Thursday 28 June 2012

স্বাগতম


মোৰ অনুভৱৰ পৃথিৱীখনলৈ স্বাগতম জনাইছো |
(অংকন - ৰূপালী গগৈ বৰুৱা)

(c) 

বিষয় – সঞ্চয় আৰু বিনিয়োগ – ৫


(যোৱা সংখ্যাৰ পিছৰ পৰা)
“Go for a business that any idiot can run – because sooner or later, any idiot probably is going to run it.” – Peter Lynch
Buy business, not just stocks.
মাত্ৰ শ্বেয়াৰ নিকিনিব, ব্যৱসায়টো কিনি লওক | কেনেকৈ ? 
আপোনাৰ হাতত যদি বহুত টকা থাকে আৰু যদিহে বজাৰত কোম্পানী কিনিবলৈ পোৱা যায়, তেন্তে আপুনি, মাত্ৰ আনৰ কথা শুনি, এনেকুৱা এটা কোম্পানী কিনি পেলাবনে যিটোৰ বিষয়ে আপুনি একো নাজানে ? নিশ্চয় নিকিনে |
শ্বেয়াৰ কিনোতে এটা কথা ভাবি লব লাগে যে আমি মাত্ৰ এটা কোম্পানীটোৰ অংশ কিনা নাই, আমি সম্পূৰ্ণ কোম্পানীটোকেই কিনি পেলাইছো | এটা কোম্পানীৰ বিষয়ে জানিবলৈ বৰ বেছি কষ্ট কৰিবৰ প্ৰয়োজন নাই | সাধাৰণ জ্ঞানকনেই যথেষ্ট | আপুনি হয়তো ডাক্তৰ বা ইঞ্জিনিয়াৰ বা সাংবাদিক বা অধ্যাপক বা গৃহিনী | আমি সকলোৱেই কিবা নহয় কিবা কাম কৰো আৰু আমাৰ কামৰ লগত সম্পৰ্ক থকা বস্তুবিলাকৰ বিষয়ে অলপ হলেও জানো |  
শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি ভাল ৰিটাৰ্ণ পাবলৈ আমি নতুনকৈ বিনিয়োগৰ কিবা পদ্ধতি আবিস্কাৰ কৰিবৰ প্ৰয়োজন নাই | ৱাৰেন বাফেট, ৰাকেশ ঝুন্‌ঝুন্‌ৱালা আদিৰ দৰে কুশলী বিনিয়োগকাৰীসকলে দেখুৱাই দিয়া বাটেৰে আগবাঢ়ি গলেই সকলো কথা উজু আৰু আমোদজনক হৈ পৰিব | তেওঁলোক সকলোৱে নিজে বুজি পোৱা ব্যৱসায়বিলাকতহে বিনিয়োগ কৰিছিল আৰু দীঘলীয়া সময়ৰ বাবে বিনিয়োগ কৰিছিল | খবৰৰ ওপৰত বা অন্য কাৰণত শ্বেয়াৰ বজাৰত সাময়িকভাবে সূচাংক উঠা-নমা হ’লে তেওঁলোকে থৰ-কাচুটি নেহেৰুৱাইছিল | কাৰণ তেওঁলোকে বিনিয়োগৰ বাবে বাচি লোৱা ব্যৱসায়সমূহৰ ওপৰত তেওঁলোকৰ আস্থা আছিল |    
বিনিয়োগৰ বাবে এটা ব্যৱসায় বুজি পাবলৈ টান টান ফাইনেঞ্চিয়েল জাৰ্গন বুজি পোৱাৰ প্ৰয়োজন নাই | এটা সাধাৰণ উদাহৰণ দিছো –
নিজকে নিজে প্ৰশ্ন কৰক – মই কোনটো টুথপেষ্ট ব্যৱহাৰ কৰো ? এই টুথপেষ্টটো মোৰ ককাদেউতাৰ দিনত আছিলনে ? এই টুথপেষ্টটো মোৰ সন্তানৰ সন্তান হোৱাৰ দিনলৈ থাকিবনে ? ইমান দিনৰ পৰা ব্যৱসায়ত সফলতাৰে আছে যেতিয়া এই টুথপেষ্ট তৈয়াৰ কৰা কোম্পানীটোৰ মুনাফা বছৰে বছৰে বাঢ়িবই লাগিব | এনে কিছুমান প্ৰশ্নৰ উত্তৰে মোক ক’লগেট কোম্পানীৰ শ্বেয়াৰ কিনিবলৈ লোৱা সিদ্ধান্তটো সঠিক বুলি প্ৰমাণ কৰিছিল |
নিজকে প্ৰশ্ন কৰক – কোনটো বেংকত একাউণ্ট খুলি টকা জমা কৰিলে কোনো অসুবিধা নোহোৱাকৈ চলিব পাৰি, কোনটো কোম্পানীৰ গাড়ী আটাইতকৈ বেছি বিক্ৰী হয়, কোনখন নিউজপেপাৰৰ চাৰ্কুলেচন আটাইতকৈ বেছি, ঘৰৰ দেৱালত ৰং দিবলৈ কোনটো কোম্পানীৰ ৰং ব্যৱহাৰ কৰে, কোনটো কোম্পানীৰ চাহপাত কিনে, নতুনকৈ ঘৰ সাজিলে কোনটো কোম্পানীৰ চিমেন্ট বেছিকৈ ব্যৱহাৰ কৰে, কোনটো কোম্পানীৰ ঘড়ী পিন্ধে, প্ৰিয়জনক সোণৰ গহনা ক’ৰপৰা কিনি দিয়ে, কোনটো কোম্পানীৰ পিজ্জা মানুহে বেছিকৈ পচন্দ কৰে, পিজ্জা-আইচক্ৰীম খাই খাই বেছিকৈ শকত হৈ পৰিলে ফিটনেচৰ বাবে মানুহে কোনটো কোম্পানীৰ সৰঞ্জাম বেছিকৈ ব্যৱহাৰ কৰে, কোনটো কোম্পানীৰ মোবাইল নেটৱৰ্কৰ ব্যৱহাৰ আটাইতকৈ বেছিকৈ হয়, মানুহৰ সাধাৰণতে বেছিকৈ হোৱা সাধাৰণ অসুখকেইটাৰ নিৰাময়ৰ বাবে ডাক্তৰে লিখি দিয়া ঔষধখিনি কোনটো কোম্পানীৰ ইত্যাদি | এই প্ৰশ্নবিলাকৰ উত্তৰে আপোনাক কিছুমান ভাল কোম্পানীৰ এখন তালিকা দিব | এতিয়া ধীৰে সুস্থিৰে এই কোম্পানীবিলাকত প্ৰত্যেক মাহে অলপ অলপকৈ দীঘলীয়া সময়ৰ বাবে বিনিয়োগ আৰম্ভ কৰি দিব পাৰে |        
গতিকে এতিয়াৰপৰা আপোনাৰ চৌদিশে ঘটি থকা ঘটনাবিলাক লক্ষ্য কৰক | কোনে জানে ইয়াৰ মাজতে আপুনি হয়তো বিনিয়োগৰ বাবে কেইটামান ভাল ভাল সিদ্ধান্ত লৈ লব পাৰে |
(ক্ৰমশ:)   

বৃন্দাবনৰ প্ৰেম (৯) – দুষ্টক দমন সন্তক পালন


(যোৱা সংখ্যাৰ পিছৰপৰা)
শুকদেৱে মহাৰাজ পৰীক্ষিতক ক’লে –
সেই সময়ত কৃষ্ণৰ বয়স ১১-১২ বছৰ | এবাৰ নন্দৰাজে কৃষ্ণ-বলৰাম আৰু গোপ-গোপী সমন্বিতে সৰস্বতী নদীৰ পাৰত থকা দেৱী অম্বিকাৰ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল | দৰ্শনৰ অন্তত সকলোৱে সেইদিনা সৰস্বতী নদীৰ পাৰতে ৰাতিটো কটাইছিল | সেই সময়তে এডাল বিশাল অজগৰ সাপে নন্দক কামুৰি ধৰি এফালৰ পৰা গিলিব ধৰিছিল | কৃষ্ণই আহি অজগৰডালক ভৰিৰে হেঁচা মাৰি ধৰিছিল | পৰমেশ্বৰ কৃষ্ণৰ চৰণ স্পৰ্শত সেই অজগৰ সাপে এজন সুদৰ্শন বিদ্যাধৰৰ ৰূপ লৈছিল | কৃষ্ণক সেৱা কৰি তেওঁ কৈছিল – “হে নাৰায়ণ, তুমি সৰ্বজ্ঞ যদিও মই তোমাৰ আৰু ব্ৰজবাসীৰ ওচৰত নিজৰ চিনাকি দিছো | মোৰ নাম সুদৰ্শন | মই বিদ্যাধৰসকলৰ ৰজা | ধন-সম্পদৰ গৰ্বত অহংকাৰী হৈ মই এবাৰ আংগিৰস ঋষিক তেওঁৰ কুত্‍‍চিত বেশ দেখি হাঁহিছিলো | সেই ঋষিয়ে ক্ৰোধিত হৈ মোক অজগৰ সৰ্প হবলৈ অভিশাপ দিছিল | আৰু আজি এয়া তোমাৰ চৰণ স্পৰ্শত মই মোৰ পূৰ্বৰূপ ঘূৰাই পাইছো | হে নাৰায়ণ, মোক আশীৰ্বাদ কৰি স্বৰ্গলৈ যাবলৈ অনুমতি দিয়া |” এই সকলো দেখি নন্দ প্ৰমূখ্যে ব্ৰজবাসী আচৰিত হৈছিল আৰু তীৰ্থযাত্ৰাৰ পৰা উভতি আহোতে সকলোৱে কৃষ্ণৰ গুণ-কীৰ্ত্তন কৰি অহিছিল |
ইয়াৰ পিছত কৃষ্ণই শংখচূড় যক্ষক বধ কৰিছিল | শংখচূড় আছিল কুবেৰৰ অনুচৰ | এবাৰ শৰত্‍ কালৰ নিশা ৰাসক্ৰীয়া চলি থাকোতে এই শংখচূড়ে আহি এগৰাকী গোপীক হৰণ কৰি মহাবেগে দৌৰি পলাইছিল | কৃষ্ণ-বলৰামে শংখচূড়ক খেদি যাওতে কথা বিষম দেখি শংখচূড়ে গোপীগৰাকীক এৰি থৈ পলাইছিল | বলৰামক গোপীগৰাকীৰ সুৰক্ষাৰ বাবে থৈ কৃষ্ণই খেদি গৈ শংখচূড়ক আক্ৰমণ কৰি বধ কৰিছিল | শংখচূড়ৰ শিৰত লাগি থকা মহা-মূল্যবান ৰত্নৰ মণিটো কৃষ্ণই আনি বলৰামক দিছিল |
কৃষ্ণই শংখচূড় যক্ষক বধ কৰাৰ পিছত অৰিষ্ট নামৰ এক দৈত্যই কৃষ্ণক বধ কৰিবলৈ আহিছিল | শুকদেৱে মহাৰাজ পৰিক্ষীতক কৈছিল –
কৃষ্ণই ৰাসলীলা কৰি থকাৰ সময়ত স্বৰ্গৰ দেৱীসকলেও আহি ৰাসত অংশ গ্ৰহণ কৰিছিল | মহাদেৱে গোপীৰ ৰূপ ধৰি কৃষ্ণৰ লগত নাচিছিল | কৃষ্ণই ৰাসলীলা কৰা সময়ত গন্ধৰ্ব সকলে আনন্দত মতলীয়া হৈ গকুল-বৃন্দাবনত নৃত্য-গীত কৰিছিল | সেই আনন্দমুখৰ উত্‍সৱ দেখি অৰিষ্টৰ মনত ক্ৰোধ উত্‍পন্ন হ’ল | অৰিষ্টই এটা বিশাল ষাড় গৰুৰ ৰূপ ধাৰণ কৰি গকুলত এফালৰ পৰা সকলো মহতিয়াই নিবলৈ ধৰিলে | কৃষ্ণক দেখি অৰিষ্টই পোনে পোনে খেদা মাৰি আহিল | কৃষ্ণই ষাড়ৰূপী অৰিষ্টক শিংদুটাত ধৰি মাটিত বগৰাই পেলাইছিল | তাৰ পিছত শিংদুটা উভালি অৰিষ্টক বধ কৰিছিল |
কৃষ্ণই অৰিষ্টক বধ কৰাৰ পিছত দেবৰ্ষি নাৰদে কংসৰ ওচৰলৈ গৈ কৈছিল – “মহাৰাজ কংস, তুমি ইয়াত নিশ্চিন্ত মনে বহি আছা | ইফালে কৃষ্ণই ব্ৰজধামত তোমাৰ অনুচৰসকলক বধ কৰি আছে | তুমি জানানে নাজানা যে তুমি যিগৰাকী যোগমায়াক কাৰাগাৰৰ বেৰত আচাৰি মাৰিব খুজিছিলা সেইগৰাকী প্ৰকৃততে যশোদাৰহে কন্যা আছিল | বলৰাম আৰু কৃষ্ণ বসুদেৱ-দৈৱকীৰহে পুত্ৰ | দৈৱকীৰ সপ্তম গৰ্ভ বলৰামক যোগমায়াই বসুদেৱৰ আনগৰাকী পত্নী ৰোহিনীৰ গৰ্ভলৈ সলনি কৰিছিল | অষ্টম পুত্ৰ কৃষ্ণক বসুদেৱে নন্দৰ ঘৰত যশোদাৰ কাষত ৰাখি যোগমায়াক দৈৱকীক আনি দিছিল | তুমি এইখিনি কথা নাজানা | দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত তোমাৰ মৃত্যু ঘটিবই | তুমি এতিয়া যি ভাল দেখা কৰা |”
নাৰদৰ কথা শুনি খঙত একো নাই হৈ কংসই বসুদেৱকে হত্যা কৰিবলৈ উদ্যত হ’ল | কংসক বাধা দি নাৰদে ক’লে – “তুমি বসুদেৱক হত্যা কৰিলে কৃষ্ণ-বলৰামক দেখা পোৱাৰ তোমাৰ সৌভগ্য নঘটিব | প্ৰথমে তুমি কৃষ্ণ-বলৰামক বধ কৰাহে উচিত হব | তাৰ পিছত তুমি বসুদেৱক যি কৰা কৰিব পাৰিবা |”
নাৰদৰ উদ্দেশ্য বুজি নাপাই কংসই নিজৰ দুৰ্ধৰ্ষ সেনাপতি কেশীক আদেশ দিলে – “তুমি গকুললৈ গৈ কৃষ্ণ-বলৰামক বধ কৰাগৈ |”
আদেশ পাই কেশী গকুললৈ গ’ল | কৃষ্ণই হাঁহি হাঁহি সাধাৰণ সৈনিকৰ লগত যুদ্ধ কৰাদি কেশীৰ লগত নানা ধৰণে যুদ্ধ কৰি শেষত কেশীক পৰাস্ত কৰি বধ কৰিলে |
কেশীক হত্যা কৰাৰ খবৰ পোৱাৰ পিছত কংসই পৰাক্ৰমী মল্লযোদ্ধা চানুৰ, মুষ্টিক, সল্ল আৰু তোসল্লক মতাই আনি ক’লে – “হে যোদ্ধাসকল, অহা চতুৰ্দশী তিথিত ধনুযজ্ঞৰ আয়োজন কৰা হব | সেই যজ্ঞলৈ গকুলৰ কৃষ্ণ-বলৰামক আমন্ত্ৰণ জনোৱা হব | সেই যজ্ঞত সকলোৰে সন্মুখত তোমালোকে কৃষ্ণ-বলৰামক হত্যা কৰিবা |”
কংসৰ আদেশ লৈ মল্লযোদ্ধাসকল আঁতৰি গ’ল আৰু কংসই অক্ৰুৰক ৰাজসভালৈ মতাই পঠালে |
(ক্ৰমশ:) 

বন্ধুত্বৰ নাম সখাকৃষ্ণ (৩)


মহৰ্ষি ব্যাসদেৱ বিৰচিত শ্ৰীমদ্ভাগৱতৰ মহিমা অপাৰ | শ্ৰীমদ্ভাগৱত শ্ৰীকৃষ্ণৰ কথাৰূপ | অভিমণ্যুপুত্ৰ মহাৰাজ পৰিক্ষীতৰ অনুৰোধত মহৰ্ষি ব্যাসৰ পুত্ৰ মহৰ্ষি শুকদেৱে প্ৰথম সকলোৱে বুজাকৈ এই শ্ৰীমদ্ভাগৱত পৃথিৱীৰ মানুহে বুজি পোৱাকৈ বৰ্ণনা কৰিছিল | বৃন্দাবনৰ এজন সন্তই শ্ৰীমদ্ভাগৱতৰ মহিমাৰ কথা এনেকৈ কৈছিল –
কলিযুগৰ আৰম্ভনিতে এবাৰ দেবৰ্ষি নাৰদে সকলোবোৰ তীৰ্থস্থান ভ্ৰমণ কৰিছিল | তেওঁ যেতিয়া বৃন্দাবন পালেগৈ দেখিলে যে বৃন্দাবনত ভক্তিদেৱী চিৰযৌবনা হৈ আছে, কিন্তু ভক্তিৰ দুই পুত্ৰ জ্ঞান আৰু বৈৰাগ্য বৃদ্ধাৱস্থা পাইছেগৈ | ভক্তিদেৱীৰ দুখ দেখি নাৰদ বেজাৰ মনেৰে বৃন্দাবনৰ পৰা বদ্ৰীনাথলৈ যাত্ৰা কৰিলে | বদ্ৰীনাথত নাৰদে ব্ৰহ্মাৰ চাৰিপুত্ৰ সনক, সুনন্দ, সনাতন আৰু সনতকুমাৰক লগ পালে | নাৰদে তেওঁলোকক ভক্তিদেৱীৰ দুখৰ কথা কৈ জ্ঞান আৰু বৈৰাগ্যৰ বৃদ্ধাৱস্থা দূৰ কৰাৰ উপায় বিচাৰিলে | ব্ৰহ্মাৰ পুত্ৰসকলে নাৰদক শ্ৰীমদ্ভাগৱত পাঠৰ আয়োজন কৰিবলৈ ক’লে | সেইমতে নাৰদে হৰিদ্বাৰৰ আনন্দ তীৰত শ্ৰীমদ্ভাগৱত পাঠৰ আয়োজন কৰিলে আৰু সকলো সন্ত-ভক্ত-ঋষি-মুনিৰ উপস্থিতিত ব্ৰহ্মাৰ পুত্ৰসকলে সেই অনুষ্ঠানত শ্ৰীমদ্ভাগৱত পাঠ কৰিলে | সাতদিনীয়া এই শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানৰ আয়োজন ইমানেই বিশাল আছিল যে ইয়াৰ শব্দ বৃন্দাবনলৈকে শুনা গৈছিল | ব্ৰহ্মাৰ পুত্ৰসকলৰ শ্ৰীমদ্ভাগৱত পাঠ শুনি জ্ঞান আৰু বৈৰাগ্যৰ বৃদ্ধাৱস্থা লোপ পালে আৰু দুয়ো পুত্ৰ নিজ মাতৃ ভক্তিদেৱীৰ দৰে চিৰযৌবনা হ’ল | আনন্দত আত্মহাৰা হৈ ভক্তিদেৱীৰ সৈতে জ্ঞান আৰু বৈৰাগ্য বৃন্দাবনৰপৰা হৰিদ্বাৰলৈ ৰাওনা হ’ল ব্ৰহ্মাৰ পুত্ৰসকলৰ সেই শ্ৰীমদ্ভাগৱত পাঠ শ্ৰৱণ কৰিবলৈ | গৈ থাকোতে গোটেই বাটছোৱা তেওঁলোকে গাইছিল – “শ্ৰীকৃষ্ণ গোবিন্দ হৰে মূৰাৰী, হে নাথ নাৰায়ণ বাসুদেৱ |”
প্ৰেম আৰু ভক্তি সকলোতকৈ ওপৰত | এই কথাষাৰ বুজাবলৈ বৃন্দাবনৰ এজন সন্তই এটা ধুনীয়া আখ্যান কৈছিল –
প্ৰায় ১৪ বছৰ বয়সত কৃষ্ণ বৃন্দাবনৰ পৰা মথুৰালৈ গুচি যোৱাৰ পিছত বৃন্দাবনৰ গোপীসকলৰ বেদনা থবলৈ ঠাই নোহোৱা হ’ল | কৃষ্ণৰ বিৰহত তেওঁলোকে গোপীগীত গালে | এই গোপীগীত শ্ৰীমদ্ভাগৱতৰ এটা অন্যতম গীত | প্ৰেম আৰু সমৰ্পন মানে কি সেয়া এই গোপীগীত গালে বা শুনিলে অনুভৱ কৰিব পাৰি | মথুৰাত কৃষ্ণই উদ্ধৱক বন্ধু হিচাপে পালে | কৃষ্ণৰ প্ৰায় সমবয়সীয়া আৰু দেবৰ্ষি নাৰদৰ শিষ্য এই উদ্ধৱ মহা জ্ঞানী আৰু কৃষ্ণৰ একান্ত ভক্ত আছিল | কিন্তু সেই ভক্তি জ্ঞানৰ ভৰত লুকাই আছিল | পৰম বন্ধু হৈও উদ্ধৱে কৃষ্ণক সম্বোধন কৰিছিল “মান্যবৰ কুমাৰ” বুলি | কৃষ্ণই দেখিলে জ্ঞানৰ ভৰত উদ্ধৱৰ প্ৰেম আৰু ভক্তি লুকাই গৈছে | কৃষ্ণই উদ্ধৱক বৃন্দাবনলৈ পঠালে | ক’লে – “উদ্ধৱ, তুমি মোৰ হৈ বৃন্দাবনলৈ যোৱা | বৃন্দাবনত মোৰ পৰম ভক্তা আৰু মোৰ বাল্যক্ৰীয়াৰ সংগী গোপীসকলে মোৰ বিৰহত নিজকে পাহৰিছে | তেওঁলোকক মোৰ হৈ বুজনি দি থৈ আহিবা |”
উদ্ধৱ বৃন্দাবনলৈ গ’ল | গোপীসকলে উদ্ধৱক বেৰি ধৰি কৃষ্ণৰ কথা সুধিবলৈ ধৰিলে | উদ্ধৱে গোপীসকলক বুজালে – “তোমালোকে কৃষ্ণৰ কথা ভাবি নাথাকিবা | নিজৰ কাম কৰা | যোগ শিক্ষা লোৱা | জ্ঞান অৰ্জন কৰা |” উদ্ধৱক বাধা দি গোপীসকলে ক’লে – “উদ্ধৱ, তোমাৰ জ্ঞান, তোমাৰ যোগ তোমাৰ ওচৰতে থোৱা | ইয়াত আমাৰ শৰীৰৰ প্ৰতি অংশত কৃষ্ণপ্ৰেম ভৰি আছে | তোমাৰ যোগশিক্ষা আমি ক’ত থম ? এয়া কৃষ্ণপ্ৰেমৰ কথা | তুমি বুজি নাপাবা | কৃষ্ণই আমাক এৰি যোৱাৰ পিছত যি বেদনা আমাৰ হৈছে সেই বেদনা আমাৰ বাবে সকলোতকৈ মৰমৰ |”  
এয়া ভক্তি আৰু কৃষ্ণপ্ৰেমৰ কথা | উদ্ধৱে সকলো দেখি আচৰিত হ’ল | মাত্ৰ দুদিনৰ বাবে বৃন্দাবনলৈ যোৱা উদ্ধৱ গোপীসকলৰ কৃষ্ণপ্ৰেম দেখি আনন্দত মতলীয়া হৈ ঘূৰি আহিব নোৱাৰা হ’ল | জ্ঞানী উদ্ধৱ কৃষ্ণপ্ৰেমী উদ্ধৱ হৈ গোপীগীত গাই গাই আনন্দত মতলীয়া হৈ বৃন্দাবনত ছমাহ থাকি গ’ল | অৱশেষত ছমাহৰ মূৰত উদ্ধৱ মথুৰালৈ ঘূৰি আহিল | আহিয়েই পোনে পোনে গৈ কৃষ্ণৰ ভৰিত পৰি হুকহুকাই কান্দি দিলে | অভিমান কৰিলে কৃষ্ণৰ ওচৰত – “কৃষ্ণ, কানাই, কিয় তুমি মোক ইমানদিন তোমাৰপৰা আঁতৰত ৰাখিলা ? কিয় মোক গোপীসকলৰ ওচৰলৈ বহুদিন আগতেই পঠিয়াই নিদিলা ?” উদ্ধৱে আৰু কিবা কিবা কোৱাৰ আগতেই কৃষ্ণই তুলি লৈ উদ্ধৱক সাবটি ধৰিলে | উদ্ধৱৰ কথাৰ সুৰতে কৃষ্ণই বুজিলে – উদ্দেশ্য সিদ্ধি হৈছে | আগতে “মান্যবৰ কুমাৰ” বুলি সম্বোধন কৰা উদ্ধৱে এতিয়া কৃষ্ণক কানাই বুলি মাতিছে | কৃষ্ণৰ ওচৰত অভিমান কৰিছে |
হৃদয়ত প্ৰেম আৰু ভক্তি থাকিলেহে ভক্তই ভগৱানৰ চৰণ স্পৰ্শ কৰি কান্দিব পাৰে, ভগৱানৰ সন্মুখত অভিমান কৰিব পাৰে | ভক্তি আৰু প্ৰেম জ্ঞানতকৈ বহুত ওপৰত |
(আগলৈ)     

বন্ধুত্বৰ নাম সখাকৃষ্ণ (২)


কৃষ্ণতকৈ আদৰৰ, কৃষ্ণতকৈ আপোন, কৃষ্ণতকৈ প্ৰাণাধিক বন্ধু কোন হব পাৰে?
ভক্তৰ বিপদৰ সময়ত, ভক্তৰ আহ্বানত আনকি নিজৰ বাহন এৰিও ভক্তক ৰক্ষা কৰিবলৈ দৌৰিব কোনে পাৰে? ভক্তৰ প্ৰেম-বন্ধনত পৰমেশ্বৰ কৃষ্ণৰ বাদে আন কোন বন্দী হয়?
প্ৰকৃত ভক্তই ভগৱানৰ লগত এটা পাৰ্থিৱ সম্বন্ধ স্থাপন কৰি লয়| যি কোনো সম্বন্ধ| সেই সম্বন্ধ হ’ব পাৰে – ভাতৃ, বন্ধু, স্বামী, পিতা, পুত্ৰ, প্ৰেমী| ব্ৰজধামৰ গোপীসকলে কৃষ্ণৰ লগত স্বৰ্গীয়, কামৰহিত, আত্মিক প্ৰেমৰ সম্বন্ধ পাতিছিল| অৰ্জ্জুনে কৃষ্ণৰ লগত পাতিছিল সখাৰ সম্বন্ধ| দ্ৰৌপদীয়ে পাতিছিল ভাতৃৰ সম্বন্ধ| আমাৰ গুৰুজনাই মাতিছিল বান্ধৱ কৃষ্ণ বুলি| দ্ৰৌপদীয়ে হৃদয়েৰে মতা ভাতৃ সম্বোধনটোৱে পৰমেশ্বৰ কৃষ্ণক বাধ্য কৰাই দিছিল দ্ৰৌপদীৰ প্ৰতিবাৰ বিপদৰ সময়ত কাষত থিয় দিবলৈ|
পাণ্ডৱসকল ১২ বছৰ বনবাসত থকা সময়ৰ কথা| ঋষি দুৰ্বাসা নিজৰ ১০ হাজাৰ শিষ্যৰে সৈতে এবাৰ দুৰ্য্যোধনৰ আলহী হ’লহি| ক্ষণে ৰুষ্ট ক্ষণে তুষ্ট অতি খঙাল ঋষি দুৰ্বাসা| দুৰ্য্যোধনে নিজৰ গোপন ভাৱ মনত লুকুৱাই ঋষি দুৰ্বাসাক অতি আদৰ-সাদৰকৈ আলপৈচান ধৰি তুষ্ট কৰিলে | তুষ্ট হৈ ঋষিয়ে দুৰ্য্যোধনক বৰ বিচাৰিবলৈ ক’লে| মনত মাত্ৰ পঞ্চ-পাণ্ডৱক ধ্বংস কৰাৰ উদ্দেশ্য লৈ জীয়াই থকা দুৰ্য্যোধনে ঋষি দুৰ্বাসাক ক’লে – হে ঋষিবৰ, মোক একো বৰদান নালাগে | আপোনাৰ সেৱা কৰিবলৈ পাই মোৰ জীৱন ধন্য হ’ল| কিন্তু হে মুনিবৰ, মোৰ ভাতৃ পাণ্ডৱসকলে বনবাসত বৰ মনোকষ্ট পাই আছে| আপুনি যদি সকলো শিষ্যৰে সৈতে এবাৰ যুধিস্থিৰৰ ওচৰলৈ যায় তেওঁ বৰ সুখী হব|” ঋষি দুৰ্বাসাই ক’লে – “ঠিক আছে |” দুৰ্য্যোধনে ভাবিছিল – বৰ্ত্তমান অৱস্থাত বনবাসী পাণ্ডৱসকল যিহেতু ঋষি দুৰ্বাসা আৰু তেওঁৰ ১০ হাজাৰ শিষ্যক এসাঁজ খোৱাই সন্তুষ্ট কৰিব পৰা অৱস্থাত নাই, সেয়ে ঋষিৰ খং উঠি পাণ্ডৱসকলক অভিশাপ দি ধ্বংস কৰিব|
ঋষি দুৰ্বাসা শিষ্যসকলৰে সৈতে গৈ বনবাসী পাণ্ডৱসকলৰ পঁজা পালেগৈ| যুধিস্থিৰক ক’লে – “হে যুধিস্থিৰ, আমাৰ ভোজনৰ সময় হৈছে| তুমি ভোজনৰ যোগাৰ কৰা, আমি গংগাত স্নান কৰি আহো|”
যুধিস্থিৰৰ মূৰত সৰগ ভাগি পৰিল| ইতিমধ্যে দ্ৰোপদীসহ পঞ্চ-পাণ্ডৱে ভোজন কৰি অটাইছে| দৌপদীৰ ওচৰত বৰদান আছিল যে দ্ৰৌপদীয়ে নিজে নোখোৱালৈকে তেওঁৰ ৰান্ধনীঘৰত খোৱাবস্তুৰ অভাৱ নহব| কিন্তু সেইদিনা দ্ৰৌপদীয়েও ভোজন কৰি অটালে| ঘৰখনত খুদকণ এটাও নাই| ইফালে সন্মুখৰ ১০ হাজাৰ শিষ্যৰে সৈতে ঋষি দুৰ্বাসা| সেই বিপদৰ সময়ত দ্ৰৌপদীয়ে কৃষ্ণক স্মৰণ কৰিলে – “হে ভাতৃ, ৰক্ষা কৰা |” ঠিক সেই সময়তে পাণ্ডৱসকলৰ পঁজাটোৰ দুৱাৰখন ঠেলি সোমাই আহিল পৰমেশ্বৰ কৃষ্ণ| কিন্তু কৃষ্ণযে কৃষ্ণই| আহিয়েই দ্ৰৌপদীক ক’লে – “ভগ্নী, কি আছে খাবলৈ দিয়া| ভোকত প্ৰাণ যায় যায়| বাকী কথা পিছত পাতিম|” দ্ৰৌপদীয়ে চকুলো টুকি টুকি ক’লে – “ভাতৃ, কি দিম তোমাক| ঘৰত একোৱেই নাই| ইফালে সৌৱা ঋষি দুৰ্বাসা আৰু ১০ হাজাৰ শিষ্য আহিছে|” কৃষ্ণই সেই ভূৱনভুলোৱা হাঁহিটো মাৰি ক’লে – “আছে ভগ্নী আছে| চোৱাচোন তোমাৰ ৰান্ধনীঘৰত| কেৰাহীত এটা হলেও ভাত লাগি আছে|” কৃষ্ণ নিজে সোমাই গ’ল দ্ৰৌপদীৰ ৰান্ধনীঘৰলৈ, বিচাৰি উলিয়ালে কেৰাহীত লাগি থকা তিনিটামান ভাত আৰু তাকে লৈ তৃপ্তিৰে খালে| খাই উঠি সকলো কথা শুনি কৃষ্ণই ক’লে – ’চিন্তা নাই ভগ্নী| ভাতৃ ভীম, আপুনি গৈ ঋষি দুৰ্বাসাক মাতি আনকগৈ|”
সেইমতে ভীমে গৈ গংগাত স্নান কৰি থকা ঋষি দুৰ্বাসাক ক’লেগৈ – “হে ঋষিবৰ, আহক, ভাতৃ যুধিস্থিৰে আপোনালোকলৈ বাট চাই আছে|” কিন্তু ঋষিয়ে উত্তৰ দিলে – “হে ভীম, তুমি যোৱাগৈ| তোমালোকক আশীৰ্বাদ কৰিছো| কিয় জানো, আমাৰ আজি ভোক নাই, এনে লাগিছে যেন আমি ইতিমধ্যে পেট ভৰাই ভোজন কৰিছো|” ভীমে উত্তৰ দিল – “নহয় ঋষিবৰ, কৃষ্ণও আহিছে দ্বাৰকাৰ পৰা| আপোনাক লগ পাবলৈ বাট চাই আছে|” মুখত শিশুৰ দৰে হাঁহিটো লৈ ঋষি দুৰ্বাসাই ক’লে – “অ’, এতিয়াহে বুজিলো| কৃষ্ণই কিবা খালেনে? হব, এতিয়া যোৱা| আমি এতিয়া প্ৰস্থান কৰিম|”
ঋষি দুৰ্বাসা আৰু তেওঁৰ শিষ্যসকলৰ ভোক কিয় নাইকিয়া হ’ল? এটা উদাহৰণ দিছো – বহুত বছৰৰ পিছত দুৰনিত থকা পুত্ৰ মাতৃৰ ওচৰলৈ আহিছে| পুত্ৰ আহি আছে – এই কথাষাৰেই মাতৃৰ কাৰণে সৰগ হৈ পৰিছে| ইমান দিনৰ মূৰত মাতৃয়ে পুত্ৰৰ কাৰণে পুত্ৰই ভাল পোৱা খোৱা বস্তু ৰান্ধিছে| পুত্ৰ আহি পোৱাৰ পিছত পুত্ৰক সাবটি ধৰি মাতৃয়ে সুখতে এসোঁতা কান্দিছে| আলহ-উদহকৈ পুত্ৰক খাবলৈ দিছে| পুত্ৰই খোৱা মাতৃয়ে চাই আছে| খাই উঠি পুত্ৰই কৈছে – “মই খালো মাতৃ, এতিয়া তুমি খাই লোৱা|” মাতৃয়ে কৈছে – ’পুত্ৰ, তোক খোৱাই, তোৰ খোৱা চাই মোৰ পেট ভৰিল| মই কিবা খাবলৈ ভোকেই নাই| আহ এতিয়া, মোৰ ওচৰত বহি তোৰ কথাবোৰ ক’ |”
পুত্ৰসম কৃষ্ণই তৃপ্তিৰে খোৱাৰ পিছত পিতৃসম ঋষি দুৰ্বাসাৰ ভোক লাগিব পাৰে জানো ?             
(ক্ৰমশ)    

Friday 18 May 2012

বিষয় – সঞ্চয় আৰু বিনিয়োগ (৪)


(যোৱা সংখ্যাৰ পিছৰ পৰা)

There seems to be some perverse human characteristics that like to make easy things difficult. – Warren Buffett.

চেন্‌চেক্স, নিফ্‌টি, মাৰ্কেট কেপিটাইলাইজেচন, টেকনিকেল এনালাইচিচ আদি কঠিন কঠিন শব্দবোৰ শুনি আৰম্ভনিতে ভয় খাব নালাগে | শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ লাহে লাহে আৰম্ভ কৰিলেই এই কথাবোৰ নিজে নিজে বুজি গৈ থাকিব পাৰি | হাতত কিমান টকা আছে সেইটো ডাঙৰ কথা নহয় | সেই টকাখিনি ক’ত কেনেকৈ বিনিয়োগ কৰা হৈছে সেইটো ডাঙৰ কথা | সাধাৰণ বুদ্ধি আৰু জ্ঞানেৰে (যাক আমি কমন চেঞ্চ বুলি কওঁ), আনে ফ্ৰীতে দিয়া চ’ কল্ড হট্‌ টিপচ্‌ বিলাক আওকান কৰি শ্বেয়াৰ বজাৰত দীৰ্ঘ সময়ৰ বাবে ভাল ভাল কোম্পানীত বিনিয়োগ কৰিলে লোকচান হোৱাৰ কোনো কথাই নাই | আৰম্ভনিতে আনক দেখি ভয় খাই ছত্ৰভঙ্গ দিলে বিনিয়োগৰ এখন অতি সফল ক্ষেত্ৰৰ পৰা নিজকে আঁতৰাই অনা হব |

সাধাৰণ বুদ্ধি আৰু জ্ঞানেৰে কি কৰিব পাৰি তাৰ ওপৰত এটা বিখ্যাত সাধু আছে | এজন দুখীয়া খেতিয়ক আছিল | তেওঁৰ তিনিটা ডেকা ডেকা পুতেক আছিল | এবাৰ তেওঁ দীৰ্ঘ সময়ৰ বাবে তীৰ্থ ভ্ৰমণত ওলাল আৰু যাবৰ সময়ত তিনিওটা পুতেককে এডোখৰকৈ কাঠৰ টুকুৰা দি গ’ল আৰু লগতে কৈ গ’ল যে এই কাঠৰ টুকুৰাকেইডোখৰেৰে কোনটো পুতেকে কি কৰে তেওঁ ঘূৰি আহি চাবহি |

ডাঙৰ পুতেকে ক’লে এই সামান্য কাঠৰ টুকুৰাৰে কি কৰিব পাৰি ? তেওঁ বজাৰলৈ গ’ল আৰু প্ৰথমতে পোৱা গ্ৰাহকজনকে টুকুৰাটো বিক্ৰী কৰি যি পালে টকাকেইটা লৈ গুছি আহিল | আহোতে বাটত মদৰ দোকান এখন পালে আৰু দেউতাকে সামান্য কাঠ এডোখৰ দি যোৱাৰ দুখ পাহৰিবলৈ বজাৰত পাই অহা টকাকেইটাৰে মদ কিনি খালে |

দ্বিতীয় পুতেকেও কাঠটুকুৰা লৈ বজাৰলৈ গ’ল | কিন্তু তেওঁ বজাৰত তিনিদিন খপিলে আৰু নিজে বিচৰা দামতহে কাঠটুকুৰা বিক্ৰী কৰিলে | ঘূৰি আহি তেওঁ হৰলুকি হোৱাৰ ভয়ত টকাকেইটা ওচৰৰ বেংকত থৈ দিলে |

তৃতীয় পুতেকজনে কাঠৰ টুকুৰাটো হাতত লৈ ভাবি থাকিল কেনেকৈ কি কৰা যায় | বজাৰে বজাৰে ঘূৰি ফূৰিল কিবা কৰিব পাৰি নেকি তাৰ আশাত | শেষত তেওঁ এখন দোকান পালেগৈ য’ত কাঠৰ টুকুৰাৰ পৰা মূৰ্ত্তি তৈয়াৰ কৰা হয় | তেওঁ দোকানখনৰ মালিকক অনুৰোধ কৰিলে যে তেওঁ তিনিমাহ দোকানত বিনা পইচাত সকলো কাম কৰি দিব, বিনিময়ত তেওঁক এই কাঠৰ টুকুৰাৰ পৰা মূৰ্ত্তি তৈয়াৰ কৰা কলাটো শিকাই দিব লাগিব | মালিক মান্তি হ’ল | সেই তিনিমাহ লৰাজনৰ বহুত কষ্ট হ’ল | কিন্তি তেওঁ সেই কলাটো আয়ত্ত্ব কৰিহে এৰিলে |

এবছৰৰ পিছত লৰাহঁতৰ দেউতাক উভতি আহিল আৰু দেখিলে যে ডাঙৰ পুতেক এজন ঘোৰ মদাহী হ’ল আৰু দ্বিতীয় পুতেক এজন খেতিয়ক হ’ল যি খুব কষ্ট কৰি উপাৰ্জন কৰে আৰু টকাখিনি ওচৰৰ বেংকত থৈ যায় | কিন্তু সৰু পুতেকক দেখি তেওঁ অতি সুখী হ’ল | তেওঁ দেখিলে যে সৰু পুতেকে এখন ডাঙৰ কাঠৰ টুকুৰাৰ পৰা মূৰ্ত্তি তৈয়াৰ কৰা দোকনৰ মালিক হৈছে আৰু তেওঁৰ দোকানত বহুত মানুহে দিনে ৰাতিয়ে কাম কৰি আছে |

আমাৰ সকলোৰে ওচৰতে সেই একেটুকুৰা কাঠেই আছে | সঠিক জ্ঞান আহৰণ কৰি সেই কাঠটুকুৰা কেনেকৈ ব্যৱহাৰ কৰা যায় তাৰ ওপৰতেই নিৰ্ভৰ কৰিব আমাৰ আৰ্থিক ভবিষ্যত | কোনোবাই কৈছিল –

Remember, no matter how little or how much wealth you have today, it is not a guarantee for what you will have tomorrow. You could be born with a silver spoon and could end up losing it all, or be born with a wooden spoon and end up manufacturing silver spoon for others.”

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ হ’লে নিজৰ মাজত জ্ঞান আহৰণ কৰাৰ প্ৰৱণতা থাকিব লাগিব | কাৰণ শ্বেয়াৰ বজাৰত জ্ঞানখিনি পোনে পোনে টকালৈ ৰূপান্তৰিত হয় |

Buy business, not just stocks. মাত্ৰ শ্বেয়াৰ নিকিনিব, ব্যৱসায়টো কিনি লওক | কেনেকৈ ? অহাবাৰত আলোচনা কৰিম |

ক্ৰমশ: |

বৃন্দাবনৰ প্ৰেম (৮) – গোবৰ্ধন ধাৰণ


ব্ৰজবাসীয়ে ইন্দ্ৰপূজা কৰিছিল |

এবাৰ যশোদাই ইন্দ্ৰপূজাৰ বাবে সামগ্ৰী তৈয়াৰ কৰি থাকোতে কৃষ্ণই আহি সুধিলে – “আমি কিয় ইন্দ্ৰদেৱতাক পূজা কৰিব লাগে ?” যশোদাই উত্তৰ দিলে – “এনেকৈ নকয় কানাই | ইন্দ্ৰ দেৱতাৰ খং ভয়ানক | পূজা নকৰিলে তেওঁ বজ্ৰৰে সকলো ধ্বংস কৰিব |” কৃষ্ণই ক’লে – “মা, আমি ভয়ানকৰ পূজা কিয় কৰিব লাগে ? এই পূজা বাদ দিয়া | যি পূজনীয় তাক পূজা কৰা |”
-    - পূজনীয় কোন ?
-   - আমাৰ বাবে পূজনীয় প্ৰকৃতি, গাই আৰু গোবৰ্ধন পৰ্বত | গোবৰ্ধন পৰ্বতৰ পূজা কৰা |

ব্ৰজবাসীয়ে তাকেই কৰিবলৈ মান্তি হ’ল | কৃষ্ণৰ এই কথাত খং উঠি ইন্দ্ৰই ব্ৰজধামৰ ওপৰত ভয়ানক ধুমুহা বৰষুণৰ তাণ্ডৱ কৰালে | সকলো উটি বুৰি গ’ল | ঘৰ-দুৱাৰ ভাঙি শেষ হ’ল | কিন্তু ইমান বিপদৰ মাজতো ব্ৰজবাসীয়ে নিজৰ বাবে নহয়, কৃষ্ণৰ বাবে চিন্তা কৰিলে – “ক’ত কৃষ্ণ | কৃষ্ণ ঠিক আছেতো ?”

আৰু কৃষ্ণই কি কৰিলে ? নিজৰ বাওঁহাতৰ সৰু আঙুলিত গোটেই গোবৰ্ধন পৰ্বতটো ধাৰণ কৰি তাৰ তলত সমস্ত ব্ৰজবাসীক আশ্ৰয় দিলে | একেলেথাৰীয়ে সাতদিন সাতৰাতি চলিল ইন্দ্ৰৰ তাণ্ডৱ আৰু সাতদিন সাতৰাতি কৃষ্ণই গোবৰ্ধন পৰ্বত ধাৰণ কৰি থাকিল | গোবৰ্ধন পৰ্বতৰ তলত, কৃষ্ণৰ আশ্ৰয়ত সমস্ত ব্ৰজবাসী নিৰ্ভয়ে থাকিল |

অৱশেষত হাৰ মানি ইন্দ্ৰই আহি কৃষ্ণৰ ওচৰত ক্ষমা খুজিলে | অভিভূত হ’ল ব্ৰজবাসীৰ কৃষ্ণৰ প্ৰতি প্ৰেম দেখি | কৃষ্ণই ইন্দ্ৰক বৰ বিচাৰিবলৈ ক’লে | ইন্দ্ৰই বৰদান বিচাৰিলে – “হে প্ৰভু, হে নাৰায়ণ, মোক ক্ষমা দান দিয়া | আৰু যদি মোক ক্ষমা কৰিছা তেন্তে মোৰ পুত্ৰ অৰ্জ্জুনক ৰক্ষা কৰিবা |”

ৰাধা-কৃষ্ণৰ অসীম কৃপাত মই প্ৰত্যেক মাহে এবাৰ এই গোবৰ্ধন পৰ্বতৰ পৰিক্ৰমা কৰো | কেতিয়াবা পত্নী-পুত্ৰ-কণ্যা সকলোকে লৈ যাওঁ | গৰমকালি ৰাতি আৰু ঠাণ্ডাকালি দিনত পৰিক্ৰমা কৰো | এই ২১ কিলোমিটাৰ পথ শুদা ভৰিৰে খোজকাঢ়ি পৰিক্ৰমা কৰোতে ভক্তসকলৰ আস্থা, প্ৰেম আৰু ভক্তিৰ পৰীক্ষা হয় | কেতিয়াবা আন্ধাৰত শিলত উজুটি খাই ভৰিৰ নখ ছিগি যায়, কেতিয়াবা তলুৱাত ঢৌ উঠি প্ৰতি খোজত ভৰি বিষায় | কিন্তু মুখত ৰাধা-কৃষ্ণৰ নাম লৈ আমি পৰিক্ৰমা সম্পূৰ্ণ কৰো | মানুহৰ মন আৰু শৰীৰ সম্পূৰ্ণ পৃথক | উদ্দেশ্য সত্‍ হলে, মনত প্ৰেম আৰু ভক্তি থাকিলে শৰীৰৰ কষ্ট অনুভৱেই নহয় | পত্নী-পুত্ৰ-কণ্যাসহ যেতিয়া যাওঁ তেতিয়া পৰিক্ৰমা মাৰ্গত থকা মুখাৰবিন্দ মন্দিৰৰ ওচৰত আমাৰ লৰা-ছোৱালীহালে গোবৰ্ধন পৰ্বতৰ নামনিত দৌৰা-ধপৰা কৰি অলপ সময় খেলে | দুইটা ধূলিত পোত খায় | কেনেবাকৈ উজুটি খাই পৰে বুলি চিন্তাও লাগে | কিন্তু মই মনে মনে ভাবো – “যিমানদেৰী মন যায় সিমানদেৰী খেলি থাকা | ইয়াত পৰিলেও একো নহয় | আৰু এয়া ধূলি নহয় | এয়া ব্ৰজৰজ | এই ব্ৰজৰজ শিৰত ল’বলৈ গোটেই পৃথিৱীৰ মানুহ ইয়ালৈ আহে | এয়া আমাৰ কৃষ্ণৰ ঠাই | কোনে জানে মাখন চুৰ কৰি কৃষ্ণ আৰু লগৰীয়াহঁতে হয়তো এই বাটেদিয়েই পলাইছিল | এই ঠাইতেই হয়তো কৃষ্ণই গৰু চৰাইছিল, বাঁহী বজাইছিল |”

গোবৰ্ধন ধাৰণৰ পিছত “দুষ্টক দমন, সন্তক পালন”ৰ অনেক কাম কৰাৰ পিছত ১১ বছৰ বয়সত কৃষ্ণই ব্ৰজৰ গোপীসকলৰ প্ৰেমৰ প্ৰতিদান হিচাপে তেওঁলোকৰ লগত ৰাসলীলা কৰে | যমুনাৰ পাৰত, বংশীবটৰ তলত, নিধিবনত একেলেথাৰীয়ে ৬ মাহ, প্ৰতিনিশা এই ৰাসলীলা চলিছিল | কৃষ্ণৰ এই মহাৰাসত স্বৰ্গৰ দেৱীসকলেও অংশ লৈছিল | দেৱতাসকলে আকাশৰ পৰা চাই ধন্য হৈছিল | মহাদেৱে গোপীৰ ৰূপ লৈ কৃষ্ণৰ ৰাসলীলাত নাচিছিল | সেয়ে মহাদেৱৰ আন এটা নাম গোপীশ্বৰ হ’ল | সুৰদাসে সুন্দৰকৈ গাইছে –

“বাসনাৰ ওপৰত সাধনাৰ জয়ৰ প্ৰতীক
এই মহাৰাসত
অনীতিৰ অংশমাত্ৰও নাই |”

ক্ৰমশ: |

Sunday 29 April 2012

বৃন্দাবনৰ প্ৰেম (৭) – মাখনচোৰ


“নন্দ-যশোদা প্ৰকৃততে কোন আছিল ?” – ৰজা পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰত শুকদেৱে কৈছিল – “পূৰ্ব জন্মত নন্দ ৰজা দ্ৰোণ নামে এজন বসু আছিল | যশোদা তেতিয়া ধাৰা নামে দ্ৰোণৰ ভাৰ্য্যা আছিল | তেওঁলোক দুয়োকো গকুলত জন্মগ্ৰহণ কৰিবলৈ ব্ৰহ্মাদেৱে নিৰ্দেশ দিছিল | ব্ৰহ্মাৰ বৰত দ্ৰোণ আৰু ধাৰা পৰম বিষ্ণুভক্ত হৈছিল আৰু দুয়ো বিষ্ণুক পুত্ৰৰূপে পাবলৈ আৰাধনা কৰিছিল | এই জন্মত দ্ৰোণ-ধাৰা নন্দ-যশোদা হৈ জন্ম লাভ কৰিছে | ব্ৰহ্মাৰ অনুৰোধ ক্ৰমে কৃষ্ণই এই জন্মত নন্দ-যশোদাৰ পালিত পুত্ৰ হৈছে | এই জন্মতো নন্দ-যশোদাৰূপী দ্ৰোণ-ধাৰা পৰম বিষ্ণুভক্ত হৈছে | সেইবাবেই পৰম দয়ালু কৃষ্ণই যশোদাক দুবাৰ বিশ্বৰূপ দৰ্শন কৰাইছিল |”

পুনৰ কৃষ্ণকথালৈ ঘূৰি আহিছো |

ব্ৰজবাসীয়ে মথুৰাৰ ৰজা কংসক কৰ হিচাপে সদায় ৰাজকোষলৈ মাখন পঠাব লাগে | কৃষ্ণই ভাবিলে – “যি ৰজাই প্ৰজাক সুৰক্ষা দিয়াতো দূৰৰে কথা, প্ৰজাৰ ওপৰত অত্যাচাৰ কৰে, সেই ৰজাৰ কৰ লোৱাৰ অধিকাৰ নাই | গতিকে এটা কাম কৰিব লাগিব |” বচ্‌, আৰম্ভ হৈ গ’ল | লগত সখাৰ দল অনবৰতে সাজু থাকেই | কোনোবা এজনী গোপী যমুনাৰ পৰা পানী আনিবলৈ যায়, কৃষ্ণই দলবল লৈ চুপচাপ গোপীৰ ঘৰত সোমাই মাখন চুৰ কৰে | বলে পৰা খিনি খায়, থাকি যোৱা খিনি বনৰ বান্দৰক খাবলৈ দিয়ে | মাখনৰ কলহ ভাঙি তহিলং কৰে | আহোঁতে গৰু পোৱালীবোৰ খুলি থৈ আহে | মাখনৰ কলহ ওপৰত ধুকি নোপোৱাকৈ ওলোমাই থৈও লাভ নাই, কৃষ্ণৰ দলে ইটোৰ কান্ধৰ ওপৰত সিটো উঠি মাখনৰ কলহ নমাই আনে | যাৰ ঘৰত মাখন চুৰি হয় সেইজনী গোপীয়ে আহি যশোদাক গোচৰ দিয়েহি – “তোমাৰ লৰাই মোৰ ঘৰত মহা উপদ্ৰৱ কৰি মাখন খাই পলাইছে |” কৃষ্ণই মাকক কয় – “মাইয়া নুশুনিবা | আচলতে এইজনী গোপীয়ে বুদ্ধি কৰি মোক চাবলৈ আহিছে |” কেতিয়াবা গোচৰ বেছি হ’লে অতিষ্ঠ হৈ যশোদাই কৃষ্ণক মাৰিবলৈ হাত দাঙে | তেতিয়া যিজনী গোপীয়ে গোচৰ দিবলৈ আহিছিল সেইজনীয়েই গৈ কৃষ্ণক আবৰি ধৰেগৈ | উপায়হীন হৈ যশোদাই কৃষ্ণক খুউব খং কৰে – “কিয় ইমান উত্‍পাত কৰ’ ? ঘৰত মাখন নাইনেকি ? মই যতনাই খাবলৈ দিলে সুখ নালাগে | আনৰ ঘৰত চুৰ কৰি খালেহে হয় | নিজে খাই, বন্ধুবোৰক খুৱাই তাৰ পিছত মাখনৰ কলহ ভাঙি বান্দৰক খুৱালেহে তোৰ সুখ লাগে |” কৃষ্ণই মনে মনে ভাবে – “আৰে মাইয়া, তুমি কি বুজিবা | চুৰ কৰি খোৱা মাখনৰ সোৱাদেই বেলেগ | আৰু মই মাখন বান্দৰক খুওৱা নাই | মই তেওঁলোকৰ ঋণ সুজিছো | এসময়ত এওঁলোকে মোৰ লগত গৈ সাগৰ লংঘি ভোকে-পিয়াহে, নিস্বাৰ্থ ভাৱেৰে লংকাত ৰাবণৰ লগত যুদ্ধ দিছিল | মোৰ বাবে আত্মবলিদান দিছিল |”

দুজনী গোপী লগ হ’লে কথা পাতে – “আজি কানাই আহিছিলনে ?”
-       -   নাই, মোৰ ঘৰলৈ নাই অহা | তোমাৰ ঘৰলৈ ?
-   --  নাই, মোৰ ঘৰলৈও নাহিল | আহিব বুলি মাখন থৈ দিছিলো | কিয় জানো নাহিল | অন্য কৰোবাৰ ঘৰত খাইছেগৈ ছাগে |

এজনী গোপীয়ে জীয়েকেক কয় – “শুন, এইখিনি মাখন ভালকৈ লুকুৱাই থ’ | নহলে কানায়ে আহি খাই যাব | মই পানী আনিবলৈ যাওঁ | জীয়েকে উত্তৰ দিয়ে – “মা, তোৰ কথা মই একো বুজি নাপাওঁ | মাখন লুকুৱাই থবলৈ কৈছ, অথচ কানাই নাহিলেও তই ব্যাকুল হৈ পৰ’ |” মাকে কয় – “তই সেইবোৰ বুজি নাপাবি |”

এয়াই প্ৰেম | নিষ্পাপ, নিষ্কাম প্ৰেম | ভগৱানৰ প্ৰতি ভক্তৰ প্ৰেম | নন্দগাওঁৰ গোপীসকলে বিশ্বাস কৰে যিদিনা তেওঁলোকৰ ঘৰত কৃষ্ণই মাখন চুৰ কৰি খায় সেইদিনা গাইকেইজনীয়ে গাখীৰ বেছিকৈ দিয়ে | চিত্ত হৰণকাৰী কৃষ্ণ অহালৈ গোপীসকল বাট চাই থাকে |

প্ৰেমেৰে, বাঁহীৰ সুৰেৰে সকলোৰে চিত্ত হৰণ কৰা কৃষ্ণৰ নিজৰে চিত্ত কোনে হৰণ কৰিছিল ? কাৰ বাবে কৃষ্ণই বাঁহী বজাইছিল ? নাচিছিল ? ৰাধাৰ বাবে | সুৰদাসে সুন্দৰকৈ গাইছে –

“ৰাধা নথকাহলে বৃন্দাবন বৃন্দাবন ন’হলহেঁতেন
কৃষ্ণই বাঁহী নবজালেহেঁতেন
ৰাসলীলা নহলহেঁতেন
কৃষ্ণই নানাছিলেহেঁতেন
ৰাধাৰ বাবেই বৃন্দাবন বৃন্দাবন হৈছে |”

পৰিণয় নোহোৱাকৈয়ে প্ৰেমৰ পূজাৰীনী ৰাধা শ্ৰীকৃষ্ণৰ পাটৰাণীৰ আসনত অধিস্থিত | কৃষ্ণৰ নামৰ লগত ৰাধা নাম সংযুক্ত হৈ “ৰাধাকৃষ্ণ” বা “ৰাধেশ্যাম” হ’ল | বৃন্দাবনত ৰাধা আৰু কৃষ্ণক বেলেগ বেলেগ বুলি ভবা হোৱা নাই | ৰাধাই কৃষ্ণ আৰু কৃষ্ণই ৰাধা বুলিহে ভবা হৈছে | ইয়াৰ প্ৰমাণ বৃন্দাবনৰ শ্ৰীবাঙ্কে বিহাৰী মন্দিৰ |

ইয়াৰ পিছত কৃষ্ণই কালীয় নাগক দমন কৰে, পুলম্বাসুৰ, কেশী আদি দানৱক শেষ কৰে | তাৰ পিছত ইন্দ্ৰৰ মান ভংগ কৰে |

(আগলৈ)              

বিষয় – সঞ্চয় আৰু বিনিয়োগ (৩)


শ্বেয়াৰ বজাৰত বিনিয়োগৰ কথাৰে –

শ্বেয়াৰ বজাৰৰ কথা সকলোৱা জানেই আজিকালি | শ্বেয়াৰ বজাৰত কোম্পানীৰ শ্বেয়াৰ বেচা-কিনা কৰা হয় | এই বজাৰত ১৮ বছৰৰ ওপৰৰ সকলোৱে শ্বেয়াৰ কিনা-বেচা কৰিব পাৰে | এই শ্বেয়াৰ পোনে পোনে নিজৰ নামত নিজে বা কোনোবা ব্ৰকাৰৰ হতুৱাই কিনিব পাৰি বা কোনোবা ইকুইটি বেজ্‌দ্‌ মিউচুৱেল ফাণ্ডৰ যোগেদি শ্বেয়াৰত বিনিয়োগ কৰিব পাৰি | সঠিক সময়ত সঠিক কোম্পানীৰ শ্বেয়াৰত বিনিয়োগ কৰিলে দীঘলীয়া সময়ত পাব পৰা ৰিটাৰ্ণ কেতিয়াবা বিশ্বাস কৰিব পৰাতকৈ অলপ বেছি হয় | নিজৰ অভিজ্ঞতাৰ পৰা কৈছো – আজিৰপৰা ৮ বছৰ আগতে ভাৰতীয় ষ্টেট বেংকৰ শ্বেয়াৰত ৫০ হাজাৰ টকা বিনিয়োগ কৰিছিলো | প্ৰায় ১০ হাজাৰ মান টকা ডিভিডেণ্ট হিচাপে ঘূৰাই পোৱাৰ পিছত এতিয়া মোৰ ওচৰত থকা সেই শ্বেয়াৰ খিনিৰ মূল্য ৪ লাখতকৈ বেছি | মিউচুৱেল ফাণ্ডৰ কথা পিছলৈ থৈ পোনে পোনে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ কথা চমুকৈ, সহজকৈ আলোচনা কৰিম |

আৰম্ভনি কেনেকৈ কৰিব পাৰি –
১) কোনোবা বেংক বা ষ্টক ব্ৰোকাৰেজ ফাৰ্মত গৈ ডিমেট আৰু ষ্টক ট্ৰেডিং একাউন্ট খুলি লব লাগিব | পেন কাৰ্ড, ফটো, আই ডি প্ৰুফ আদি দৰকাৰ হব | সকলোখিনি ঠিক থাকিলে ডিমেট আৰু ষ্টক ট্ৰেডিং একাউন্ট খোলা হব আৰু ইউজাৰ আই ডি আৰু পাচৱৰ্ড পাই যাব |
২) নিজে অন্‌লাইন বা ব্ৰোকাৰেজ ফাৰ্মখনক টেলিফোনেৰে অনুৰোধ কৰি শ্বেয়াৰ কিনা-বেচা কৰিব পাৰি |
৩) একেবাৰে কম মুলধনেৰে শ্বেয়াৰ কিনা কাম আৰম্ভ কৰিব পাৰি | মই ১০ বছৰ আগতে প্ৰথম ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ এটা শ্বেয়াৰ ১৭০ টকা দি কিনিছিলো | ৭ বছৰমান পিছত সেই এটা শ্বেয়াৰৰ মূল্য ১৫০০ টকাতকৈ বেছি হৈছিল | ডিভিডেণ্টৰ কথা নকলোৱেই যেনিবা |

নিজৰ বাবে ষ্টক ব্ৰোকাৰেজ ফাৰ্ম বাচনি কৰোতে অলপ সাবধান হব লাগে | ব্ৰেণ্ড ভেল্যু থকা, গ্ৰাহকৰ কথা চিন্তা কৰা, নিজা ৰিচাৰ্চ টিম থকা ফাৰ্ম হব লাগে | এই কথাবিলাক জানিবলৈ নিজে ব্ৰোকাৰেজ ফাৰ্মখনৰ কাম কাজ চাই আহিব লাগে |

শ্বেয়াৰ বজাৰ – 
ভাৰতত দুখন প্ৰধান শ্বেয়াৰ বজাৰ আছে – নেচনেল্‌ ষ্টক একচেঞ্জ (এন.এচ.ই.) আৰু বোম্বাই ষ্টক একচেঞ্জ (বি.এচ.ই.) | প্ৰায় ৯৫% কোম্পানীৰ শ্বেয়াৰ প্ৰায় একে দামতে দুয়োটা একচেঞ্জতে উপলব্ধ | বজাৰৰ গতি নিৰ্ধাৰণ কৰিবলৈ দুয়োখন বজাৰতে দুটা সুচাংক আছে | এই সুচাংক দুটা বিভিন্ন ভাৰ্টিকেলত কাম কৰা কিছু সংখ্যক কোম্পানীৰ শ্বেয়াৰৰ দামৰ (দাম মানে কোম্পানীটোৰ শ্বেয়াৰৰ দাম আৰু লগতে তাৰ মাৰ্কেট কেপিটেলাইজেচন, আদি গননা কৰি উলিওৱা এটা বেইট ভেল্যু) ওপৰত নিৰ্ভৰ কৰে | বি.এচ.ই.ৰ সুচাংক হ’ল চেনচেক্স, যি ৩০ টা শ্বেয়াৰৰ দ্বাৰা নিৰ্ধাৰিত | আনহাতে ৫০ টা শ্বেয়াৰৰ দ্বাৰা নিৰ্ধাৰিত এন.এচ.ই.ৰ সুচাংক হ’ল নিফ্‌টি | অৱশ্যে মই নিজে চেনচেক্স বা নিফ্‌টিৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি আজিলৈকে বিনিয়োগৰ সিদ্ধান্ত লোৱা নাই |

শ্বেয়াৰ বজাৰে কেনেকৈ কাম কৰে ?

শ্বেয়াৰ বজাৰে কোম্পানীবিলাকক নিজৰ অংশ বিক্ৰী কৰি মূলধন গোটোৱাত সহায় কৰে আৰু আমাৰ দৰে সাধাৰণ মানুহক সেই কোম্পানীৰ অংশ ক্ৰয় কৰি সেই কোম্পানীটোৰ ব্যৱসায়ত নিজৰ মূলধন খটুৱাবলৈ সুবিধা দিয়ে | ডিমাণ্ড আৰু চাপ্লাইৰ ওপৰত এটা কোম্পানীৰ ষ্টকৰ দাম নিৰ্ভৰ কৰে | ডিমাণ্ড (কিনোতা) বেচি হ’লে চাপ্লাই (বেচোতা) কমি যায় আৰু ফলত ষ্টকৰ দাম বাঢ়ি যায় আৰু ভাইচা-ভাৰ্চা | ডিমাণ্ড আৰু চাপ্লাই বহুত কথাৰ ওপৰত নিৰ্ভৰ কৰে, যেনে – কোম্পানীটোৰ বেলেঞ্চ শ্বীট, ব্যৱসায়িক প্লেন, মুনাফা, মেনেজমেণ্টৰ দক্ষতা আদি |   

(আগলৈ)

Monday 16 April 2012

কেইটামান অনুবাদ গল্প (১)

উপলব্ধি
(মূল ইংৰাজী গল্পৰ ভাবানুবাদ)

এজন ডেকা সৈনিকক নাৰ্চগৰাকীয়ে বৃদ্ধ ৰোগীজনৰ ওচৰলৈ লৈ আনিলে | “এয়া আপোনাৰ পুত্ৰ” – কেইবাবাৰো চিঞৰি কোৱাৰ পিছত বৃদ্ধই লাহ লাহে চকু মেলি চাবৰ চেষ্টা কৰিলে | সৈনিকজনে দেউতা বুলি মাতি বৃদ্ধৰ হাত এখন নিজৰ দুহাতত তুলি ললে | অতিশয় কষ্টত উশাহ-নিশাহ লৈ থকা বৃদ্ধই পুত্ৰক কাষত পাই চকুদুটা পুনৰ মুদি দিলে |
গোটেই ৰাতি সৈনিকজনে দেউতাকৰ হাতখন নিজৰ হাতত লৈ থাকিল আৰু দেউতাকৰ লগত কথা পাতি থাকিল | পুত্ৰৰ কথা শুনি দেউতাকে মাজে মাজে অলপ হাঁহিবৰ চেষ্টাও কৰিলে | নাৰ্চগৰাকীয়ে মাজতে আহি সৈনিকজনক অলপ বাহিৰলৈ ওলাই জিৰাই লবলৈ কৈছিল, কিন্তু সৈনিকজনে দেউতাকক এৰি আঁতৰি নগ|
ৰাতিপুৱাৰ সময়ত বৃদ্ধই পুত্ৰৰ হাতখন ধৰি থাকিয়েই শেষ নিশ্বাস ত্যাগ কৰিলে |
পিছত নাৰ্চগৰাকী আহিলত সৈনিকজনে তেওঁক সুধিলে – “চিষ্টাৰ, এই বৃদ্ধজন কোন ?”
আচৰিত হৈ নাৰ্চগৰাকীয়ে সুধিলে – “কিয়, এয়া তোমাৰ দেউতা নহয় জানো ?”
সৈনিকজনে কলে – “নহয় চিষ্টাৰ, এয়া মোৰ দেউতা নহয় | মই আগতে এখেতক কেতিয়াও দেখি পোৱা নাই | কালি মই আহিছিলো কাষৰ কোঠাটোত থকা মোৰ বন্ধুৰ খবৰ লবলৈ | ভুলতে ইয়াত সোমাই দেখিলো যে এই বৃদ্ধজনে নিজৰ অন্তিম সময়ত অকলে আছে | তেওঁ ইমানেই অসুস্থ যে তেওঁ মোকে নিজৰ পুত্ৰ বুলি ভাবিলে | সেইখিনি সময়ত তেওঁৰ বাবে মোৰ প্ৰয়োজন কিমান আছিল সেয়া মই উপলব্ধি কৰিব পাৰিছিলো | সেয়ে মই অন্তিম সময়খিনিত তেওঁৰ লগত থাকিলো |”   
---------------------------------------------------------------------------

অসহায় প্ৰেম
(মূল ইংৰাজী গল্পৰ ভাবানুবাদ)
এবাৰ সকলো অনুভৱ আৰু অনুভুতি মিলি মাজসাগৰৰ দ্বীপ এটাত পিক্‌নিক্‌ খাবলৈ গৈছিল | হঠাত্‍ ধুমুহা-বৰষুণৰ আগজাননী আহিল আৰু সকলোকে অতি সোনকালে দ্বীপতো খালি কৰি দিবলৈ হুকুম জাৰি কৰা হ| হঠাত্‍ দিয়া হুকুমটোৱে খেলিমেলি লগাই দিলে আৰু যেয়ে যেনকৈ পাৰে নাওঁত নিজৰ নিজৰ বস্তুবোৰ তুলি পলাবলৈ ধৰিলে | কিন্তু প্ৰেমৰ কোনো খবৰেই নাই, তেতিয়াও ব্যস্ত আনৰ লগত | শেষত যেতিয়া সঁচাকৈয়ে ধুমুহা আৰম্ভ হল তেতিয়াহে প্ৰেমে নিজকে বচোৱাৰ কথা চিন্তা কৰিলে | কিন্ত  তেতিয়ালৈ এখনো নাওঁ বাকী নাই |
প্ৰেমে দেখিলে সমৃদ্ধিয়ে এখন অতি আৰামদায়ক নাওঁত গৈ আছে | প্ৰেমে চিঞৰিলে – “সমৃদ্ধি, তুমি মোক লগত লৈ যাব পাৰিবানে ?” সমৃদ্ধিয়ে উত্তৰ দিলে – “নোৱাৰিম, মোৰ নাওঁ বহুমূলীয়া ধন-সোণেৰে ভৰ্ত্তি হৈ আছে | ইয়াত তোমাৰ বাবে ঠাই নাই |”
তেনেতে প্ৰেমে দেখিলে গৰ্ব আৰু অহংকাৰে এখন সুন্দৰ নাওঁত গৈ আছে | প্ৰেমে চিঞৰিলে – “তোমালোকে মোক লগত লৈ যাব পাৰিবানে ?” গৰ্ব আৰু অহংকাৰে    উত্তৰ দিলে – “চৰী দেই, তোমাৰ ভৰিত বোকা পানী লাগি লেতেৰা হৈ আছে | আমাৰ নাওঁখন দেখিবলৈ বেয়া হৈ যাব তুমি আহিলে |”
অলপ পিছত দুখ আহিল | প্ৰেমে সুধিলত দুখে কলে – “ক্ষমা কৰিবা বন্ধু, দুখতে মৰি যাওঁ যেন লাগিছে | তুমি মোৰ লগত আহিব নালাগে |”
সুখ আহিল | প্ৰেমে চিঞৰিলে – “সুখ, তুমি মোক বচোৱা |” কিন্তু সুখে নিজৰ লগত ইমানেই মগ্ন আছিল যে প্ৰেমৰ মাত নুশুনিলেই |
সকলোৱে এৰি যোৱা দেখি প্ৰেমৰ ভয় লাগিবলৈ ধৰিলে | তেনেতে কোনোবাই প্ৰেমক চিঞৰি মাতিলে – “প্ৰেম, তুমি মোৰ নাওঁত উঠা |” কিবা বুজিব পৰাৰ আগতেই কোনোবাই প্ৰেমক নাওঁখনত টানি উঠালে আৰু পলকতে নাওঁ গৈ সিপাৰ পালেগৈ | নাওঁৰ পৰা নামি প্ৰেমে জ্ঞানক লগ পালে | প্ৰেমে জ্ঞানক সুধিলে – “জ্ঞান, তুমি জানানে সেয়া কোন আছিল যি মোক নিজৰ নাওঁত তুলি আনি মোক ৰক্ষা কৰিলে ?”
জ্ঞানে উত্তৰ দিলে – “সেয়া সময় আছিল |”
প্ৰেমে সুধিলে – “সময়ে মোক কিয় উদ্ধাৰ কৰিলে ?”
জ্ঞানে উত্তৰ দিলে – “বন্ধু, এই পৃথিৱীত মাত্ৰ সময়ে তোমাৰ মূল্য বুজি পায় | তুমি কি কৰিব পাৰা, তুমি এই পৃথিৱীক কি দিব পাৰা সেয়া একমাত্ৰ সময়ে জানে | সেয়ে সময়ে তোমাক উদ্ধাৰ কৰিলে |”
--------------------------------------------------------------------------

জীৱনৰ প্ৰয়োজনীয় বস্তু
(মূল ইংৰাজী গল্পৰ ভাৱানুবাদ)
এজন শিক্ষকে এদিন শ্ৰেণীকোঠাত টেবুলৰ ওপৰত এটা ডাঙৰ জাৰ, এখিনি অলপ ডাঙৰ শিলগুটি, এখিনি সৰু মিহি শিলগুটি আৰু অলপ বালি গোটাই ললে |
তেওঁ প্ৰথমে জাৰটোত ডাঙৰ শিলগুটিখিনি ভৰাই দিলে | ছাত্ৰ-ছাত্ৰীসকলক সুধিলে – “জাৰটো ভৰিলনে ?” সকলোৱে উত্তৰ দিলে – “ভৰিল চাৰ |”
তাৰ পিছত তেওঁ জাৰটোত সৰু মিহি শিলগুটিখিনি ভৰাই দিলে | মিহি শিলগুটিখিনিয়ে ডাঙৰ শিলগুটিখিনিৰ মাজে মাজে খালি ঠাই বিচাৰি সোমাই পৰিল | ছাত্ৰ-ছাত্ৰীসকলক সুধিলে – “জাৰটো ভৰিলনে ?” সকলোৱে উত্তৰ দিলে – “ভৰিল চাৰ |”
এইবাৰ তেওঁ জাৰটোত বালিখিনি বাকি দিলে | বালিখিনিয়ে তেতিয়াও বাকী থকা খালী ঠাইখিনিত সোমাই পৰিল | ছাত্ৰ-ছাত্ৰীসকলক তেওঁ পুনৰ সুধিলে – “জাৰটো ভৰিলনে ?” সকলোৱে উত্তৰ দিলে – “ভৰিল চাৰ |”
তেতিয়া শিক্ষকজনে কলে – “মই বিচাৰো তোমালোকে এই জাৰটো নিজৰ জীৱনটোৰ লগত তুলনা কৰা | জাৰটো যদি তোমাৰ জীৱন হয়, তেন্তে এই ডাঙৰ শিলখিনি হল তোমাৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ তোমাৰ পৰিয়াল, তোমাৰ বন্ধু, তোমাৰ স্বাস্থ্য | বাকী সকলোখিনি হেৰাই গলেও এই বস্তুখিনিৰে তোমাৰ জীৱনটো ভৰি থাকিব | কিন্তু এইখিনি এবাৰ হেৰাই গলে ঘূৰাই নোপোৱা |
সৰু মিহি শিলগুটিখিনি তোমাৰ জীৱনৰ সম্পদ তোমাৰ চাকৰি, তোমাৰ ঘৰ, তোমাৰ গাড়ী ইত্যাদি | এইখিনি এবাৰ হেৰাই গলেও ঘূৰাই পাব পাৰি |
বালিখিনি তোমাৰ জীৱনৰ বাকী সৰু সৰু কথাখিনি |
কিন্তু তুমি তোমাৰ জীৱনৰ জাৰটোত যদি প্ৰথমে বালিখিনি ভৰাই লোৱা, তেন্তে তাত শিলখিনিৰ বাবে ঠাই নাথাকিব |
প্ৰথমে শিলখিনিৰ যত্ন লোৱা, বালিখিনি নিজে নিজে ঠিক হৈ থাকিব |
--------------------------------------------------------------------
আশা নকৰিবা, সিদ্ধান্ত লোৱা
(মূল ইংৰাজী গল্পৰ ভাৱানুবাদ)
এবাৰ ৰাজে এয়াৰপৰ্টলৈ তাৰ বন্ধু এজনক আনিবলৈ গৈছিল | সি ৰৈ থাকোতে তাৰপৰা মাত্ৰ তিনিফুট আঁতৰত এটা অতি সুন্দৰ ঘটনা ঘটিল যিটোৱে তাক বহুত কথা শিকাই দিলে |
এজন মানুহ প্লেনৰ পৰা নামি আহিছে | তেওঁক এয়াৰপৰ্টৰ পৰা নিবলৈ অহা তেওঁৰ পৰিয়ালটো আহি ৰাজৰ ওচৰতে ৰ’লহি | মানুহজনে আহিয়েই বেগটো থৈ সৰু লৰাটোক (প্ৰায় ৬ বছৰীয়া) সাবটি ধৰিলে | মানুহজনে ক’লে – “মোৰ তোমালৈ বহুত মনত পৰিছিল |” লৰাটোৱে ক’লে – “দেউতা, মোৰো তোমালৈ বহুত মনত পৰিছিল |”
তাৰ পিছত মানুহজনে ডাঙৰ লৰাটোক (প্ৰায় ১০ বছৰীয়া) সাবটি ধৰি ক’লে – “বাহ, তুমি আৰু অলপ ওখ হ’লা | বঢ়িয়া |” লৰাটোৱে হাঁহি এটা মাৰি দেউতাকক সাবটি ধৰিলে |
এইবাৰ তেওঁ মাকৰ কোলাত উঠি উত্‍পাত কৰি থকা ছোৱালীজনীক (প্ৰায় ডেৰ বছৰীয়া) নিজৰ কোলাত লৈ সাবটি ধৰিলে | ইমানপৰে আমনি কৰি থকা ছোৱালীজনীয়ে দেউতাকৰ ডিঙিত সাবটি ধৰি শান্ত হৈ পৰিল |
অলপ সময়ৰ পিছত তেওঁ ছোৱালীজনীক নিজৰ বৰপুত্ৰৰ হাতত তুলি দিলে আৰু তেওঁ নিজৰ পত্নীক সাবটি ধৰিলে | কিছু সময় সাবটি ধৰি থাকি তেওঁ পত্নীৰ কাণত ফুচফুচাই ক’লে – “মই তোমাক ভালপাওঁ |”
গোটেই কথা আৰু কামখিনি দেখি ৰাজে সোধো-নুসোধোকৈ মানুহজনক সুধিলে – “আপোনালোক নিশ্চয় বহুত সুখী | বিয়া হোৱা কিমান দিন হ’ল ?”
মানুহজনে উত্তৰ দিলে – “১৪ বছৰ |”
ৰাজে পুনৰ সুধিলে – “আপুনি নিশ্চয় আঁতৰত থাকে | কিমান দিনৰ মূৰত ঘৰলৈ আহিছে ?”
মানুহজনে উত্তৰ দিলে – “আঁতৰত নাথাকো | এফালে গৈছিলো | সম্পূৰ্ণ দুদিনৰ মূৰত ঘূৰি আহিছো |”
আচৰিত হৈ ৰাজে ক’লে – “বাহ, মই আশা কৰো মোৰো যেন বিয়াৰ পিছত জীৱনটো আপোনাৰ দৰেই মৰমেৰে ভৰা হয় |”
মানুহজনে ওঠত লৈ থকা হাঁহিটো সামৰি ৰাজৰ কাষ চাপি আহিল আৰু ক’লে – “ডেকা লৰা, আশা নকৰিবা | সিদ্ধান্ত লোৱা যে বিয়াৰ পিছত তোমাৰ জীৱনটো যেন মৰমেৰে ভৰা হয় |”  
-----------------------------------------------

সপোনটো হেৰাই যাবলৈ নিদিবা
(মূল ইংৰাজী গল্পৰ ভাৱানুবাদ)
মন্টিৰ এখন বিশাল ঘোঁৰাৰ ফাৰ্ম আছিল, য’ত এখন আটকধুনীয়া ঘোঁৰাদৌৰৰ ট্ৰেক আছিল | তেওঁ নিজৰ ফাৰ্মখন আনক বিভিন্ন অনুষ্ঠান আদি পাতি দুখীয়া লৰা-ছোৱালীৰ বাবে পইচা তোলা কামত ব্যৱহাৰ কৰিবলৈ দিছিল | এবাৰ তেওঁ তেনে এটা অনুষ্ঠানত এজাক লৰা-ছোৱালীক ক’লে – “তোমালোকে জানানে মই মোৰ ফাৰ্মখন কিয় আনক ব্যৱহাৰ কৰিবলৈ এৰি দিওঁ ? শুনা –
এজন ডেকা মানুহ আছিল | তেওঁ ঘোঁৰা খুব ভাল পাইছিল আৰু তেওঁ ঘোঁৰাৰ প্ৰশিক্ষক আছিল | নিজৰ কামটো তেওঁ ইমানেই ভাল পাইছিল যে ঘোঁৰাৰ প্ৰশিক্ষণ দিবলৈ তেওঁ আস্তাবলে আস্তাবলে, ইখন ঠাইৰপৰা সিখন ঠাইলৈ ঘূৰি ফুৰিছিল | ফলত হাইস্কুলত পঢ়ি থকা তেওঁৰ লৰাটোৰ পঢ়া-শুনাত ব্যাঘাত জন্মিছিল আৰু লৰাটোৱে পঢ়া-শুনাত সিমান ভাল কৰিব পৰা নাছিল | এবাৰ স্কুলত শিক্ষকে লৰাটোক এখন ৰচনা লিখিবলৈ দিলে, বিষয়টো ’মোৰ জীৱনৰ লক্ষ্য’ |
সেইদিনা ৰাতি লৰাটোৱে সাত পৃষ্ঠা জোৰা এখন ৰচনা লিখিলে সি ডাঙৰ হৈ কি হ’ব বিচাৰে | সি লিখিলে ডাঙৰ হৈ সি এখন ঘোঁৰাৰ বিশাল ফাৰ্মৰ মালিক হব বিচাৰে |  লৰাটোৱে নিজৰ সপোনটো পুঙ্খানুপুঙ্খৰূপে লিখিলে | আনকি লৰাটোৱে তাৰ সপোনটোৰ এখন ছবিও আঁকি দিলে | কেনেকৈ ২০০ একৰ মাটিত ফাৰ্মখন হব, কেনেকৈ ফাৰ্মখনৰ একাষত এটা সৰু পুখুৰীৰ পাৰত তাৰ নিজা ২০০০০ স্কোৱাৰ ফুটৰ ঘৰটো থাকিব, ঘোঁৰাদৌৰৰ ট্ৰেক থাকিব, ইত্যাদি ইত্যাদি |
পিছদিনা লৰাটোৱে ৰচনাখন স্কুলত জমা দিলে | দুদিনৰ পিছত শিক্ষকে ৰচনাখনত ’এফ’ গ্ৰেড দি ওভোতাই দিলে আৰু লৰাটোক শিক্ষকে লগ ধৰিবলৈ ক’লে |
লৰাটোক শিক্ষকে ক’লে – “কি লিখিছা এইবিলাক ? অবাস্তৱ সপোন | তোমাৰ নিচিনা এটা লৰাই এইবিলাক সপোন দেখাটোও ভুল | জানানে ২০০ একৰ মাটিৰ দাম কিমান ? ক’ত পাবা ইমান টকা ? হা? .... লৈ যোৱা এইখন | ফালি পেলোৱা | আৰু নতুনকৈ এটা নিজে ধুকি পোৱা লক্ষ্যৰ বিষয়ে লিখি আনা | মই তোমাৰ গ্ৰডটো সলনি কৰি দিব পাৰো |”
লৰাটোৱে ৰচনাখন লৈ আহিল | সাতদিন সাতৰাতি চিন্তা কৰি লৰাটোৱে ৰচনাখনত কোনো সালসলনি নকৰাকৈ পুনৰ শিক্ষকজনক ঘূৰাই দিলে আৰু ক’লে – “চাৰ, আপুনি গ্ৰেড সলনি কৰিব নালাগে আৰু ময়ো মোৰ সপোনটো সলনি নকৰো |”
ইমানখিনিলৈকে কৈ মন্টিয়ে লৰা-ছোৱালীখিনিক ক’লে – “মই এই কথাখিনি এই কাৰণেই তোমলোকক ক’লো কাৰণ তোমালোকে এতিয়া মোৰ ২০০ একৰ মাটিত থকা ঘোঁৰাৰ ফাৰ্মখনৰ একাষত থকা মোৰ এই ২০০০০ স্কোৱাৰ ফুটৰ ঘৰটোত বহি আছা | মই সেই তাহানিতে লিখা ৰচনাখন এতিয়াও মোৰ শুৱনি কোঠাৰ দেৱালত বন্ধাই আঁৰি থৈছো | তাত মোৰ শিক্ষকজনে দিয়া ’এফ’ গ্ৰেডটো এতিয়াও জিলিকি আছে | আটাইতকৈ ডাঙৰ কথা কি জানা – আজি কিছুদিন আগতে সেই শিক্ষকজন (তেওঁ এতিয়া এজন বুঢ়া ধৰ্মযাজক) ৩০ জন শিশুৰে সৈতে ইয়াত এসপ্তাহ থাকি গৈছে | যাবৰ সময়ত অনুশোচনাত দগ্ধ হৈ তেওঁ মোক কৈছিল – ’মন্টি, মই যেতিয়া তোমালোকৰ শিক্ষক আছিলো তেতিয়া মই বহুত ছাত্ৰ-ছাত্ৰীৰ সপোন চুৰ কৰি ধ্বংস কৰিলো | তুমি সাহসী আৰু আত্মবিশ্বাসী আছিলা কাৰণে নিজৰ সপোনটোত আকোৰগোঁজ হৈ লাগি থাকি আজি সফল হ’লা |’
তাৰ পিছত মন্টিয়ে এই দুটা বাক্যটোৰে নিজৰ কথাখিনি সামৰিলে – “কাকো নিজৰ সপোনটো চুৰ কৰিবলৈ নিদিবা | পৰিস্থিতি যিয়েই নহওক, সদায় নিজৰ হৃদয়ৰ কথা শুনিবা |”
-------------------------------------------------------

যোগাত্মকভাৱে সমস্যাৰ সন্মুখীন হোৱা
(মূল ইংৰাজী গল্পৰ ভাৱানুবাদ)
এজন খেতিয়ক আৰু তেওঁৰ বুঢ়া খচ্চৰটোৰ কাহিনী |
এজন খেতিয়কৰ এটা বুঢ়া খচ্চৰ আছিল | এদিন খচ্চৰটো ভুলতে গৈ শুকান নাদ এটাত পৰিল | নাদটোত পানী হয় নাথাকে বা থাকিলেও একেবাৰে তলিত কেতিয়াবা অলপ থাকে | খেতিয়কজনে দেখিলে নাদ আৰু খচ্চৰ দুয়োটাৰে এতিয়া কোনো কাম নাই | গতিকে খচ্চৰটোৱে কষ্ট পাই থকাতকৈ তাক ইয়াতে পুতি মাৰি পেলোৱাই ভাল |
সেইমতে তেওঁ ওচৰ চুবুৰীয়াক মাতি সকলোকে লগাই দিলে নাদটো মাটি, পেলনীয়া বস্তু আদিৰে পুতি দিবলৈ | কাম আৰম্ভ হ’ল | নাদটো পুতি পেলাবলৈ চেষ্টা কৰা দেখি প্ৰথমতে খচ্চৰটোৱে বৰ ভয় খাইছিল | কিন্তু ক্ষন্তেকতে খচ্চৰটোৱে ভাবি পালে জীয়াই থাকিবলৈ কি কৰিব লাগিব | সেইমতে প্ৰতিবাৰে তাৰ পিঠিত মাটিৰ ওজন পৰাৰ লগে লগে সি গাটো জোকাৰি মাটিখিনি তাৰ পিঠিৰপৰা আঁতৰাই দিয়ে আৰু তাৰ পিছত মাটিখিনিৰ ওপৰত থিয় হৈ দিয়ে | প্ৰতিবাৰে মাটিখিনি পৰোতে পিঠিত সি খুব দুখ পায়, বাৰে বাৰে পৰি থকা মাটিৰ খুন্দাত তাৰ পিঠিয়েদি তেজ বৈ গৈছিল, কিন্তু সেই দুখ-কষ্টই তাৰ জীয়াই থকাৰ বাবে লোৱা সিদ্ধান্তক তলাব নোৱাৰিলে | নিজকে উত্‍সাহ দিবলৈ সি নিজকে নিজে ক’লে – “মই জীয়াই থাকিবই লাগিব, মই জীয়াই থাকিবই লাগিব |” অৱশেষত নাদটো মাটিৰে প্ৰায় ভৰি পৰিল আৰু লবেজান অৱস্থাত খচ্চৰটো নাদটোৰ পৰা ওলাই আহিল | একমাত্ৰ সাহসেৰে আৰু যোগাত্মকভাৱে সমস্যাৰ সন্মুখীন হোৱাৰ বাবেই খচ্চৰতো নিশ্চিত মৃত্যুৰ মুখৰপৰা সাৰি আহিল আৰু জীয়াই থাকিল |
---------------------------------------------------

পৰিশোধ কৰা হৈ গৈছে
(মূল ইংৰাজী গল্পৰ ভাৱানুবাদ)
এজন অতি দুখীয়া, কেও-কিছু নথকা লৰা আছিল | নামটো ৰবাৰ্ট | নিজৰ পঢ়া খৰছ উলিয়াবলৈ লৰাটোৱে মানুহৰ ঘৰে ঘৰে বস্তু বেচিছিল | যিকেইটা পইচা লাভ পায় সেইকেইটাৰে কোনোমতে নিজৰ পঢ়াৰ খৰচ উলিয়াই | এবাৰ দুপৰীয়া এঘৰত বস্তু বেচি থাকোতে তাৰ খুব ভোক লাগিল | হাতত সেইদিনা পইচাও নাছিল তাৰ | কিন্তু লাজতে সি মানুহঘৰত একো খুজিব নোৱাৰিলে | ভাবিলে পিছৰ ঘৰত কিবা এটা খাবলৈ বিচাৰিব |
পিছৰ ঘৰটোৰ দুৱাৰত মাত দিওঁতে ভিতৰৰ পৰা এগৰাকী অতি সুন্দৰ মহিলা ওলাই আহিল | লাজতে লৰাটোৱে মহিলাগৰাকীক খাবৰ বাবে একো খুজিব লোৱাৰিলে | তাৰ ঠাইত সি তেওঁক এগিলাচ পানী খুজিলে | মহিলাগৰাকীয়ে লৰাটোৰ ভোকাতুৰ মুখখন দেখি কিবা এটা বুজি পালে আৰু তাক ডাঙৰ গিলাচ এটাত এগিলাচ গাখীৰ খাবলৈ দিলে | গাখীৰখিনি খাই লৰাটোৱে মহিলাগৰাকীক সুধিলে – “এই গাখীৰখিনিৰ বাবে মই আপোনাক কি দিব লাগিব ?” মানুহগৰাকীয়ে ক’লে – “তুমি একো দিব নালাগে |”  লৰাটোৱে ক’লে – “তেন্তে মই আপোনাক মোৰ হৃদয়েৰে ধন্যবাদ জনাইছো |” সেইদিনা সেই ঘৰটোৰ পৰা কৃতজ্ঞতাৰে ভৰা হৃদয় এখন লৈ ওলাই আহিছিল ৰবাৰ্ট |
বহুত বছৰৰ পিছত সেই মানুহগৰাকী এটা অতি কঠিন অসুখত পৰিল | সৰু চহৰখনৰ ডাক্টৰসকলে উপায়হীন হৈ মানুহগৰাকীক ডাঙৰ চহৰলৈ বিশেষজ্ঞ ডাক্টৰৰ ওচৰলৈ পঠাই দিলে | বিশেষজ্ঞ ডাক্টৰ ৰবাৰ্টক খবৰ দিয়া হ’ল | ডা: ৰবাৰ্টে যেতিয়া মানুহগৰাকী ক’ৰ পৰা আহিছে জানিলে তেওঁ উধাতু খাই আহিল | মানুহগৰাকীক দেখাৰ লগে লগে তেওঁ চিনি পালে | নিজৰ সমস্ত জ্ঞান আৰু অভিজ্ঞতা ব্যৱহাৰ কৰি তেওঁ মানুহগৰাকীক ভাল কৰি তুলিলে |
ডা: ৰবাৰ্টে আস্পতালৰ একাউণ্টচ্‌ বিভাগক অনুৰোধ কৰিলে সেই মানুহগৰাকীৰ চিকিত্‍সাৰ খৰচৰ বিলখন যেন প্ৰথম তেওঁলৈ পঠোৱা হয় | সেইমতে মানুহগৰাকীয়ে আস্পাতালত দিবলগীয়া টকাৰ বিলখন প্ৰথম ড: ৰবাৰ্টৰ ওচৰলৈ আহিল | ডা: ৰবাৰ্টে বিলখনৰ কাষত কিবা এটা লিখিলে আৰু মানুহগৰাকীৰ ওচৰলৈ পঠাই দিলে |
মানুহগৰাকীয়ে হিচাপখিনি চাবলৈকে ভয় কৰিছিল | কাৰণ তেওঁ জানিছিল যে এই টকাখিনি দিয়াৰ পিছত তেওঁ ধাৰত পোত যাব | ভয়ে ভয়ে তেওঁ বিলখন খুলিলে | টকাৰ অংকটো দেখি তেওঁৰ চকু কপালত উঠিল | তেনেতে বিলখনৰ কাষত ডা: ৰবাৰ্টৰ চহীৰে লিখি থোৱা কথাখিনিলৈ তেওঁৰ চকু গ’ল | তাত লিখা আছিল _ “টকাখিনি ইতিমধ্যে এগিলাচ গাখীৰেৰে পৰিশোধ কৰা হৈ গৈছে |”       
 --------------------------------------------------------