যথন্তি ||
এই জ্ঞান লাভ কৰি মোৰ সমধৰ্ম্মী হোৱাসকলে সৃষ্টি কালতো জন্ম গ্ৰহণ নকৰে আৰু প্ৰলয় কালতো ব্যথিত হব নালাগে |
       মম যোনিৰ্ম্মহদ্ভৃব্ৰক্ষ্ম তস্মিন গৰ্ভং দধাম্যহম |
       সম্ভৱ: সৰ্ব্বভূতানাং ততো ভৱতি ভাৰত ||
হে ভাৰত, মহত্‍ শব্দবাচ্য ব্ৰহ্ম (ত্ৰিগুণাত্মিক প্ৰকৃতি) মোৰ (পৰমেশ্বৰৰ) যোনি অৰ্থাত্‍ গৰ্ভধাৰণ স্থান (সমস্ত চৰাচৰৰ উত্‍পাদনৰ কাৰণ)| মই তাত গৰ্ভ সঞ্চাৰ কৰো (অৰ্থাত্‍ বীজ নিক্ষেপ কৰো) | তাৰ পৰা সমস্ত ভূতৰ উত্‍পত্তি হয় |
       সৰ্ব্বযোনিষু কৌন্তেয় মূৰ্ত্তয়: সম্ভৱন্তি যা: |
       তাসাং ব্ৰক্ষ্ম মহদযোনিৰহং বীজপ্ৰদ: পিতা ||
হে কুন্তীনন্দন, সকলো প্ৰকাৰ যোনিত যিবোৰ দেহাবিশিষ্ট মূৰ্ত্তি অভিব্যক্ত হয়, সেই সকলোবোৰৰে মহত্‍ শব্দ বাচ্য ব্ৰহ্ম (উপাদান কাৰণ) আৰু মই বীজদাতা পিতা (নিমিত্ত কাৰণ) |

       সত্ত্বং ৰজস্তম ইতি গুণা: প্ৰকৃতিসম্ভৱা: |
       নিবধ্নন্তি মহাবাহো দেহে দেহিনমব্যয়ম ||
হে মহাবাহো, প্ৰকৃতিৰ পৰা উত্‍পন্ন হোৱা সত্ত্ব ৰজ: তম: এই তিনিটা গুণে দেহধাৰী অবিনাশী আত্মাক দেহত বান্ধি ৰাখে |

       তত্ৰ সত্ত্বং নিৰ্ম্মলত্বাত্‍ প্ৰকাশকমনাময়ম |
       সুখসঙ্গেন বধ্নাতি জ্ঞানসঙ্গেন চানঘ ||
হে নিষ্পাপ অৰ্জ্জুন, এই তিনিগুণৰ ভিতৰত সত্ত্ব গুণ নিৰ্ম্মল হেতুকে প্ৰকাশক আৰু উপদ্ৰৱ শূণ্য, ই দেহীক সুখাশক্তি আৰু জ্ঞানশক্তিৰ দ্বাৰা বন্ধন কৰে |

       ৰজো ৰাগাত্মকং ৱিদ্ধি তৃষ্ণাসঙ্গসমুদ্ভৱম |
       তন্নিৱধ্নাতি কৌন্তেয় কৰ্ম্মসঙ্গেন দেহিনম ||
হে কুন্তীপুত্ৰ, ৰজো গুণ বিষয়াসক্তি ৰঞ্জিত | ই অপ্ৰাপ্ত বিষয়ৰ প্ৰতি অভিলাষ আৰু প্ৰাপ্ত বিষয়ত প্ৰীতি জন্মায় | সেই ৰজোগুণে দেহীক কৰ্ম্মাসক্তিৰে আবদ্ধ কৰে |

       তমস্ত্বজ্ঞানজং ৱিদ্ধি মোহনং সৰ্ব্বদেহিনাম |
       প্ৰমাদালস্যনিদ্ৰাভিস্তন্নিৰধাতি ভাৰত ||
হে ভাৰত, তমোগুণ অজ্ঞানৰ পৰা উদ্ভৱ হয় | ই সকলো প্ৰাণীৰে মোহজনক | সেই তমোগুণ কৰ্ত্তব্য বিমুখতা, আলস্য, নিদ্ৰাৰ দ্বাৰা জীৱক আবদ্ধ কৰি ৰাখে |

       সত্ত্বং সুখে সঞ্জয়তি ৰজ: কৰ্ম্মণি ভাৰত |
       জ্ঞানমাবৃত্য তু তম: প্ৰমাদে সঞ্জয়ত্যুত ||
সত্ত্ব গুণে দেহীক সুখত নিমগ্ন ৰাখে, ৰজ গুণে বিভিন্ন কামনাৰে কৰ্ম্মত আসক্তি বঢ়ায় আৰু তমোগুণে বিবেকেক আচ্ছাদিত কৰি অৱসাদৰূপ প্ৰমাদগ্ৰস্ত কৰে |

       ৰজস্তমশ্চাভিভুয় সত্ত্বং ভবতি ভাৰত |
       ৰজ: সত্ত্বং তমশ্চৈৱ তম: সত্বং ৰজস্তথা || ১০
হে ভাৰত, সত্ত্ব গুণে ৰজো আৰু তমো গুণক, ৰজো গুণে সত্ত্ব আৰু তমোগুণক আৰু তমো গুণে সত্ত্ব আৰু ৰজোগুণক অভিভূত কৰি প্ৰবল হৈ উঠে |

       সৰ্ব্বদ্বাৰেষু দেহেত্‍ স্মিন প্ৰকাশ উপজায়তে |
       জ্ঞানং যদা তদা বিদ্যাদবিবৃদ্ধং সত্ত্বমিত্যুত || ১১
যেতিয়া এই দেহৰ সমুদায় ইন্দ্ৰিয়ত প্ৰকাশ স্বৰূপ জ্ঞান আবিৰ্ভুত হয় তেতিয়া সত্ত্ব গুণ বৃদ্ধি প্ৰাপ্ত হৈছে বুলি বুজিব লাগে |

       লোভ: প্ৰবৃত্তিৰাৰম্ভ: কৰ্ম্মণামশম: স্পৃহা |
       ৰজস্যেতানি জায়ন্তে বিবৃদ্ধে ভৰতৰ্ষভ || ১২
হে ভাৰতৰ্ষভ, ৰজোগুণ বৃদ্ধিপ্ৰাপ্ত হলে লোভ আদি নানা কৰ্ম্মৰ আৰম্ভ আৰু ভোগ ইচ্ছা উত্‍পন্ন হয় |

       অপ্ৰকাশোত্‍ প্ৰবৃত্তিশ্চ প্ৰমাদো মোহ এৱ চ |
       তমস্যেতানি জায়ন্তে বিবৃদ্ধে কুৰুনন্দন || ১৩
হে কুৰুনন্দন, তমোগুণ বৰ্দ্ধিত হলে অবিবেক, কৰ্ত্তব্য কৰ্ম্মৰ প্ৰতি অবহেলা, প্ৰমাদ আৰু মোহ উত্‍পন্ন হয় |

       যদা সত্ত্বে প্ৰবৃদ্ধে তু প্ৰলয়ং যাতি দেহভৃত্‍ |
       তদোত্তমৱিদাং লোকানমলাম প্ৰতিপদ্যতে || ১৪
যেতিয়া সত্ত্বগুণৰ বৃদ্ধিপ্ৰাপ্ত সময়ত দেহাৰ মৃত্যু ঘটে, তেতিয়া সেইজনৰ তত্ত্বজ্ঞানীসমূহৰ নিৰ্ম্মল লোকসমূহ প্ৰাপ্ত হয় |

       ৰজসি প্ৰলয়ং গত্বা কৰ্ম্মসঙ্গিষু জায়তে |
       তথা প্ৰলীনস্তমসি মূঢ়যোনিষু জায়তে || ১৫
ৰজোগুণৰ বৃদ্ধিকালত মৃত্যু হ’লে কৰ্ম্মাসক্ত মনুষ্যলোকত জন্ম হয়, তেনেকৈয়ে তমোগুণৰ বৃদ্ধিকালত মৃত্যু হলে পশু আদি মূঢ় যোনিত জন্ম হয় |

       কৰ্ম্মণ: সুকৃতস্যাহু: সাত্ত্বিকং নিৰ্ম্মলং ফলম |
       ৰজসস্তু ফলং দু:খমজ্ঞানং তমস: ফলম || ১৬
জ্ঞানীসকলে কয় - সাত্ত্বিক কৰ্ম্মৰ ফল নিৰ্ম্মলতা (চিত্তশুদ্ধি), ৰাজসিক কৰ্ম্মৰ ফল দুখ আৰু তামসিক কৰ্ম্মৰ ফল অজ্ঞান |
       সত্ত্বাত্‍ সঞ্জায়তে জ্ঞানং ৰজসো লোভ এৱ চ |
       প্ৰমাদমোহৌ তমসো ভৱতোত্‍জ্ঞানমেৱ চ || ১৭
সত্ত্বগুণৰ পৰা জ্ঞান আৰু ৰজোগুণৰ পৰা লোভ উত্‍পত্তি হয় | তমোগুণৰ পৰা প্ৰমাদ, মোহ আৰু অজ্ঞান উত্‍পন্ন হয় |
       ঊৰ্দ্ধং গচ্ছন্তি সত্ত্বস্থা মধ্যে তিষ্ঠন্তি ৰাজসা: |
       জঘন্যগুণবৃত্তস্থা অধো গচ্ছন্তি তামসা: || ১৮
সত্ত্বগুণৰ লোকসকল মৃত্যুৰ পাছত ঊৰ্ধ্বলোকলৈ যায়, ৰজোগুণীসকলে মনুষ্যাদি লোকত থাকে আৰু জঘণ্য গুণোদ্ভৱ নিদ্ৰা আলস্যাদিত প্ৰৱৰ্ত্তিত তামসিক লোকবোৰে অধোগামী হয় অৰ্থাত্‍ পশু আদি যোনিত জন্ম গ্ৰহণ কৰে |

       গুণেভ্য: কৰ্ত্তাৰং যদা দ্ৰষ্টাত্‍নুপশ্যতি |
       গুণেভ্যশ্চ পৰং বেত্তি মদ্ভাৱং সোত্‍ ধিগচ্ছতি || ১৯
যেতিয়া গুণবোৰৰ বাহিৰে অন্য কোনো কৰ্ত্তা যিজনে নেদেখে আৰু গুণবোৰৰো ওপৰত থকা (গুণ নিয়ন্তা) পৰম তত্ত্ব আত্মাক জানে, তেতিয়া সেইজনে ঈশ্বৰৰূপ প্ৰাপ্ত হয় |
       গুণানেতাতীত্য ত্ৰীন দেহী দেহসমুদ্ভৱান |
       জন্মমৃত্যুজৰাদু:খৈৰ্বিমুক্তোত্‍মৃতমশ্নুতে || ২০
দেহীয়ে দেহোত্‍পত্তিৰ বীজস্বৰূপ এই তিনি গুণক অতিক্ৰম কৰিব পাৰিলে জন্ম, মৃত্যু আৰু জৰা জনিত দুখৰ পৰা মুক্ত হৈ অমৃতত্ত্ব লাভ কৰে |
অৰ্জ্জুন উৱাচ - 
      কৈৰ্লিঙ্গৈস্ত্ৰীন গুণানেতানতীতো ভৱতি প্ৰভো |
      কিমাচাৰ: কথং চৈতাংস্ত্ৰীন গুণানতিৱৰ্ত্ততে || ২১
অৰ্জ্জুনে ক’লে - হে প্ৰভু, কোনবোৰ লক্ষণৰ দ্বাৰা এজন লোকে এই গুণত্ৰয় অতিক্ৰম কৰিছে বুলি বুজা যায়, তেওঁৰ আচৰণ কেনে আৰু কি কি উপায়ে তেওঁ এই তিনি গুণক অতিক্ৰম কৰে ?
শ্ৰীভগৱান উৱাচ -
        প্ৰকাশঞ্চ প্ৰবৃত্তিঞ্চ মোহমেৱ চ পাণ্ডৱ |
        ন দ্বেষ্টি সম্প্ৰবৃত্তানি ন নিবৃত্তানি কাঙ্ক্ষতি || ২২
শ্ৰীভগৱানে ক’লে - হে পাণ্ডৱ, সত্ত্বগুণৰ উদয়ত প্ৰকাশ, ৰজোগুণৰ উদয়ত কৰ্ম্মচেষ্টা আৰু তমোগুণৰ উদয়ত অজ্ঞানতা উপস্থিত হ’লে যি জনে ইয়াৰ কোনোটোকে দ্বেষ নকৰে আৰু সেইবোৰ নিবৃত্ত হ’লেও কোনোটোকে আগ্ৰহ নকৰে |

        উদাসীনৱদাসীনো গুণৈৰ্য্যো ন বিচাল্যতে |
        গুণা ৱৰ্ত্তন্ত ইত্যেবং যোত্‍ৱতিষ্ঠতি নেঙ্গতে || ২৩
যিজন নিৰপেক্ষৰ দৰে থাকে, গুণসমূহে যাক বিচলিত কৰিব নোৱাৰে, গুণবোৰেই সকলো কামতে ব্যাপৃত আছে বুলি বুজি লৈ যি নিজে স্থিৰ ভাৱে থাকে আৰু আত্মাস্বৰূপৰ পৰা বিচলিত নহয় |
        সমদু:খসুখ: স্বস্থ: সমলোষ্টাশ্মকাঞ্চন: |
        তুল্যপ্ৰিয়াপ্ৰিয়ো ধীৰস্তুল্যনিন্দাত্মসংস্তুতি: || ২৪
যি দুখ সুখত সমজ্ঞানী, আত্ম প্ৰতিষ্ঠা, মাটি, শিল আৰু সোণৰ প্ৰতি একে ভাবাপন্ন, প্ৰিয় আৰু অপ্ৰিয়ত সমবুদ্ধি, ধীৰ স্বভাৱ আৰু নিন্দা বা প্ৰশংসাত সমভাবাপন্ন |
        মানাপমানয়োস্তুল্যস্তল্যো মিত্ৰাৰিপক্ষয়ো: |
        সৰ্ব্বাৰম্ভপৰিত্যাগী গুণাতীত: : উচ্যতে || ২৫
যিজনে মান, অপমানক সমান বুলি ভাবে, মিত্ৰপক্ষ আৰু শত্ৰুপক্ষক একে বিবেচনা কৰে, সকলো দৃষ্টাদৃষ্ট ফলজনক কৰ্ম্ম পৰিত্যাগ কৰে সেইজন গুণাতীত বুলি কথিত হয় |
        মাঞ্চ যোত্‍ব্যভিচাৰেণ ভক্তিযোগেন সেৱতে |
        স গুণান সমতীত্যৈতান ব্ৰক্ষ্মভূয়ায় কল্পতে || ২৬
আৰু যিজনে একান্ত ভক্তি সহকাৰে মোক সেৱা কৰে তেওঁ এই গুণবোৰ অতিক্ৰম কৰি ব্ৰহ্ম স্বৰূপতা লাভৰ যোগ্য হয় |
        ব্ৰক্ষ্মণো হি প্ৰতিষ্ঠাত্‍ হমমৃতস্যাবয়স্য চ |
        শাশ্বতস্য চ ধৰ্ম্মস্য সুখস্যৈকান্তিকস্য চ || ২৭
যিহেতু মই অবিনাশী, পৰম ব্ৰহ্মৰ প্ৰতিষ্ঠান, সনাতন ধৰ্ম্ম আৰু ঐক্যকান্তিক সুখৰো ময়ে আশ্ৰয় |
        ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
           ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
             বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
           গুণত্ৰয়বিভাগযোগো নাম চতুৰ্দ্দশোত্‍ধ্যায়: ||
**********************************************

Saturday 14 January 2012

গীতা মাহাত্ম্য - শ্ৰীমদ্ভগৱদগীতাৰ ত্ৰয়োদশ অধ্যায়ৰ শ্লোকখিনিৰ অসমীয়া ভাঙনি

(শ্ৰীকৃষ্ণাই চৰণম নম: |  শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণৰ তাত্বিক উপদেশ | ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে গীতাত | আমি অল্পমতি, লিখি যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছো | এই কামটো কৰোতে কেইবাখনো কিতাপৰ সহায় লৈছো |)
ত্ৰয়োদশ অধ্যায় - ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞবিভাগযোগ |

অৰ্জ্জুন উৱাচ -
                 প্ৰকৃতিং পুৰুষঞ্চৈৱ ক্ষেত্ৰং ক্ষেত্ৰজ্ঞমেৱ চ |
                এতদৱেদিতুমিচ্ছামি জ্ঞানং জ্ঞেয়ঞ্চ কেশৱ || ১
অৰ্জ্জুনে ক’লে - হে কেশৱ, মই প্ৰকৃতি-পুৰুষ, ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞ, জ্ঞান-জ্ঞেয় এইবিলাকৰ তত্ত্ব জানিব খোজো |

শ্ৰীভগৱান উৱাচ -
                ইদং শৰীৰং কৌন্তেয় ক্ষেত্ৰমিত্যভিধীয়তে |
                এতদ যো বেত্তি তং প্ৰাহু: ক্ষেত্ৰজ্ঞ ইতি তদবিদ: || ২
শ্ৰীভগৱানে ক’লে - হে কৌন্তেয়, এই ভোগায়তন শৰীৰক ক্ষেত্ৰ বুলি কোৱা হয় আৰু যি এই শৰীৰক জানে, অৰ্থাত্‍ উপভোগ কৰে সেইজনক ক্ষেত্ৰজ্ঞ বুলি তত্ত্ববিদসকলে কয় |

                ক্ষেত্ৰজ্ঞঞ্চাপি মাং বিদ্ধি সৰ্ব্বক্ষেত্ৰেষু ভাৰত |
                ক্ষেত্ৰক্ষেত্ৰজ্ঞয়োৰ্জ্ঞানং যত্তজজ্ঞানং মতং মম || ৩
হে ভৰতবংশোদ্ভৱ, সকলো ক্ষেত্ৰতে অৱস্থিত মোকে ক্ষেত্ৰজ্ঞ বুলি জানিবা | মোৰ মতে ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞৰ জ্ঞানেই প্ৰকৃত জ্ঞান |

                তত্‍ ক্ষেত্ৰং যচ্চ যাদৃক চ যদবিকাৰি যতশ্চ যত্‍ |
                স চ যো যত‍প্ৰভাৱশ্চ ত‍ত‍ সমাসেন মে শৃণু || ৪
সেই ক্ষেত্ৰ কি, কি ধৰ্ম্মবিশিষ্ট, কেনে বিকাৰযুক্ত, কিহৰ পৰা তাৰ উত্‍পত্তি আৰি ক্ষেত্ৰজ্ঞনো কোন আৰু তেওঁৰে বা কি প্ৰভাৱ এই সকলোবোৰ মোৰ পৰা সংক্ষেপে শুনা |

                ঋষিভিৰ্বহুধা গীতং ছন্দোভিবিবিধৈ: পৃথক |
                ব্ৰক্ষ্মসূত্ৰপদৈশ্চৈৱ হেতুমদ্ভিৰ্বিনিশ্চতৈ: || ৫
(এই ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিবেক) ঋষিসকলে বহু প্ৰকাৰে বৰ্ণনা কৰিছে, বেদ চতুষ্টয় আৰু তাৰ শাখাসমূহেও বেলেগ বেলেগ ইয়াৰ নিৰ্ণয় কৰিছে, নিশ্চয়াত্মক যুক্তিযুক্ত, ব্ৰক্ষ্মস্বৰূপ বোধক (উপনিষদ) বাক্যসমূহৰ দ্বাৰাও এই তত্ত্ব অসন্দিগ্ধভাৱে প্ৰতিপাদিত হৈছে |

                  মহাভূতান্যঙ্কাৰো বুদ্ধিৰব্যক্তমেৱ চ |
                  ইন্দ্ৰিয়াণি দশৈকঞ্চ পঞ্চ চেন্দ্ৰিয়গোচৰা: || ৬
                  ইচ্ছা দ্বেষ: সুখং দুখং সঙ্ঘাতশ্চেতনা ধৃতি: |
                  এতত্‍ ক্ষেত্ৰং সমাসেন সবিকাৰমুদ্ৰাহৃতম || ৭
(ক্ষিতি অপ তেজ: মৰুত্‍ ব্যোম) এই পঞ্চ মহাভূত, অহঙ্কাৰ বুদ্ধি (মহত্বত্ত্ব) অব্যক্ত (প্ৰকৃতি) মন, দশ ইন্দ্ৰিয় (নাসিকা, জিহ্বা, চক্ষু, ত্বক, কৰ্ণ, বাক, পাণি, পাদ, পায়ু, উপস্থ), পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ বিষয় (গন্ধ, ৰস, ৰূপ, স্পৰ্শ, শব্দ) (যাক সাংখ্যকাৰসকলে চতুৰ্বিংশতি তত্ত্ব বুলি অভিহিত কৰিছে) ইচ্ছা, দ্বেষ, সুখ, দু:খ, সংঘাত, চেতনা, ধৃতি (ধৈৰ্য্য), বিকাৰ, এইবোৰ পদাৰ্থ আৰু যাৱতীয় সবিকাৰ বা পৰিণামী বস্তু সকলোৱেই সংক্ষেপত: ক্ষেত্ৰ বুলি অভিহিত হয় |

                  অমানিত্বমদদ্ভিত্বমহিংসা ক্ষান্তি ৰাৰ্জবম |
                  আচাৰ্যোপাসনং শৌচং স্থৈৰ্যমাত্মবিনিগ্ৰহ: || ৮
                  ইন্দ্ৰিয়াৰ্থেষু বৈৰাগ্যমনহঙ্কাৰ এৱ চ |
                  জন্ম-মৃত্যু-জৰা-ব্যাধি-দু:খ-দোষোনুদৰ্শনম || ৯
                  অসক্তিৰনভিষ্বঙ্গ: পুত্ৰদ্বাৰগৃহাদিষু |
                  নিত্যঞ্চ সমচিত্তত্বমিষ্টানিষ্টোপপত্তি ষু || ১০
                  ময়ি চানন্যযোগেন ভক্তিৰব্যভিচাৰিণী |
                  বিবিক্তদেশসেবিত্বমৰতিৰ্জনসংসদি || ১১
                  অধ্যাত্ম জ্ঞান নিত্যত্বং তত্ত্বজ্ঞানাৰ্থদৰ্শনম |
                  এতজ জ্ঞানমিতি প্ৰোক্তমজ্ঞানং যদতোত্‍ন্যথা || ১২
অমানিত্ব (অভিমনন শূন্যতা), অদাম্ভিকতা, অহিংসা, সহিষ্ণুতা, সৰলতা, গুৰুসেৱা, সদাচাৰ, স্থিৰতা, আত্ম-সংযম, ইন্দ্ৰিয়ৰ ভোগ্যসমূহত বিৰাগ, নিৰহঙ্কাৰতা, জন্ম-মৃত্যু-জৰা-ব্যাধি, দুখ আদি দোষৰ পুন:পুন: আলোচনাৰ মানসিক প্ৰবৃত্তি, বিষয়ৰ প্ৰতি বিৰক্তি, পুত্ৰ-পত্নী, গৃহাদিত অনাসক্তি, ইষ্ট-অনিষ্ট লাভত সদায় সমচিত্ততা, একনিষ্ঠভাৱে মোৰ প্ৰতি অচলা ভক্তি, নিৰ্জ্জন বাসত ৰতি, লোক সমাজত অৰুচি, সদায় অধ্যাত্মজ্ঞানৰ অনুশীলন আৰু তত্ত্বজ্ঞানৰ ফল স্বৰূপ মোক্ষবিষয়ক আলোচনা, এইবোৰকেই জ্ঞান বুলি  কোৱা হয় আৰু ইয়াৰ বিপৰীতে অন্য যিবোৰ আছে সেই সমস্তই অজ্ঞান |

                   জ্ঞেয়ং যত্‍ তত্‍ প্ৰৱক্ষ্যামি যজ জ্ঞাত্বাত্‍মৃতমশ্লুতে |
                   অনাদিমত্‍ পৰং ব্ৰক্ষ্ম ন সত্‍ তন্নাসদুচ্যতে || ১৩
যি জ্ঞেয় তাকো কৈছে - যাক জানিলে অমৃতত্ত্ব (মোক্ষ) লাভ হ’ব পাৰে সেয়ে জ্ঞেয় অনাদি শাশ্বত পৰব্ৰক্ষ্ম | তেওঁক ’সদ’ বা ’অসদ’ একোকে ক’ব নোৱাৰি |

                   সৰ্ব্বত: পাণিপাদং তত্‍ সৰ্ব্বোতোত্‍ ক্ষিশিৰোমুখম |
                   সৰ্ব্ব: শ্ৰুতিমল্লোকে সৰ্ব্বমাবৃত্য তিষ্ঠতি || ১৪
সেই তেওঁ (জ্ঞেয় ব্ৰক্ষ্ম) সকলো দিশে (অনন্ত) হস্ত পদ যুক্ত, তেওঁৰ চকু, মূৰ, সকলো দিশতে (বিদ্যামান), সৰ্ব্বত্ৰ তেওঁৰ শ্ৰৱণেন্দ্ৰিয় বিৰাজমান, বিশ্বৰ সকলো প্ৰাণীৰ শৰীৰকেই নিজ সত্বাৰে (সম্পূৰ্ণভাৱে) আবৃত কৰি তেওঁ বৰ্ত্তমান আছে |

                   সৰ্ব্বেন্দ্ৰিয়গুণাভাসং সৰ্ব্বেন্দ্ৰিয়বিবৰ্জ্জিতম |
                   অসক্তং সৰ্ব্বভৃচ্চৈৱ নিৰ্গুণং গুণভোক্ত্ব চ || ১৫
(সেই জ্ঞেয় ব্ৰক্ষ্ম) সকলো ইন্দ্ৰিয় বৰ্জ্জিত, অথচ সমুদায় ইন্দ্ৰিয়সমূহৰ গুণৰাশি তেওঁত প্ৰতিভাত, তেওঁ একোতে সংলগ্ন নহয়, অথচ যাৱতীয় সকলো পদাৰ্থ ধাৰণ কৰি আছে, তেওঁত কোনো গুণ বিদ্যমান নাই, অথচ তেৱেঁই সকলো গুণ উপভোগ কৰে |

                    বহিৰন্তশ্চ ভূতানামচৰং চৰমেৱ চ |
                    সূক্ষ্মত্বাত্‍ তদবিজ্ঞেয়ং দুৰস্থং চান্তিকে চ তত্‍ || ১৬
(সেই জ্ঞেয় ব্ৰক্ষ্ম) সৰ্ব্বভূতৰ অন্তৰত আৰু বাহিৰতো বিৰাজমান | তেওঁ চৰ (গতিশীল) অথচ অচৰো (স্থিৰ), তেওঁ অতি সূক্ষ্ম হেতুকে জ্ঞানৰ অগোচৰ | তেওঁ (অজ্ঞানীৰ পক্ষে) দুৰস্থ আৰু (জ্ঞানীৰ পক্ষে) সমীপস্থ |

                    অবিভক্তঞ্চ ভুতেষু বিভক্তমিৱ চ স্থিতম |
                    ভূতভৰ্ত্তৃ চ তেজজ্ঞেয়ং গ্ৰসিষ্ণুং প্ৰভবিষ্ণু চ || ১৭
সেই জ্ঞেয় (ব্ৰক্ষ্ম) অবিভক্ত (সমগ্ৰ বিশ্ব তেওঁৰ এক অদ্বিতীয় প্ৰকাশ হেতুকে তেওঁৰ কোনো ভাগ নাই) | সমস্ত জীৱকুলত যেন তেওঁ ভাগ ভাগ হৈ আছে | তেওঁ (সমস্ত জীৱকুলত) প্ৰাণীসমূহৰ প্ৰতিপালক, (প্ৰলয় কালত) গ্ৰাস কৰোতা (সংহাৰক) আৰু (পুষ্টিকালত) তেৱেঁই সৃষ্টিকৰ্ত্তা |

                    জ্যোতিষামপি তজ্জ্যোতিস্তমস: পৰমুচ্যতে |
                    জ্ঞানং জ্ঞেয়ং জ্ঞানগম্যং হৃদি সৰ্ব্বস্য ধিষ্ঠিতম || ১৮
তেওঁ (জ্ঞেয় ব্ৰক্ষ্ম) জ্যোতিষ্ক মণ্ডলীৰ জ্যোতি, তেওঁ অজ্ঞান-স্বৰূপ অন্ধকাৰৰ অতীত, তেওঁ জ্ঞান, তেওঁ জ্ঞেয় আৰু জ্ঞানৰ ফলো তেৱেঁই | (এই তিনি ভাৱত) জ্ঞান, জ্ঞেয় আৰু জ্ঞানফল ৰূপে সকলো প্ৰাণীৰ হৃদয়ত তেৱেঁই (বুদ্ধিত) বিশেষভাৱে অৱস্থিত হৈ আছে |

                    ইতি ক্ষেত্ৰং তথা জ্ঞানং জ্ঞেয়ঞ্চোক্তং সমাসত |
                    মদ্ভক্ত একদবিজ্ঞায় মদ্ভাবায়োপপদ্যতে || ১৯
ক্ষেত্ৰ, জ্ঞান আৰি জ্ঞেয় বস্তুৰ স্বৰূপ সম্বন্ধে সংক্ষেপে কোৱা হ’ল | মোৰ ভক্তই এই তিনিওটিৰ স্বৰূপ ভালকৈ বুজিলে মোক লাভ কৰিবৰ যোগ্য হয় |

                    প্ৰকৃতিং পুৰুষঞ্চৈৱ বিদ্ধ্যনাদী উভাৱপি |
                    বিকাৰাংশ্চ গুণাংশ্চৈৱ বিদ্ধি প্ৰকৃতিসদ্ভাবান || ২০
প্ৰকৃতি আৰু এই উভয়কে অনাদি বুলি জানিবা | দেহ, ইন্দ্ৰিয় আদি বিকাৰসমূহে আৰু সুখ-দুখ আদি গুণসমূহো প্ৰকৃতিৰ পৰাই উদ্ভৱ হৈছে বুলি বুজিবা |

                     কাৰ্য্যকাৰণকৰ্ত্তৃত্বে হেতু: প্ৰকৃতিৰুচ্যতে |
                     পুৰুষ: সুখদু:খানাং ভোক্তৃত্বে হেতুৰুচ্যতে || ২১
কাৰ্য্য কাৰণ আৰু কৰ্ত্তৃত্ব বোধৰ প্ৰতি প্ৰকৃতিক হেতু বুলি কোৱা হয় - (জাগতিক ক্ৰমপৰিণতিৰ স্বাভাবিক নিয়মানুসাৰে কাৰ্য্য-কৰণসমূহ সংঘটিত হ’ব লাগিছে আৰু পুৰুষৰ কৰ্ত্তৃত্বাভিমান বা অহং বুদ্ধিও প্ৰাকৃতিক নিয়মেই উত্‍পন্ন হয়) আৰু সুখ-দুখ আদি ভোগৰ বিষয়ে (ক্ষেত্ৰজ্ঞ) হেতু বুলি কয় | (পুৰুষ কেৱল ভোক্তা, দ্ৰষ্টা বা সাক্ষী | সাংখ্যাচাৰ্য্যসকলেও এইদৰেই কয় |)

                     পুৰুষ: প্ৰকৃতিস্থো হি ভুঙক্তে প্ৰকৃতিজান গুণান |
                     কাৰণং গুণসঙ্গোত স্য সদসদযোনিজন্মসু || ২২
যি হেতুকে পুৰুষে প্ৰকৃতিক আশ্ৰয় কৰি প্ৰকৃতিজাত গুণবোৰ সুখ-দুখ আদি বিষয় ভোগ কৰে, সেই কাৰণে প্ৰকৃতিজাত গুণসমূহত আসক্তিয়েই এই পুৰুষৰ সত্‍ বা অসত্‍ যোনিসমূহত জন্ম লাভৰ কাৰণ হৈ পৰে |

                     উপদ্ৰষ্টানুমন্তা চ ভৰ্ত্তা ভোক্তা মহেশ্বৰ: |
                     পৰমাত্মেতি চাপ্যুক্তো দেহেত্‍ স্মিন পুৰুষ: পৰ: || ২৩
এই দেহত প্ৰকৃতিৰ সকলো ক্ৰিয়াৰ প্ৰত্যক্ষদৰ্শী, অনুমোদনকাৰী, পৰিপালক, ভোক্তা আৰু প্ৰকৃতিৰো নিয়ন্তা (মহেশ্বৰ), পৰম পুৰুষ বিদ্যামান আছে | তেওঁক (শ্ৰুতিত) পৰমাত্মা বুলিও কোৱা হৈছে |

                      যা এৱং বেত্তি পুৰুষং প্ৰকৃতিঞ্চ গুণৈ: সহ |
                      সৰ্ব্বথা বৰ্ত্তমানোত্‍ পি ন স ভুয়োত্‍ ভিজায়তে || ২৪
যি এইদৰে পুৰুষক আৰু গুণসমূহেৰে সৈতে বৰ্ত্তমান প্ৰকৃতিক জানিব পাৰে, তেওঁ সৰ্ব্বপ্ৰকাৰে প্ৰৱৰ্ত্তন আচৰণ কৰিলেও আকৌ এই সংসাৰত জন্ম গ্ৰহণ নকৰে |

                      ধ্যানেনাত্মনি প্ৰশ্যন্তি কেচিদাত্মানমাত্মনা |
                      অন্যে সাংখ্যেন যোগেন কৰ্ম্মযোগেন চাপৰে || ২৫
কোনো কোনো সাধকে বিশুদ্ধ অন্ত:কৰণৰ সহায়ত ধ্যানৰ দ্বাৰা আত্মাত পৰমাত্মাক দেখিবলৈ পায় | কোনোৱে সাংখ্যাযোগৰ (চতুৰ্ব্বিংশতি তত্ত্বাভ্যাসৰ) দ্বাৰা (আত্মদৰ্শন কৰে) আৰু অন্য কিছুমান সাধকে কৰ্ম্মযোগৰ দ্বাৰা (আত্মদৰ্শন লাভ কৰে) |

                     অন্যে ত্বেবমজানন্ত: শ্ৰুতাত্‍ ন্যেভ্য উপাসতে |
                     তেত্‍ পি চাতিতৰন্ত্যেৱ মৃত্যুং শ্ৰুতিপৰায়ণা: || ২৬
আকৌ অন্য কিছুমান সাধকে (পৰমাত্মাদৰ্শনৰ) এইবিলাক পন্থাৰ কোনোটোকে নাজানিলেও আনৰ পৰা (আচাৰ্য্য গুৰু আদিৰ পৰা) শুনি শ্ৰদ্ধাৰে সৈতে উপাসনা কৰে | আচাৰ্য্যসকলৰ উপদেশ বাণীকে বিশ্বাসেৰে সৰোগত কৰি লোৱা সেইসকলেও মৃত্যুক নিশ্চিত অতিক্ৰম কৰিব পাৰে |

                     যাৱত্‍ সঞ্জায়তে কিঞ্চিত্‍ সত্বং স্থাৱৰজঙ্গমম |
                     ক্ষেত্ৰক্ষেত্ৰসংযোগাত্‍ তদবিদ্ধি ভৰতৰ্ষভ || ২৭
হে ভাৰত কুল প্ৰদীপ, স্থাৱৰ আৰু জঙ্গমত যি কোনো বস্তু উত্‍পন্ন হয়, সেই সমস্তই ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞৰ সংযোগত উত্‍পন্ন বুলি জানিবা |

                      সমং সৰ্ব্বেষু ভূতেষু তিষ্ঠন্তং পৰমেশ্বৰম |
                      বিনশ্যত্‍ স্ববিনশ্যন্তং য: পশ্যতি স পশ্যতি || ২৮
ব্ৰক্ষ্মাদি স্থাৱৰান্ত সকলো বিনাশশীল প্ৰাণীত অবিনাশী আৰু সমভাৱে বিদ্যমান থকা পৰমেশ্বৰক যিজনে দেখিবলৈ পায়, তেওঁ (প্ৰকৃততে পৰমাত্মাতত্ত্ব) দৰ্শন কৰে |

                     সমং পশ্যম হি সৰ্ব্বত্ৰ সমৱস্থিতমীশ্বৰম |
                     ন হিতস্ত্যাত্মনাত্মানং ততো যাতি পৰাং গতিম || ২৯
যি হেতুকে সকলো প্ৰাণীত সমভাৱে অৱস্থান কৰা ঈশ্বৰক দেখিবলৈ পোৱা জনে নিজে নিজক হিংসা নকৰে তাৰ ফলত তেওঁ পৰম গতি (মোক্ষ) লাভ কৰে |

                     প্ৰকৃতৈব্য চ কৰ্ম্মাণি ক্ৰিয়মাণানি সৰ্ব্বশ: |
                     য: পশ্যতি তথাত্মানমকৰ্ত্তাৰং স পশ্যতি || ৩০
জাগতিক সকলো কৰ্ম্ম প্ৰকৃতি দ্বাৰায়েই সৰ্ব্বপ্ৰকাৰে সম্পাদিত হৈ আছে, আত্মাই (ক্ষেত্ৰজ্ঞই) একো নকৰে, যি এইদৰে জানে, তেওঁ (প্ৰকৃততে পৰমাত্মা) দৰ্শন কৰে |

                     যদা ভূতপৃথগ ভাৱমেকস্থমনুপশ্যতি |
                     তত এৱ চ বিস্তাৰং ব্ৰক্ষ্ম সম্পদ্যতে তদা || ৩১
যেতিয়া সাধকে প্ৰাণসমূহৰ পৃথকভাবক (নানা ভাবক) একমাত্ৰ ব্ৰক্ষ্মতে অৱস্থিত দেখে আৰু (এই সমগ্ৰ জগতৰ) ব্ৰক্ষ্মৰ পৰাই উত্‍পত্তি বা বিকাশ ঘটিছে বুলি অনুভৱ কৰে, তেতিয়া তেওঁ ব্ৰক্ষ্ম স্বৰূপ হয় (অৰ্থাত্‍ মোক্ষলাভ কৰে) |

                     অনাদিত্বান্নিৰ্গুণত্বাত্‍ পৰমাত্মাত্‍য়মব্যয়: |
                     শৰীৰস্থোত পি কৌন্তেয় ন কৰোতি ন লিপ্যতে || ৩২
হে কুন্তীনন্দন, এই পৰমাত্মা অনাদি আৰু নিৰ্গুণ | সেই কাৰণে ই অবিনাশী (নিত্য) | (এই পৰমাত্মা ক্ষেত্ৰজ্ঞ বা জীৱাত্মা স্বৰূপে) জীৱ শৰীৰত অৱস্থিত হলেও একো নকৰে আৰু একোতে (পাপ পুণ্যৰ দ্বাৰা) লিপ্ত নহয় |

                     যথা সৰ্ব্বগতং সৌক্ষ্ম্যাদাকাশং নোপলিপ্যতে |
                     সৰ্ব্বত্ৰাৱস্থিতো দেহে তথাত্মা নোপলিপ্যতে || ৩৩
যেনেকৈ আকাশ সৰ্ব্বত্ৰ বিদ্যমান হ’লেও অতি সূক্ষ্মভাৱে কোনো বস্তুত লিপ্ত নহয়, সেইদৰে আত্মাও জীৱ শৰীৰত সৰ্ব্বব্যাপী থাকিলেও (সমগ্ৰ দেহত আত্মাৰ অস্তিত্বৰ বিদ্যামানতা সত্বেও) একোতে সম্বন্ধ নহয় |

                     যথা প্ৰকাশয়ত্যেক: কৃত্‍স্নং লোকমিমং ৰবি: |
                     ক্ষেত্ৰং ক্ষেত্ৰী তথা কৃত্‍স্নং প্ৰকাশয়তি ভাৰত || ৩৪
হে ভাৰত, যেনেকৈ এক সূৰ্য্যই সমস্ত জগত প্ৰকাশ কৰে, সেইদৰে ক্ষেত্ৰজ্ঞ পুৰুষেও (আত্মাই) সমস্ত (দেহকে) প্ৰকাশ কৰে |

                    ক্ষেত্ৰক্ষেত্ৰজ্ঞয়োৰেৱমন্তৰং জ্ঞানচক্ষুষা |
                    ভূতপ্ৰকৃতিমোক্ষঞ্চ যে বিদুৰ্যান্তি তে পৰম || ৩৫
এইদৰে ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞৰ প্ৰভেদ আৰু প্ৰাণীসমূহৰ প্ৰকৃতিৰ বন্ধনৰ পৰা মুক্তিলাভ যিসকলে জ্ঞানচক্ষুৰে হৃদয়ঙ্গম কৰিব পাৰে, সেইসকলে পৰম পদ (ব্ৰক্ষ্ম) লাভ কৰে |

                      ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
                           ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
                                বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
                        ক্ষেত্ৰ-ক্ষেত্ৰজ্ঞবিভাগযোগো নাম ত্ৰয়োদশোত্‍ধ্যায়: ||
**********************************************************************

Tuesday 10 January 2012

শ্ৰীমদ্ভগৱদগীতাৰ দ্বাদশ অধ্যায়ৰ শ্লোকখিনিৰ অসমীয়া ভাঙনি

(শ্ৰীকৃষ্ণাই চৰণম নম: |  শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণৰ তাত্বিক উপদেশ | ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে গীতাত | আমি অল্পমতি, লিখি যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছো | এই কামটো কৰোতে কেইবাখনো কিতাপৰ সহায় লৈছো |)

দ্বাদশ অধ্যায় - ভক্তিযোগ |

অৰ্জ্জুন উৱাচ -
             এবং সততযুক্তা যে ভক্তাস্ত্বাং পৰ্য্যুপাসতে |
             যে চাপ্যক্ষৰমব্যক্তং তেষাং কে যোগবিত্তমা: || ১
অৰ্জ্জুনে ক’লে - এইদৰে যিসকল ভক্তই সৰ্ব্বদা অনন্যপৰায়ণ হৈ তোমাক (সগুণ ব্ৰক্ষ্মক - বিশ্বৰূপক) উপাসনা কৰে আৰু যিসকলে ইন্দ্ৰিয়াদিৰ অগোচৰ (নাম-ৰূপ বৰ্জ্জিত) অক্ষৰ পৰব্ৰক্ষ্মক (নিৰ্গুণ ব্ৰক্ষ্মক) উপাসনা কৰে - এই উভয়বিধ উপাসকৰ ভিতৰত কোনবিধ শ্ৰেষ্ঠ যোগী ?  

শ্ৰীভগৱান উৱাচ -
              ময্যাবেশ্য মনো যে মাংস নিত্যযুক্তা উপাসতে |
              শ্ৰদ্ধয়া পৰয়োপেতাস্তে মে যুক্ততমা মতা: || ২
শ্ৰীভগৱানে ক’লে - হে অৰ্জ্জুন, যিসকলে মোতে (সগুণ ঈশ্বৰ ৰূপত) চিত্ত নিবিষ্ট কৰি নিত্যযুক্ত হৈ পৰম শ্ৰদ্ধা সহকাৰে মোৰ উপাসনা কৰে সেই সকলেই শ্ৰষ্ঠ যোগী বুলি মই বিবেচনা কৰোঁ |

              যে ত্বক্ষৰমনিৰ্দ্দেশ্যমব্যক্তং পৰ্য্যুপাসতে |
              সৰ্ব্বত্ৰগমচিন্ত্যঞ্চ কুটস্থমচলং ধ্ৰুবম || ৩
              সংনিয়ম্যেন্দ্ৰিয়গ্ৰামং সৰ্ব্বত্ৰ সমবুদ্ধয়: |
              তে প্ৰাপ্নু মামেব সৰ্ব্বভূতহিতে ৰতা: || ৪
কিন্তু যিসকলে সৰ্ব্বত্ৰ ব্ৰক্ষ্ম দৃষ্টি পৰায়ণ হৈ সকলো জীৱৰ হিতসাধনত নিজক নিযুক্ত কৰি, ইন্দ্ৰিয়বোৰক (বাহ্যবিষয়ৰ আকৰ্ষণৰ পৰা) যথাযথভাৱে সংযত ৰাখি সৰ্ব্বগামী, অচিন্ত্যনীয়, নিৰ্ব্বিকাৰ, নিষ্ক্ৰিয়, সনাতন, অনিৰ্দ্দেশ্য আৰু অব্যক্ত অক্ষৰ ব্ৰক্ষ্মক উপাসনা কৰে, তেওঁলোকেও মোকেই লাভ কৰে | 

              ক্লেশোত্‍ ধিকতৰস্তেষামব্যক্তাসক্তচেতসাম |
              অব্যক্তা হি গতিৰ্দু:খং দেহৱদ্ভিৱাপ্যতে || ৫
সেই অব্যক্ত অৰ্থাত্‍ নিৰুপাধি ব্ৰক্ষ্মত চিত্ত আসক্ত হোৱা সকলৰ (সিদ্ধিলাভ কৰিবলৈ) ক্লেশ অধিকতৰ হয় | কাৰণ যেতিয়ালৈকে দেহাভিমান থাকে, তেতিয়ালৈকে অব্যক্ত উপাসনাত সিদ্ধি লাভ কৰা অতি কষ্টসাধ্য হয় |

              যে তু সৰ্ব্বাণি কৰ্ম্মাণি ময়ি সংন্যস্য মত্‍পৰা: |
              অনদ্যেনৈৱ যোগেন মাং ধ্যায়ন্ত উপাসতে || ৬
              তেষামহং সমুদ্ধৰ্ত্তা মৃত্যুসংসাৰসাগৰাত্‍ |
              ভৱামি ন চিৰাত্‍ পাৰ্থ ম ষ্যাবেশিতচেতসাম || ৭
যিসকলে সকলো কৰ্ম্ম মোতে সমৰ্পণ কৰি একান্তভাৱে মোতে চিত্তযুক্ত কৰি মোৰ ধ্যানতে ৰত হৈ মোৰ উপাসনা কৰে, হে অৰ্জ্জুন, সেই মদগতচিত্ত ভক্তসকলৰ মই মৃত্যু ৰূপ সংসাৰ সাগৰৰ পৰা অচিৰে উদ্ধাৰ কৰ্ত্তা হওঁ |

              ময্যেৱ মন আধত্‍স্ব ময়ি বুদ্ধিং নিৱেশয় |
              নিৱসিষ্যসি ময্যেৱ অত ঊৰ্ধ্বং ন সংশয়: || ৮
তুমি মোতে মন স্থিৰ কৰী, মোতে বুদ্ধি সন্নিবিষ্ট কৰা, তাৰ পাচত দেহান্ত হ’লে মোতে বাস কৰিবা তাত কোনো সংশয় নাই |

              অথ চিত্তং সমাধাতুং ন শক্লোষি ময়ি স্থিৰম |
              অভ্যাসযোগেন ততো মামিচ্ছাপ্তুং ধনঞ্জয় || ৯
হে ধনঞ্জয়, তুমি যদি মোতে স্থিৰভাৱে চিত্তক সমাহিত কৰিব নোৱাৰা, তেন্তে অভ্যাস যোগৰ দ্বাৰা চিত্তক অন্য সকলো বিষয়ৰ পৰা পত্যাহাৰ কৰি মোক লাভ কৰিবলৈ যত্ন কৰা |

              অভ্যাসেত্‍ প্যসমৰ্থোত্‍ সি মত্‍কৰ্ম্মপৰমো ভৱ |
              মদৰ্থমপি কৰ্ম্মাণি কুৰ্ব্বন সিদ্ধিমৱাপ্স্যসি || ১০
যদি অভ্যাস যোগতো অসমৰ্থ হোৱা, তেন্তে মোৰ প্ৰীতিৰ নিমিত্তে যাৱতীয় কৰ্ম্ম কৰাতো তোমাৰ লক্ষ্য কৰি লোৱা | মোৰ নিমিত্তে কৰ্ম্মসমূহৰ আচৰণ কৰোতে কৰোতেই সিদ্ধি লাভ কৰিব পাৰিবা |

              অথৈতদপ্যশক্তোত্‍ সি কৰ্ত্তুং মদযোগমাশ্ৰিত: |
              সৰ্ব্বকৰ্ম্মফলত্যাগং তত: কুৰু যতাত্মবান || ১১
যদি ইয়াকো কৰিবলৈ অসমৰ্থ হোৱা, মোৰ যোগ আশ্ৰয় কৰি (অৰ্থাত্‍ সকলো ঈশ্বৰৰ কৰ্ম্ম মোৰ দ্বাৰা কৰাইছে এই ভাৱনাৰে) সংযত চিত্ত হৈ সৰ্ব্ব কৰ্ম্মৰ ফলত্যাগ কৰা | অৰ্থাত্‍ ঈশ্বৰহে কৰ্ম্মফল দাতা এই বিশ্বাস কৰি সকলো কৰ্ম্মৰ ফল মোত অৰ্পণ কৰা | 

               শ্ৰেয়ো হি জ্ঞানমভ্যাসাজ জ্ঞানাদ্ধ্যানং বিশিষ্যতে |
               ধ্যানাং কৰ্ম্মফলত্যাগস্ত্যাগাচ্ছান্তিৰনন্তৰম || ১২
অবিবেক পূৰ্ব্বক অভ্যাস যোগতকৈ জ্ঞান শ্ৰেষ্ঠ, জ্ঞানতকৈ ধ্যান শ্ৰেষ্ঠ, ধ্যানতকৈ কৰ্ম্মফল ত্যাগ শ্ৰেষ্ঠ, ত্যাগৰ পাছত শান্তি লাভ হয় (কৰ্ম্মফলৰ আকাঙ্ক্ষা থাকিলে শান্তি লাভ কৰিব নোৱাৰে) |

               অদ্বেষ্টা সৰ্ব্বভূতানাং মৈত্ৰ: কৰুণ এৱ চ |
               নিৰ্ম্মমো নিৰহঙ্কাৰ: সমদু:খ ক্ষমী || ১৩
               সন্তুষ্ট: সততং যোগী যতাত্মা দৃঢ়নিশ্চয়: |
               ময্যৰ্পিতমনোবুদ্ধিৰ্য্যো মদ ভক্ত: স মে প্ৰিয়: || ১৪
মোৰ যিজন ভক্ত সকলো প্ৰাণীৰ প্ৰতি হিংসাশূন্য, মিত্ৰ ভাৱাপন্ন আৰু দয়ালু, যাৰ মোৰ (মন) আৰু মই (অহঙ্কাৰ) ভাব নাই, যাৰ দুখ সুখ সমান, যি ক্ষমাশীল, সদাসন্তুষ্ট, সংযত স্বভাৱ আৰু (তত্ত্বজ্ঞান লাভৰ কাৰণে) দৃঢ় অধ্যাৱসায়ী, যাৰ মন আৰু বুদ্ধি মোত সমৰ্পিত তেৱেঁই মোৰ প্ৰিয় | 

               যস্মান্নোদ্বিজতে লোকো লোকান্নোদ্বিজতে চ য: |
               হৰ্ষামৰ্ষভয়োদ্বেগৈৰ্মুক্তো য: স চ মে প্ৰিয়: || ১৫
যাৰ পৰা জগতৰ কোনো প্ৰাণীয়ে উদ্বেগ নহয় আৰু যি নিজেও কোনো প্ৰাণীৰ পৰা উদ্বেগ বোধ নকৰে, যি আনন্দ, ক্ৰোধ, ভয় আৰু উদ্বেগৰ পৰা মুক্ত তেওঁ মোৰ প্ৰিয় |

               অনপেক্ষ: শুচিৰ্দক্ষ: উদাসীনো গতব্যথ: |
               সৰ্ব্বাৰম্ভপৰিত্যাগী যো মদ্ভক্ত: স মে প্ৰিয়: || ১৬
মোৰ যিজন ভক্ত নিস্পৃহ, পৱিত্ৰ, কৰ্ম্মকুশল, উদাসীন, ব্যাথাহীন আৰু সকাম কৰ্ম্ম পৰিত্যাগী, তেওঁ মোৰ প্ৰিয় |

              যো ন হৃষ্যতি ন দ্বেষ্টি ন শোচতি ন কাঙ্ক্ষতি |
              শুভাশুভপৰিত্যাগী ভক্তিমান য: স মে প্ৰিয়: || ১৭
যাৰ (ইষ্ট প্ৰাপ্তিত) আনন্দ নাই, (অনিষ্ট লাভত) ক্ৰোধ নাই, (প্ৰিয় বিয়োগত) শোক নাই আৰু (অপ্ৰাপ্ত বস্তুলৈ) আকাঙ্ক্ষা নাই, যি শুভ-অশুভ উভয়কে পৰিত্যাগ কৰিছে, যি ভক্তিমান, তেওঁ মোৰ প্ৰিয় |

               সম: শত্ৰৌ চ মিত্ৰে চ তথা মানাপমানয়ো: |
              শীতোষ্ণসুখদু:খেষু সম: সঙ্গবিবৰ্জ্জিত: | ১৮
              তুল্যনিন্দাস্তুতিৰ্ম্মৌনী সন্তুষ্টো যেন কেনচিত্‍ |
              অনিকেত: স্থিৰমতিৰ্ভক্তিমান মে প্ৰিয়ো নৰ: || ১৯
যি সকলো প্ৰকাৰ বিষয়াসক্তি পৰিত্যাগ কৰি শত্ৰু-মিত্ৰ, মান-অপমান, জাৰ-জহ, সুখ-দুখ, নিন্দা-প্ৰশংসা সকলোতে সমভাৱাপন্ন, যাৰ বাক্য সংযত, যাৰ সকলো অৱস্থাতে সন্তুষ্ট, যাৰ নিৰ্দ্দিষ্ট বাসস্থান নাই, যাৰ চিত্ত অবিচলিত সেই ভক্তিমান পুৰুষ মোৰ প্ৰিয় |

               যে তু ধৰ্ম্মামৃতমিদং যথোক্তং পৰ্য্যুপাসতে |
               শ্ৰদ্দধানা মত্‍পৰমা ভক্তাস্তৈত্‍তীৱ মে প্ৰিয়া: || ২০
যি সকল শ্ৰদ্ধাশীল ভক্তই এই অমৃতময় ধৰ্ম্মোপদেশ যথোক্ত ভাবে গ্ৰহণ কৰি পালন কৰিব পাৰে, তেওঁলোক মোৰ অতিশয় প্ৰিয় হয় |

                   ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
                        ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
                            বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
                               ভক্তিযোগো নাম দ্বাদশোত্‍ধ্যায়: ||
*********************************************************

Sunday 8 January 2012

শ্ৰীমদ্ভগৱদগীতাৰ একাদশ অধ্যায়ৰ শ্লোকখিনিৰ অসমীয়া ভাঙনি

(শ্ৰীকৃষ্ণাই চৰণম নম: |  শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণৰ তাত্বিক উপদেশ | ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে গীতাত | আমি অল্পমতি, লিখি যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছো | এই কামটো কৰোতে কেইবাখনো কিতাপৰ সহায় লৈছো |)
একাদশ অধ্যায় - বিশ্বৰূপদৰ্শনযোগ: |

অৰ্জ্জুন উৱাচ -
             মদনুগ্ৰহায় পৰমং গুহ্যমধ্যাত্মসংজ্ঞিতম |
             যত্‍ ত্বয়োক্তং বচস্তেন মোহোত্‍য়ং বিগতো মম || ১
অৰ্জ্জুনে ক’লে - মোৰ প্ৰতি তুমি কৃপাপৰবশ হৈ আধ্যাত্ম তত্ত্ব (আত্মা আৰু অনাত্মাৰ বিবেক প্ৰকাশক) বিষয়ক যিবোৰ পৰম গোপনীয় উপদেশ দিলা, তাৰদ্বাৰা মোৰ এই মোহ দূৰ হ’ল |

             ভৱাপ্যয়ৌ হি ভুতানাং শ্ৰুতৌ বিস্তৰশো ময়া |
             ত্বত্ত: কমলপত্ৰাক্ষ মাহাত্ম্যমপি চাব্যয়ম || ২
হে কমললোচন, মই তোমাৰ পৰা সকলো প্ৰাণীৰ উত্‍পত্তি, প্ৰলয় আৰু তোমাৰ নিত্য ঐশ্বৰ্য্য বিষয়ক সমস্ত কথা বিস্তৃতভাৱে শুনিলো |

             এৱমেতদ যথাত্থ ত্বমাত্মানং পৰমেশ্বৰ |
             দ্ৰষ্টুমিচ্ছামি তে ৰূপমৈশ্বৰং পুৰুষোত্তম || ৩
হে পৰমেশ্বৰ, তুমি তোমাৰ ঐশ্বৰিক ৰূপ যি ভাবে বৰ্ণনা কৰিলা, সেই সকলো যথাৰ্থ বুলি মোৰ বিশ্বাস হৈছে | হে পুৰুষোত্ত্ম, তোমাৰ সেই ঐশ্বৰিক ৰূপ দৰ্শনৰ মোৰ অভিলাষ হৈছে |

              মন্যসে যদি তচ্ছক্যং ময়া দ্ৰষ্টুমিতি প্ৰভো |
             যোগেশ্বৰ ততো মে ত্বং দৰ্শয়াত্মানমব্যয়ম || ৪
হে প্ৰভু, মই যদি সেই ৰূপ দৰ্শনৰ উপযুক্ত পাত্ৰ বুলি ভাবা, তেন্তে হে যোগেশ্বৰ, তোমাৰ অবিনাশী নিজ স্বৰূপ দৰ্শন কৰোৱা |

শ্ৰীভগৱান উৱাচ -
              পশ্য মে পাৰ্থ ৰূপাণি শতশোত্‍ থ সহস্ৰ: |
              নানাবিধানি দিব্যানি নানাবৰ্ণাকৃতীনি চ || ৫
শ্ৰীভগৱানে ক’লে - হে পাৰ্থ, তুমি নানা বৰ্ণৰ, নানা আকৃতিৰ মোৰ নানাবিধ শ শ আৰু হাজাৰ হাজাৰ দিব্য ৰূপ দৰ্শন কৰা | 

              পশ্যাদিত্যান বসূন ৰুদ্ৰানশ্বিনৌ মৰুতস্তথা |
              বহুন্যদৃষ্টপূৰ্ব্বাণি পশ্যাশ্চৰ্য্যাণি ভাৰত || ৬
হে ভাৰত, (মোৰ শৰীৰৰ ভিতৰত) দ্বাদশ আদিত্য, অষ্টবসু, একাদশ ৰুদ্ৰ, অশ্বিনীকুমাৰদ্বয়, ঊনপঞ্চাশত্‍ বায়ু আৰু আগেয়ে নেদেখা আশ্বৰ্য্যজনক বহু পদাৰ্থ চোৱাঁ |

              ইহৈকস্থং জগত্‍ কৃত্‍স্নং পশ্যাদ্য সচৰাচৰম |
              মম দেহে গুড়াকেশ যচ্ছান্যদ দ্ৰষ্টুমিচ্ছসি || ৭
হে গুৰাকেশ, মোৰ এই শৰীৰত সচৰাচৰ সমস্ত জগত্‍ একত্ৰিতভাৱে তুমি চোঁৱা | ইয়াৰ বাহিৰেও তোমাৰ যি চাবলৈ ইচ্ছা হয় তাকো চোঁৱা |

              ন তু মাং শক্যসে দ্ৰষ্টুমননৈৱ স্বচক্ষুষা |
             দিব্যং দদামি তে চক্ষু: পশ্য মে যোগমৈশ্বৰম || ৮
কিন্তু তোমাৰ এই চৰ্ম্ম চক্ষুৰ দ্বাৰা মোৰ এই ৰূপ দেখিবলৈ সমৰ্থ নহবা, সেই কাৰণে মই তোমাক (অলৌকিক) জ্ঞানময় চক্ষু প্ৰদান কৰিছো, তুমি মোৰ ঐশ্বৰ্য্যপূৰ্ণ যোগ সামৰ্থ দৰ্শন কৰা |

সঞ্জয় উৱাচ -
             এবমুক্ত্বা ততো ৰাজন মহাযোগেশ্বৰো হবি: |
             দৰ্শয়ামাস পাৰ্থায় পৰমং ৰূপমৈশ্বৰম || ৯
সঞ্জয়ে ক’লে - হে মহাৰাজ (ধৃতৰাষ্ট্ৰ), এইদৰে কৈ মহা যোগেশ্বৰ শ্ৰীকৃষ্ণই অৰ্জ্জুনক পৰম ঐশ্বৰিক ৰূপ দৰ্শন কৰালে |

              অনেকবক্তনয়নমনেকাদ্ভুতদৰ্শনম |
              অনেকদিব্যাভৰণং দিব্যানেকোদ্যতায়ুধম || ১০
              দিব্যমাল্যাম্বৰধৰং দিব্যগন্ধানুলেপনম |
              সৰ্ব্বাশ্চৰ্য্যময়ং দেৱমনন্তং বিশ্বতোমুখম || ১১
সেই ৰূপ অনেক মুখ আৰু অনেক নেত্ৰ বিশিষ্ট বহু বিস্ময়কৰ দৰ্শনীয়, অসংখ্য স্বৰ্গীয় আভৰণৰ দ্বাৰা সুশোভিত, অনেক উদ্যত দিব্য অস্ত্ৰ-শস্ত্ৰধাৰী | সেই দেহ দিব্য বস্ত্ৰ আৰু  মাল্য শোভিত, স্বৰ্গীয় সুগন্ধি দ্ৰব্যৰ দ্বাৰা অনুলিপ্ত, জগতৰ যাৱতীয় বিস্ময়কৰ বস্তু সেই দেহত বিৰাজমান, সেই দেহ জ্যোতিৰ্ম্ময়, অনন্ত আৰু সৰ্ব্বতো মুখবিশিষ্ট |

              দিবি সূৰ্য্যসহস্ৰস্য ভবেদ যুগপদুত্থিতা |
              যদি ভা: সদৃশী সা স্যাদ্ভাসস্তস্য মহাত্মন: || ১২
আকাশত যদি সহস্ৰ সূৰ্য্য একেলগে উদয় হয় তেতিয়াহলে সেই প্ৰভা এই সৰ্ব্বব্যাপী পৰমেশ্বৰৰ প্ৰভাৱ কথঞ্চিত তুলনা হব পাৰে |

               তত্ৰৈকস্থং জগত্‍ কৃত্‍স্নং প্ৰৱিভক্তমনেকথা |
               অপশ্যদ্দেৱদেৱস্য শৰীৰে পাণ্ডৱস্তদা || ১৩
তেতিয়া অৰ্জ্জুনে দেৱতাৰো দেৱতা পৰমেশ্বৰৰ নানা ভাবে বিভক্ত সমস্ত বিশ্ব ব্ৰক্ষ্মাণ্ডখন একত্ৰ অৱস্থিত যেন দেখিবলৈ পালে |

                তত: স বিস্ময়াৰিষ্টো হৃষ্টৰোমা ধনঞ্জয়: |
                প্ৰণম্য শিৰসা দেৱং কৃতাঞ্জলিৰভাষত || ১৪
তেতিয়া বিস্ময়াপন্ন, ৰোমাঞ্চিত কলেৱৰ অৰ্জ্জুনে দেৱদেৱ শ্ৰীকৃষ্ণক অৱনত মস্তকে সেৱা কৰি কৃতাঞ্জলি হৈ স্তুতি কৰিবলৈ ধৰিলে |

অৰ্জ্জুন উৱাচ -
                পশ্যামি দেৱাংস্তৱ দেৱ দেহে
                          সৰ্ব্বাংস্তথা ভূতবিশেষসঙ্ঘান |
                ব্ৰক্ষ্মাণমীশং কমলাসনস্থ
                          মৃষীংশ্চ সৰ্ব্বানুৰগাংশ্চ দিব্যান || ১৫
অৰ্জ্জুনে ক’লে - হে দেৱ, মই তোমাৰ দেহত সমস্ত দেৱতা, সমস্ত প্ৰাণীসমূহ, কমলাসনত ব্ৰক্ষ্মা, মহেশ্বৰ, বাসুকি প্ৰভৃতি দিব্য সৰ্পজাতিসমূহ সকলো দেখিছোঁ |

                অনেকবাহুদৰবক্ত্ৰ নেত্ৰং
                          পশ্যামি ত্বাং সৰ্ব্বতোত্‍নস্তৰূপম |
                নান্তং ন মধ্যাং ন পুনস্তৱাদিং
                          পশ্যামি বিশ্বেশ্বৰ বিশ্বৰূপ || ১৬
হে বিশ্বৰূপ, হে বিশ্বেশ্বৰ, সৰ্ব্বত্ৰ তোমাত অনেক বাহু, অনেক উদৰ, অনেক মুখ, অনেক চক্ষু বিশিষ্ট সৰ্ব্বপ্ৰকাৰ অনন্ত ৰূপ দেখিছোঁ | তোমাৰ আদি, মধ্য, অন্ত আদিৰ একোৱে উৱাদিহ পোৱা নাই |

                কিৰীটিনং গদিনং চক্ৰিগঞ্চ
                         তেজোৰাশিং সৰ্ব্বতো দীপ্তিমন্তম |
                 পশ্যামি ত্বাং দুৰ্নিৰীক্ষ্যং সমন্তাদ
                         দীপ্তানলাৰ্কদ্যুতিম প্ৰমেয়ম ||১৭
কিৰীটি, গদা, চক্ৰধাৰী সৰ্ব্বত্ৰ দীপ্তমান তেজ:পুঞ্জবিশিষ্ট প্ৰদীপ্ত অগ্নি আৰু সূৰ্য্যৰ দৰে দুৰ্নীৰিক্ষ্যজ্যোতি: পৰিব্যাপ্ত তোমাক দেখিছোঁ | তুমি যে কিমান বৃহত্‍ তাম নিৰ্ণয় কৰিব নোৱাৰি |

                 ত্বমক্ষৰং পৰমং বেদতব্যং
                          ত্বমস্য বিশ্বস্য পৰং নিধানম |
                 ত্বমব্যয়: শাশ্বতধৰ্ম্মেগোপ্তা
                          সনাতনস্ত্বং পুৰুষো মতো মে || ১৮
তুমিয়েই পৰম জ্ঞাতব্য অক্ষৰ ব্ৰক্ষ্ম, তুমি এই বিশ্বৰ সৰ্ব্বশ্ৰেষ্ঠ আশ্ৰয়, তুমি সনাতন ধৰ্ম্মৰ ৰক্ষাকৰ্ত্তা | মোৰ বিবেচনা মতে তুমিয়েই একনাত্ৰ সনাতন পুৰুষ |

                 অনাদিমধ্যান্তমনন্তবীৰ্য্য
                           মনন্তবাহুং শশিসূৰ্য্যনেত্ৰম |
                 পশ্যামি ত্বাং দীপ্তহুতাশবক্ত্ৰং
                           স্বতেজসা বিশ্বমিদং তপন্তম || ১৯
তোমাৰ আদি, মধ্য বা অন্ত একো নাই, তোমাৰ শক্তি অনন্ত, চন্দ্ৰ আৰু সূৰ্য্য তোমাৰ দুই চকু, প্ৰদীপ্ত হুতাশন তোমাৰ মুখ | মই দেখিছোঁ - তুমি নিজ তেজৰ প্ৰভাৱত এই বিশ্বক সন্তৰ্পিত কৰিছা |

                 দ্যাবাপৃথিব্যোবিদমন্তৰং হি
                           ব্যাপ্তং ত্বয়ৈকেন দিশশ্চ সৰ্ব্বা : |
                 দৃষ্ট্বাদ্ভুতং ৰূপমুগ্ৰং তবেদং
                           লোকত্ৰয়ং প্ৰব্যথিতং মহাত্মান || ২০
স্বৰ্গ আৰু পৃথিৱীৰ সকলো ঠাই আৰু দশোদিশ একমাত্ৰ তুমিয়েই ব্যাপী আছা, (সেই হেতুকে) হে মহাপুৰুষ, তোমাৰ অত্যাশ্চাৰ্য্য এই উগ্ৰৰূপ দেখি ত্ৰৈলোক্যবাসী জীৱসমূহ ভয়ত আতুৰ হৈ পৰিছে |

                  অমী হি ত্বাং সুৰসঙ্ঘা বিশন্তি
                           কেচিদ্ভীতা: প্ৰাঞ্জলয়ো গৃণন্তি |
                  স্বস্তীত্যুক্ত্বা মহৰ্ষিসিদ্ধসঙ্ঘা:
                            স্তুৱন্তি তাং স্তুতিভি: পুষ্কলাভি: || ২১
সৌ কিছুমান দেৱতা তোমাত প্ৰবিষ্ট হৈছে, কিছুমান দেৱতা ভয়ভীত হৈ বদ্ধাঞ্জলিভাবে তোমাক স্তুতি কৰিছে, মহৰ্ষি আৰু সিদ্ধসকলে ’স্বস্তি’ এই শব্দ উচ্চাৰণ কৰি অখণ্ড স্তোত্ৰৰাজিৰে তোমাক স্তুতি কৰিছে |

                   ৰুদ্ৰাদিত্যা বসবো যে সাধ্যা
                           বিশ্বেত্‍ শ্বিনৌ মৰুতশ্চোষ্মপাশ্চ |
                   গন্ধৰ্ব্বযক্ষাসুৰসিদ্ধসঙ্ঘা
                           বীক্ষন্তে ত্বাং বিস্মিতাশ্চৈৱ সৰ্ব্বে || ২২
ৰুদ্ৰগণ, আদিত্যগণ, বসুগণ, সাধ্যগণ, বিশ্বদেৱগণ, অশ্বিনীকুমাৰদ্বয়, মৰুদগণ, উষ্মপায়ী পিতৃগণ, গন্ধৰ্ব্ব, যক্ষ, অসুৰ, সিদ্ধগণ - সকলোৱেই বিস্মিত হৈ তোমালৈ চাই আছে |

                  ৰূপং মহত্তে বহুবক্ত্ৰ নেত্ৰং
                            মহাবাহো বহুবাহুৰুপাদম |
                  বহুদৰং বহুদংষ্ট্ৰাকৰালং
                           দৃষ্ট্বা লোকা: প্ৰব্যথিতাস্তথাহম || ২৩
হে মহাবাহো, তোমাৰ অনেক মুখ, অনেক নয়ন, অনেক বাহু, অনেক উৰু, অনেক পাদ, অনেক উদৰ আৰি বহু দাঁতসমূহৰে ভয়ানক এই বিৰাট ৰূপ দেখি সকলোলোকৰ প্ৰাণী ভয়ভীত হৈছে আৰু মোৰ অৱস্থাও তথৈবচ |

                  নভ:স্পৃশং দীপ্তমনেকবৰ্ণং
                           ব্যাত্তাননং দীপ্তবিশালনেত্ৰম |
                  দৃষ্ট্বা হি ত্বাং প্ৰব্যথিতান্তৰাত্মা
                          ধৃতিং ন বিন্দামি শমঞ্চ বিষ্ণো || ২৪
হে বিষ্ণো (সৰ্ব্বব্যাপক), তোমাৰ গগনস্পৰ্শী অনেক বৰ্ণযুক্ত বিকৃত মুখ জ্বলন্ত বিস্তৃত নেত্ৰবিশিষ্ট প্ৰদীপ্ত মূৰ্ত্তি দৰ্শন কৰি মোৰ অন্তৰাত্মা ব্যথিত হৈছে | মই ধৈৰ্য্য ৰক্ষা কৰিব পৰা নাই আৰু শান্তি লাভো কৰিব পৰা নাই |

                 দংষ্ট্ৰাকৰালানি চ তে মুখানি
                           দৃষ্ট্বেৱ কালানলসন্নিভানি |
                 দিশো ন জানে ন লভে চ শৰ্ম্ম
                           প্ৰসীদ দেৱেশ জগন্নিবাস || ২৫
তোমাৰ ভয়লগা দাঁতবিলাকেৰে বিকৃত প্ৰলয়াগ্নি সদৃশ মুখবোৰ দেখি মই দিগভ্ৰান্ত হৈছোঁ, মই কোনোমতেই সুখ পোৱা নাই | হে দেৱৰো ঈশ্বৰ, হে জগতৰ আশ্ৰয়, পৰমেশ্বৰ, তুমি প্ৰসন্ন হোৱা |

                  অমী চ ত্বাং ধৃতৰাষ্ট্ৰস্য পুত্ৰা:
                          সৰ্ব্বে সহৈবাবনিপালসঙ্ঘৈ: |
                  ভীষ্মো দ্ৰোণ: সুতপুত্ৰস্তথাত্‍ সৌ
                          সহাস্মদীয়ৈৰপি যোধমুখ্যৈ: || ২৬
                  বক্ত্ৰাণি তে ত্বৰমাণা বিশন্তি
                          দংষ্ট্ৰাকৰালানি ভয়ানকানি |
                  কেচিদ্বিলগ্না দশনান্তৰেষু
                          সংদৃশ্যন্তে চূৰ্ণিতৈৰুত্তমাঙ্গৈ: || ২৭
সৌ ৰাজন্যবৰ্গৰে সৈতে ধৃতৰাষ্ট্ৰৰ সকলোটি পুত্ৰ আৰু সৌৱা ভীষ্ম, দ্ৰোণাচাৰ্য্য আৰু সুতপুত্ৰ কৰ্ণও, আমাৰ পক্ষৰ প্ৰধান প্ৰধান যোদ্ধাবিলাকৰ সৈতে অতি বেগেৰে ধাবিত হৈ তোমাৰ দংষ্ট্ৰা কৰাল ভয়ানক মুখবিলাকত সোমাই পৰিছে | কিছুমান চূৰ্ণাকৃত মস্তকেৰে দাঁতৰ মাজত লাগি থকা দেখা গৈছে |

                  যথা নদীনাং বহবোত্‍ম্বুবেগা:
                           সমূদ্ৰমেবাভিমুখা দ্ৰবন্তি |
                  তথা তবামী নৰলোকবীৰা
                          বিশন্তি বক্ত্ৰাণ্যভিবিজ্বলন্তি || ২৮
যেনেকৈ নৈবোৰৰ বহুধাৰাৰে বৈ যোৱা পানীৰ সোঁত সমূদ্ৰৰ ফালে ধাবিত হয়, তেনেকৈ সৌ নৰলোকৰ প্ৰসিদ্ধ বীৰসকলৰ তোমাৰ জ্বলন্ত মুখবোৰৰ অভিমুখে ধাবমান হৈছে |

                   যথা প্ৰদীপ্তং জ্বলনং পতঙ্গা
                           বিশন্তি নাশায় সমৃদ্ধবেগা: |
                   তথৈৱ নাশায় বিশন্তি লোকা
                           স্তৱাপি বক্ত্ৰাণি সমৃদ্ধবেগা: || ২৯
যেনেকৈ পতঙ্গবোৰ মৰণৰ নিমিত্তে অতি বেগেৰে আহি জ্বলন্ত জুইত পৰেহি, তদ্ৰূপ লোকসকলেও মৰণ নিমিত্তেই তোমাৰ মুখসমূহত অতি বেগেৰে প্ৰবেশ কৰিছেহি |

                  লেলিহ্যসে গ্ৰসমান: সমন্তাত্‍
                           লোকান সমগ্ৰান বদনৈৰ্জ্বলদ্ভি: |
                  তেজোভিৰাপূৰ্য্য জগত্‍ সমগ্ৰং
                            ভাসস্তবোগ্ৰা: প্ৰতপন্তি বিষ্ণো || ৩০
তুমি জ্বলি থকা মুখবোৰেৰে সমগ্ৰলোকসমূহক গ্ৰাস কৰিবলৈ ঘনে ঘনে জিভা চেলেকিছা | হে বিষ্ণো (বিশ্বব্যাপক), তোমাৰ তীব্ৰ দীপ্তিয়ে স্বীয় তেজ: পুঞ্জৰ দ্বাৰা সমগ্ৰ জগতক পৰিপূৰ্ণ কৰি উত্তপ্ত কৰিছে |

                  আখ্যাহি মে কো ভৱানুগ্ৰৰূপো
                            নমোত্‍স্তু তে দেৱবৰ প্ৰসীদ |
                  বিজ্ঞাতুমিচ্ছামি ভৱন্তমাদ্যং
                            ন হি প্ৰজানামি তৱ প্ৰবৃত্তিম || ৩১
উগ্ৰৰূপ তুমি কোন ? মোক কোৱা | মই তোমাক নমস্কাৰ কৰোঁ | হে দেৱবৰ, তুমি প্ৰসন্ন হোৱা | আদি পুৰুষ, তোমাক বিশেষভাৱে জানিবৰ ইচ্ছা হৈছে | তোমাৰ প্ৰবৃত্তি অৰ্থাত্‍ কৰ্ম্মচেষ্টা মই ভালদৰে বুজা নাই | 

শ্ৰীভগৱান উৱাচ -
                   কালোত্‍ স্মি লোকক্ষয়কৃত্‍ প্ৰবৃদ্ধো
                           লোকান সমাহৰ্ত্তুমিহ প্ৰবৃত্ত: |
                   ঋতেত্‍ পি ত্বাং ন ভৱিষ্যন্তি সৰ্ব্বে
                           যেত্‍বস্থিতা: প্ৰত্যনীকেষু যোধা: || ৩২
ভগৱানে ক’লে - লোকসমূহৰ ক্ষয়কাৰী বুদ্ধিপ্ৰাপ্ত (অতি পুৰাতন) এই কালসমূহক সংহাৰ কৰিবলৈ মই এতিয়া প্ৰবৃত্ত হৈছোঁ | এই প্ৰতিপক্ষ সেনাৰ মাজত যিমানবিলাক যোদ্ধা আছে তেওঁবিলাক সকলোৱেই বিনষ্ট হব | কেৱল তুমিহে থাকিবা |

                    তস্মাত্‍ ত্বমুত্তিষ্ঠ যশো লভস্ব
                             জিত্বা শত্ৰুন ভুঙ্ক্ষব ৰাজ্যত্‍ সমৃদ্ধম |
                    ময়ৈৱৈতে নিহতা: পূৰ্ব্বমেৱ
                             নিমিত্তমাত্ৰং ভৱ সৱ্যসাচিন || ৩৩
সেইকাৰণে তুমি উঠা, যশস্যা লাভ কৰা, শত্ৰুক জয় কৰি সমৃদ্ধিশালী ৰাজ্য ভোগ কৰা | মই ইহঁতক আগতেই মাৰিয়েই থৈছোঁ | সে সব্যসাচী, তুমি নিমিত্ত মাত্ৰ হোৱা |

                    দ্ৰোণঞ্চ ভীষ্মঞ্চ জয়দ্ৰথঞ্চ
                             কৰ্ণং তথাত্‍ ন্যানপি যোধবীৰান |
                    ময়া হতাংস্ত্বং জহি মা ব্যথিষ্ঠা
                             যুধ্যস্ব জেতাসি ৰণে সপত্নান || ৩৪
মোৰ দ্বাৰা আগতে নিহত হৈ থকা দ্ৰোণ, ভীষ্ম, জয়দ্ৰথ, কৰ্ণ আৰু অন্যান্য যুঁজাৰু বীৰসকলক তুমি বধ কৰা | তুমি ব্যথিত নহ’বা (ভয় নকৰিবা) | যুদ্ধ কৰা, যুদ্ধত শত্ৰুক পৰাস্ত কৰিব পাৰিবা | 

সঞ্জয় উৱাচ -
                    এতচ্ছ্ৰতা বচনং কেশৱস্য
                             কৃতাঞ্জলিৰ্বেপমান: কিৰীটী |
                     নমস্কৃত্বা ভূয় এবাহ কৃষ্ণং
                              সগদগদং ভীতভীত: প্ৰণম্য || ৩৫
সঞ্জয়ে ক’লে - শ্ৰীকৃষ্ণৰ এই কথা শুনি কম্পিত কলেৱৰ অৰ্জ্জুনে কৃতাঞ্জলি হৈ কৃষ্ণক নমস্কাৰ কৰি অতিশয় ভীত হৈ আকৌ প্ৰণাম জনাই থোকাথোকি মাতেৰে ক’বলৈ ধৰিলে |

অৰ্জ্জুন উৱাচ -
                    স্থানে হৃষীকেশ তৱ প্ৰকীৰ্ত্ত্যা
                              জহত্‍ প্ৰহৃষ্যত্যনুৰজ্যতে চ |
                    ৰক্ষাংসি ভীতানি দিশো দ্ৰৱন্তি
                              সৰ্ব্বে নমস্যন্তি চ সিদ্ধসঙ্ঘা: || ৩৬
অৰ্জ্জুনে ক’লে - হে হৃষীকেশ, তোমাৰ কীৰ্ত্তনত সমস্ত জগত আনন্দত আপ্লুত আৰু অনুৰক্ত হয়, তোমাৰ প্ৰতি ৰাক্ষসবোৰো ভয়াৰ্ত্ত হৈ চৌদিশে পলাই যায় আৰু সিদ্ধসমূহে নমস্কাৰ কৰে | এই সকলোবোৰ নিশ্চয় সমুচিত কথা |

                     কস্মাচ্চ তে ন নমেৰস্মহাত্মন
                              গৰীয়সে ব্ৰক্ষ্মণোত্‍ প্যাদিকৰ্ত্ৰে |
                     অনন্ত দেৱেশ জগন্নিবাস
                              ত্বমক্ষৰং সদসত্‍ তত্‍ পৰং যত্‍ || ৩৭
হে মহাত্মন, (সকলোতকৈ) গৰীয়ান, ব্ৰক্ষ্মৰো আদি কৰ্ত্তা তোমাক (জগদ্বাসীয়ে) কিয় নমস্কাৰ নকৰিব ? হে অনন্ত, হে দেৱেশ, হে জগদাধাৰ, তুমি সদ, অসদো তুমি আৰু সেই সদ অসদৰ অতীত ৰূপে যি অবিনাশী পুৰুষ, সিও তুমি |

                    ত্বমাদিদেৱ: পুৰুষ: পুৰাণ
                             স্ত্বমস্য বিশ্বস্য পৰং নিধানম |
                    বেত্তাসি বেদঞ্চ পৰঞ্চ ধাম
                             ত্বয়া ততং বিশ্বমনস্তৰূপ || ৩৮
তুমি আদি দেৱতা, তুমি কালাতীত পুৰুষ, তুমি এই বিশ্বৰ আশ্ৰয় স্থল | তুমি জ্ঞাতা, জ্ঞাতব্যও তুমি, পৰম স্থিতি - স্থান (বিষ্ণুৰ পৰম পদ) হে অনন্ত ৰূপ, তুমি সমস্ত বিশ্ব (অনন্ত ৰূপেৰে) ব্যাপ্ত হৈ আছা |

                     বায়ুৰ্যমোত্‍ গ্নিৰ্বৰুণাং শশাঙ্ক:
                              প্ৰজাপতিস্ত্বং প্ৰপিতামহশ্চ |
                     নমো নমস্তেত্‍স্তু সহপ্ৰকৃত্ব:
                              পুনশ্চ ভুয়োত্‍ পি নমো নমস্তে || ৩৯
বায়ু, যম, অগ্নি, বৰুণ, চন্দ্ৰ আৰু প্ৰপিতামহ, তোমাক সহস্ৰবাৰ নমস্কাৰ | পুন: পুন: নমস্কাৰ | আকৌ নমস্কাৰ |

                     নম: পুৰস্তাদথ পৃষ্ঠতস্তে
                               নমোত্‍স্তু তে সৰ্ব্বত এৱ সৰ্ব্ব |
                     অনন্তবীৰ্য্যামিতবিক্ৰমস্ত্বং
                               সৰ্ব্বং সমাপ্নোষি ততোত্‍ সি সৰ্ব্ব: || ৪০
হে সৰ্ব্বস্বৰূপ, তোমাৰ আগফালে পিঠিফালে সকলো ফালৰ পৰাই তোমালৈ নমস্কাৰ | হে অনন্ত শক্তিৰ অধীশ্বৰ, অপৰিমিত বিক্ৰম তুমি সমস্ত জগত্‍ বিয়পি আছা | সেই কাৰণে তুমিয়েই সকলো | (তোমাৰ বাহিৰে একো নাই |)

                     সখেতি মত্বা প্ৰসভং যদুক্তং
                               হে কৃষ্ণ হে যাদৱ হে সখেতি |
                     অজানতা মহিমানং তৱেদং
                               প্ৰমাদাত্‍ প্ৰণয়ে ন বাপি || ৪১
                      যচ্চাবহাসাৰ্থমসত্‍কৃতোত্‍ সি
                               বিহাৰশয্যাসনভোজনেষু |
                      একোত্‍ থৱাপ্যচ্যুত তত্‍সমক্ষং
                               তত্‍ ক্ষাময়ে ত্বামহমপ্ৰমেয়ম || ৪২
এই বিশ্ব তোমাৰ মহিমা | এই কথা নাজানি সখি বুলি ভাবি অজ্ঞতা বা স্নেহবশত: মই তোমাক হে কৃষ্ণ, হে যাদব, হে সখি ইত্যাদি বুলি যি কৈছিলো; আকৌ হে অচ্যুত, তুমি আমোদত, শয়নত, আসনত, ভোজন আদিত থাকোতে অকলেই থাকা বা সমজুৱাভাবেই থাকা, পৰিহাসৰ চলত মই যে তোমাৰ প্ৰতি (অনুচিত ব্যৱহাৰ কৰি) যি অসন্মান কৰিছিলো, অচিন্ত্য প্ৰভাৱশালী তোমাক মই তাৰ বাবে (সেইবোৰ অপৰাধৰ বাবে) ক্ষমা মাগিছো |

                       পিতাত্‍ সি লোকস্য চৰাচৰস্য
                                ত্বমস্য পূজ্যশ্চ গুৰুৰ্গৰীয়ান |
                        ন ত্বত্‍সমোত্‍স্ত্যভ্যধিক: কুতোত্‍ ন্যো
                                লোকত্ৰয়েত্‍প্যপ্ৰতিমপ্ৰভাৱ || ৪৩
হে অপ্ৰতিম প্ৰভাৱশালী কৃষ্ণ,তুমি চৰাচৰ বিশ্বৰ পিতা (পৰিপাক) পূজনীয় আৰু শ্ৰেষ্ঠতম গুৰু | ত্ৰিভূবনতেই তোমাৰ সমান কোনো নাই, তোমাতকৈ আৰু অধিক কোন হ’ব পাৰে ?

                        তস্মাত্‍ প্ৰণম্য প্ৰণিধায় কায়ং
                                 প্ৰসাদয়ে ত্বামহমীশমীড্যম |
                        পিতেব পুত্ৰস্য সখেব সখ্যু:
                                 প্ৰিয়: প্ৰিয়ায়াৰ্হসি দেৱ সোঢ়ম || ৪৪
অতএব হে দেৱ, মই দণ্ডৱতে পৰি প্ৰণাম পূৰ্ব্বক জগত্‍ আৰাধ্য ঈশ্বৰ তোমাক প্ৰসন্ন কৰিব খোজিছোঁ | পিতাই যেনেকৈ পুত্ৰৰ, সখিয়ে যেনেকৈ সখিৰ, প্ৰিয়ই যেনেকৈ প্ৰিয়াৰ অপৰাধ মাৰ্জ্জনা কৰে তুমিও মোৰ অপৰাধ মাৰ্জ্জনা কৰিব লাগে |

                        অদৃষ্টপূৰ্ব্বং হৃষিতোত্‍ স্মি দৃষ্টা
                                  ভয়েন চ প্ৰব্যথিতং মনো মে |
                        তদেৱ মে দৰ্শয় দেৱ ৰূপং
                                  প্ৰসীদ দেৱেশ জগন্নিবাস || ৪৫
হে দেৱ, তোমাৰ অদৃষ্টপূৰ্ব্ব (আগেয়ে নেদেখা) ৰূপ দেখি মই হৰ্ষান্বিত হৈছোঁ, অথচ মোৰ মন ভয়ত আতঙ্কিতো হৈছে | তোমাৰ পূৰ্ব্বৰ ৰূপটিক মোক দৰ্শন কৰোৱা | হে দেৱেশ, হে জগন্নিবাস, তুমি প্ৰসন্ন হোৱা |

                       কিৰীটিনং গদিনং চক্ৰহস্ত
                                 মিচ্ছামি ত্বাং দ্ৰষ্টুমহং তথৈৱ |
                       তনৈব ৰুপেণ চতুৰ্ভুজেন
                                 সহস্ৰবাহো ভৱ বিশ্বমুৰ্ত্তে || ৪৬
মই তোমাক সেই পূৰ্ব্বৰ দৰে কিৰীটি ভূষিত, গদাধাৰী আৰু চক্ৰপাণি ৰূপে দেখিবলৈ ইচ্ছা কৰিছোঁ | হে বিশ্বমূৰ্ত্তি, হে সহস্ৰবাহু, তুমি সেই নিজ চতুৰ্ভুজ ৰূপেৰে আবিৰ্ভুত হোৱা |

শ্ৰীভগৱান উৱাচ -
                       ময়া প্ৰসন্নেন ভৱাৰ্জ্জুনেদং
                                 ৰূপং পৰং দৰ্শিতমাত্মযোগাত্‍ |
                       তেজোময়ং বিশ্বমনন্তমাদ্যং
                                  যন্মে ত্বদন্যেন ন দৃষ্টপুৰ্ব্বম || ৪৭
শ্ৰীভগৱানে ক’লে - অৰ্জ্জুন, মই প্ৰসন্ন হৈ মোৰ স্ব-ৰূপত অৱস্থিত হৈ মোৰ যি তেজোময়, বিশ্বাত্মক, অনাদি, অনন্ত পৰম ৰূপ তোমাক দৰ্শন কৰালো, এই ৰূপ তোমাৰ বাহিৰে কোনেও আগেয়ে দেখা নাছিল |

                        ন বেদযজ্ঞাধ্যয়নৈৰ্ন দানৈ
                                   ৰ্ন চ ক্ৰিয়াভিৰ্ন তপোভিৰুগ্ৰৈ: |
                        এবংৰূপ: শক্য অহং নৃলোকে
                                   দ্ৰষ্টুং ত্বদন্যেন কুৰুপ্ৰৱীৰ || ৪৮
হে কুৰুপ্ৰবীৰ, মনুষ্যলোকত তোমাৰ বাহিৰে অন্য কোনোলোকে বেদ-যজ্ঞাদিৰ অধ্যয়নৰ দ্বাৰা বা (তুলা পুৰুষ দানাদি) বিশিষ্ট দানৰ দ্বাৰা, বা (অগ্নিহোত্ৰ আদি বৈদিক) ক্ৰিয়াকাণ্ডৰ দ্বাৰা, বা (চান্দ্ৰায়ণ আদি) কঠোৰ তপস্যাৰ দ্বাৰা মোৰ এই বিশ্বৰূপ দৰ্শন কৰিবলৈ সমৰ্থ হোৱা নাই | 

                        মা তে ব্যথা মা চ বিমূঢ়ভাবো
                                  দৃষ্ট্বা ৰূপং ঘোৰমীদৃঙমমেদম |
                        ব্যপেতভী: প্ৰীতমনা: পুনস্ত্বং
                                  তদেৱ মে ৰূপমিদং প্ৰপশ্য || ৪৯
মোৰ এনে ঘোৰ ৰূপ দেখি তুমি ভয়াতুৰ নহ’বা আৰু বিবুদ্ধিও নহ’বা | তুমি ভয় পৰিত্যাগ কৰি প্ৰসন্ন চিত্তেৰে পুনৰ মোৰ সেই (তোমাৰ বাঞ্চিত) ৰূপকেই দৰ্শন কৰা | 

সঞ্জয় উৱাচ -
                        ইত্যৰ্জ্জুনং বাসুদেৱস্তথোক্ত্বা
                                 স্বকং ৰূপং দৰ্শমায়ামাস ভুয়: |
                        আশ্বাসয়ামাস চ ভীতমেনং
                                 ভূত্বা পুন: সৌম্যবপুৰ্মহাত্মা || ৫০
সঞ্জয়ে ক’লে - মহাত্মা বাসুদেৱে অৰ্জ্জুনক এইদৰে কৈ আকৌ নিজ ৰূপে (অৰ্থাত্‍ চতুৰ্ভুজ ৰূপ) দৰ্শন কৰালে আৰু সৌম্য মূৰ্ত্তি ধাৰণ কৰি সেই ভয়বিহ্বল অৰ্জ্জুনক আশ্বাস দিলে |

অৰ্জ্জুন উৱাচ -
                        দৃষ্ট্বেদং মানুষং ৰূপং তৱ সৌম্যং জনাৰ্দ্দন |
                        ইদানীমস্মি সংবৃত্ত: সচেতা: প্ৰকৃতিং গত: || ৫১
অৰ্জ্জুনে ক’লে - হে জনাৰ্দ্দন, তোমাৰ এই শান্ত মনুষ্য ৰূপ দেখি মই এতিয়া সুস্থচিত্ত হৈ প্ৰকৃতিস্থ হ’ব পাৰিছোঁ |

শ্ৰীভগৱান উৱাচ -
                        সুদুৰ্দ্দশমিদং ৰূপং দৃষ্টৱানসি যম্মম |
                       দেৱা অপ্যস্য ৰূপস্য নিত্যং দৰ্শনকাঙিক্ষণ: || ৫২
ভগৱানে ক’লে - তুমি মোৰ যি ৰূপ দেখিলা, সেই ৰূপ দেখা অতি কষ্টসাধ্য | দেৱতাসকলেও মোৰ এই ৰূপ দেখা পাবৰ কাৰণে সদায় আকাঙ্খা কৰে |

                       নাহং বেদৈৰ্ন তপসা ন দানেন ন চেজ্যয়া |
                       শক্য এবংবিধো দ্ৰষ্টুং দৃষ্টাৱানসি মাং যথা || ৫৩
তুমি মোক যি ৰূপত দেখিলা এই ৰূপ বেদাধ্যয়ন, তপস্যা, দান, যজ্ঞ আদিৰ দ্বাৰা দৰ্শন সম্ভৱ নহয় |

                       ভক্ত্যা ত্বনন্যয়া শক্য অহমেৱংবিদোত্‍ ৰ্জ্জুন |
                       জ্ঞাতুং দ্ৰষ্টুঞ্চ তত্ত্বেন প্ৰৱেষ্টুঞ্চ পৰন্তপ || ৫৪
হে শত্ৰুৰ সন্তাপক অৰ্জ্জুন, কেৱল অনন্যা ভক্তিৰ দ্বাৰা মই যে এনেকুৱা (বিশ্বৰূপী), তাক বুজিবলৈ, সাক্ষাত্‍ কৰিবলৈ আৰু স্বৰূপত প্ৰৱেশ কৰিবলৈ (অৰ্থাত্‍ মোক্ষ লভিবলৈ) সমৰ্থ হ’ব পাৰে |

                      মত্‍কৰ্ম্মকৃম্মত্‍পৰমো মদ্ভক্ত: সঙ্গবৰ্জ্জিত: |
                      নিৰ্ব্বেৰ: সৰ্ব্বভুতেষু য: স মামেতি পাণ্ডৱ || ৫৫
হে পাণ্ডৱ, যিজনে মোৰ প্ৰীতিৰ বাবে সকলো কৰ্ম্ম কৰে, যি মোকেই সৰ্ব্বোত্‍কৃষ্ট বুলি মোতেই আশ্ৰয় লয়, যি মোৰ ভক্ত অৰ্থাত্‍ যাৰ ময়েই একমাত্ৰ প্ৰীতিৰ পাত্ৰ, যাৰ বিষয়ৰ প্ৰতি আসক্তি নাই, যাৰ কোনো প্ৰাণীৰ প্ৰতি শত্ৰুতা নাই, সেই পুৰুষেই মোক লাভ কৰে (মোক্ষ লাভ কৰে) | 

                     ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
                          ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
                               বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
                            বিশ্বৰূপদৰ্শনযোগো নাম একাদশোত্‍ধ্যায়: ||
***************************************************************