Wednesday 14 December 2011

গীতা মাহাত্ম্য - শ্ৰীমদ্ভগৱদগীতাৰ প্ৰথম অধ্যায়ৰ শ্লোকখিনিৰ অসমীয়া ভাঙনি

(শ্ৰীকৄষ্ণাই চৰণম নম: |  শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৄষ্ণৰ তাত্বিক উপদেশ | ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে গীতাত | আমি অল্পমতি, লিখি যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছো | এই কামটো কৰোতে কেইবাখনো কিতাপৰ সহায় লৈছো |)
প্ৰথম অধ্যায় - অৰ্জ্জুনবিষাদযোগ

ধৄতৰাষ্ট্ৰ উৱাচ - ধৰ্ম্মক্ষেত্ৰ কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ: |
             মামকা: পান্ডৱাশ্চৈব কিমকুৰ্ব্বত সঞ্জয় || ১
ধৄতৰাষ্ট্ৰই সুধিলে - হে সঞ্জয় ! দুৰ্যোধন আদি মোৰ লৰাহঁতে আৰু পান্ডৱহঁতে ধৰ্ম্মক্ষেত্ৰ কুৰুক্ষেত্ৰত গোটখাই কি কৰিছে ?

সঞ্জয় উৱাচ - দৄষ্ট্বা তু পান্ডৱানীকং ৰূঢ়ং দুৰ্যোধনস্তদা |
           আচাৰ্য্যমুপসঙ্গম্য ৰাজা বচনমব্ৰবীৎ || ২
সঞ্জয়ে উত্তৰ দিলে - পান্ডৱ সেন্যসকলক বেহু ৰচনা কৰি য়ুদ্ধৰ কাৰণে প্ৰস্তুত হৈ থকা দেখি ৰজা দুৰ্যোধনে দ্ৰোণাচাৰ্য্যৰ ওচৰলৈ গৈ ক’লে ||

           পাশ্যৈতাং পান্ডুপুত্ৰাণামাচাৰ্য্য মহতীং চমূম |
           ব্যুঢ়াং দ্ৰুপদপুত্ৰেণ তৱ শিষ্যেণ ধীমতা || ৩
হে গুৰুদেৱ ! আপোনাৰ ধীমান শিষ্য দ্ৰুপদ নন্দন ধৄষ্টদ্যুম্ন ৰচিত বেহুত সুৰক্ষিত হৈ থকা পান্ডৱৰ বিপুল সৈন্যবাহিনীক লক্ষ্য কৰক |

           অত্ৰ শুৰা মহেষৄসা ভীমাৰ্জ্জুনসমা যুধি |
           যুযুধানো বিৰাটশ্চ ধ্ৰুপদশ্চ মহাৰথ: || ৪
           ধৄষ্টকেতুশ্চেকিতান: কাশীৰাজশ্চ বীৰ্য্যবান |
           পুৰুজিত কুন্তিভোজশ্চ শৈৱ্যশ্চ নৰপুঙ্গব: || ৫
           যুধামন্যুশ্চ বিক্ৰান্ত উত্তমৌজাশ্চ বীৰ্য্যবান |
           সৌভদ্ৰো দ্ৰৌপদেয়াশ্চ সৰ্ব্ব এৱ মহাৰথা: || ৬
এই সৈন্যসকলৰ মাজত যুদ্ধত ভীম অৰ্জ্জুনৰ সমকক্ষ্ এইসকল বীৰ আছে, যেনে - যুযুধান (সাত্যকি), বিৰাট, মহাৰথী দ্ৰুপদ, বীৰ্য্যবান ধৄষ্টকেতু, চেতিকান কাশীৰাজ, নৰশ্ৰেষ্ঠ পুৰুজিত, কুন্তিভোজ, শৈব্য, মহাবিক্ৰমী যুধামন্যু, প্ৰৱল পৰাক্ৰমী উত্তমৌজা, সুভদ্ৰানন্দন অভিমন্যু আৰু দ্ৰৌপদীৰ পুত্ৰসকল | এওঁলোক সকলোৱেই একো একোজন মহাৰথী |

           আস্মাকং তু বিশিষ্টা যে তান্নিবোধ দ্বিজোত্তম |
           নায়কা মম সৈন্যস্য সংজ্ঞাৰ্থং তানব্ৰবীমি তে || ৭
হে দ্বিজোত্তম, আমাৰ পক্ষত যিসকল বিশিষ্ট বীৰে সৈন্য পৰিচালনা কৰিছে তেওঁলোকৰো নাম আপোনাক কৈ যাওঁ |

           ভৱান ভীমশ্চ কৰ্ণশ্চ কৄপশ্চ সমিতিঞ্জয়: |
           অশ্বত্থামা বিকৰ্ণশ্চ সোমদত্তিৰ্জয়দ্ৰথ: || ৮
আপুনি স্বয়ং আৰু পিতামহ ভীষ্ম, কৰ্ণ, কৄপাচাৰ্য্য, অশ্বত্থামা, বিকৰ্ণ, সোমদত্ত, ভূৰিশ্ৰবা আৰু জয়দ্ৰথ |

           আন্যে চ বহৱ: শুৰা মদৰ্থে ত্যক্তজীবিতা: |
           নানাশস্ত্ৰপ্ৰহৰণা: সৰ্ব্বে যুদ্ধবিশাৰদা: || ৯
এইসকলৰ উপৰিও (শল্য, কৄতবৰ্মা, ত্ৰিগৰ্ত, ভগদত্ত, বাহিলক) নানা অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ অনেক মহাবীৰে মোৰ হকে প্ৰাণ পৰ্য্যন্ত বিসৰ্জ্জন দিবলৈ স্স্জু হৈ আহিছে |

           অপৰ্য্যাপ্তং তদস্মাকং বলং ভীষ্মাভিৰক্ষিতম |
           পৰ্য্যাপ্তং ত্বিদমেতেষাং বলং ভীমাভিৰক্ষিতম || ১০
পিতামহ ভীষ্মৰ দ্বাৰা ৰক্ষিত আৰু পৰিচালিত আমাৰ সৈন্য সংখ্যাত অনেক, কিন্তু ভীম পৰিচালিত পান্ডৱ সৈন্য সংখ্যাত কম |
(পান্ডৱৰ সৈন্য আছিল ৭ অক্ষৌহিণী আৰু কৌৰৱৰ আছিল ১১ অক্ষৌহিণী | ১০৯৩৫০ পদাতিক + ৬৫৬১০ ঘোঁৰা + ২১৮৭০ ৰথ + ২১৮৭০ হাতী = ১ অক্ষৌহিণী

            অয়নেষু চ সৰ্ব্বেষু যথাভাগমৱস্থিতা: | 
            ভীষ্মমেৱাভিৰক্ষন্ত্ত ভবন্ত: সৰ্ব্ব এৱ হি ||  ১১
আপোনালোক সকলোৱে বেহুৰ সন্মুখত নিজ নিজ স্থান অধিকাৰ কৰি ভীষ্মক ৰক্ষা কৰক, কাৰন ভীষ্মৰ ওপৰতে আমাৰ জয়-পৰাজয় নিৰ্ভৰ কৰিছে |
            তস্য সংজনয়ন হৰ্ষং কুৰুবৄদ্ধ: পিতামহ: |
            সিংহনাদং বিনদ্যোচ্চৈ: শঙ্খং দধমৌ প্ৰতাপৱান || ১২
কুৰুবৄদ্ধ: পিতামহ ভীষ্মই দুৰ্য্যোধনৰ হৰ্ষ বৄদ্ধি কৰিবলৈ শঙ্খধ্বনি আৰু সিংহনাদ কৰিলে |
            তত: শঙ্খাশ্চ ভেৰ্য্যশ্চ পণৱানকগোমুখা: |
            সহসৈৱাভ্যহন্যম্ত স শব্দস্তুমুলোহভৱৎ || ১৩
তাৰ পিছত শঙ্খধ্বনি, ৰণভেৰি আদি নানা ৰণবাদ্যৰ ধ্বনিত এক তুমুল পৰিৱেশৰ সৄষ্টি হ’ল |

            তত: শ্চেতৈৰ্হয়ৈৰ্যুক্তে মহতি স্যন্দনে স্থিতৌ |
            মাধব: পান্ডৱশ্চৈৱ দিব্যৌ শঙ্খৌ প্ৰদধম্তু: ||  ১৪
তেতিয়া বগা ঘোঁৰাই টনা এখন বিশাল ৰথত অৱস্থিত শ্ৰীকৄষ্ণ আৰু অৰ্জ্জুনেও নিজ নিজ শঙ্খত ফুঁ দিলে |

            পাঞ্চজন্যং হৄষীকেশো দেৱদত্তং ধনঞ্জয়: |
            পৌণ্ডং দধমৌ মহাশঙ্খং ভীমকৰ্ম্মা বৄকোদৰ: || ১৫
শ্ৰীকৄষ্ণই পাঞ্চজন্য, অৰ্জ্জুনে দেৱদত্ত, মহাশক্তিশালী ভীমে পৌন্ড্ৰ নামৰ মহাশঙ্খ বাদন কৰিলে |

            অনন্তবিজয়ং ৰাজা কুন্তীপুত্ৰো যুধিস্থিৰ: |
            নকুল: সহদেৱশ্চ সুঘোষমণিপুষ্পকৌ || ১৬
কুন্তীপুত্ৰ ৰজা যুধিষ্ঠিৰে অনন্ত বিজয় আৰু নকুল-সহদেৱে গুৰু-গম্ভীৰ মাতৰ সুঘোষ আৰু মণিপুষ্পক নামৰ শঙ্খ বজালে |

            কাশ্যশ্চ পৰমেষ্বাস: শিখণ্ডী চ মহাৰথ: |
            ধৄষ্টদ্যুম্নো বিৰাটশ্চ সাত্যকিশ্চাপৰাজিত: || ১৭
            দ্ৰুপদো দ্ৰৌপদেয়াশ্চ সৰ্ব্বশ: পৄথিৱীপতে |
            সৌভদ্ৰশ্চ মহাবাহু: শঙ্খান দধমু: পৄথক পৄথক ||১৮
মহাধনুৰ্দ্ধৰ কাশীৰাজ, মহাৰথী শিখন্ডী, ধৄষ্টদ্যুম্ন, বিৰাট, অপৰাজেয় সাত্যকি, দ্ৰুপদ, দ্ৰৌপদীৰ পুত্ৰসকল, সুভদ্ৰানন্দন মহাবাহু অভিমণ্যু, সকলো বীৰেই নিজ নিজ শঙ্খ বজাবলৈ ধৰিলে |

            স ঘোষো ধাৰ্ত্তৰাষ্ট্ৰাণাং হৄদয়ানি ব্যাদাৰয়ৎ
            নভশ্চ পৄথিৱীঞ্চঐৱ তুমুলোতভ্যনুনাদয়ন || ১৯
এই শঙ্খৰ শব্দই পৄথিৱী আৰু নভোমন্ডল খলক লগাই ধৄতৰাষ্ট্ৰৰ পুত্ৰসকলৰ মনত ত্ৰাসৰ সৄষ্টি কৰিলে | 

            অথ ব্যৱস্থিতান দৄষ্টা ধাৰ্ত্তৰাষ্টান কপিধ্বজ: |
            প্ৰবৄত্তে শস্ত্ৰসম্পাতে ধনুৰুদ্যম্য পান্ডৱ: |
            হৄষীকেশং তদা বাক্যমিদমাহ মহীপতে || ২০
কৌৰৱসকলক যুদ্ধৰ কাৰণে প্ৰস্তুত হৈ থকা দেখি শৰ সন্ধানৰ বাবে হাতত গান্ডীৱ তুলি লৈ কপিধ্বজ অৰ্জ্জুনে শ্ৰীকৄষ্ণক কলে -

           অৰ্জ্জুন উৱাচ -
           সেনয়োৰুভয়োৰ্মধ্যে ৰথং স্থাপয় মেত চ্যুত || ২১
           যাৱদেতান্নিৰীক্ষেত হং যোদ্ধুকামানৱস্থিত্ন |
           কৈৰ্ম্ময়া সহ যোদ্ধব্যমস্মিন ৰণসমুদ্যমে || ২২
অৰ্জ্জুনে কলে - হে অচ্যুত, এই যুদ্ধত মই কাৰ কাৰ সৈতে যুঁজ কৰিব লাগিব তাক যাতে চাই লব পাৰো, সেয়ে উভয় সৈন্যদলৰ মাজলৈ মোৰ ৰথ লৈ ব’লা |

           য়োৎস্যমানানবেক্ষৎ হং য এতেৎত্ৰ সমাগতা: |
           ধাৰ্তৰাষ্ট্ৰস্য দুৰ্ব্বুদ্ধেৰ্যুদ্ধে প্ৰিয়চিকীৰ্যৱ: || ২৩
দুষ্টবুদ্ধি দুৰ্য্যোধনৰ প্ৰিয় কাৰ্য্য সাধনত সহায় হ’বলৈনো কোন কোন আহিছে মই তাকো যাতে ভালকৈ চাই লব পাৰো |
সঞ্জয় উৱাচ - এৱমুক্তো হৄষীকেশো গুড়াকেশেন ভাৰত |
           সেনয়োৰুভয়োৰ্ম্মধ্যে স্থাপয়িত্বা ৰথোত্তমম || ২৪
           ভীষ্মদ্ৰোণপ্ৰমুখত: সৰ্ব্বেষাঞ্চ মহীক্ষিতাম |
           উৱাচ পাৰ্থ পশ্চৈতান সমৱেতান কুৰূনিতি || ২৫
সঞ্জয়ে কলে - হে মহাৰাজ, জিতেন্দ্ৰিয় অৰ্জ্জুনে এইদৰে কোৱাত শ্ৰীকৄষ্ণই উভয় সেনাদলৰ মাজত ভীষ্ম, দ্ৰোণ আৰু অন্যান্য ৰজাসকলৰ সন্মুখত সেই উত্তম ৰথখন ৰখাই কলে - "হে পাৰ্থ, এই সমবেত কৌৰৱ সেনানীসকলক চোৱা" |

           তত্ৰাপশ্চাৎ স্থিতান পাৰ্থ: পিতৄনথ পিতামহান |
           আচাৰ্য্যম্মাতুলান ভ্ৰাতৄন পুত্ৰান পৌত্ৰান সখীংস্তথা ||
           শ্বশু ৰান সুহৄসশ্চৈৱ সেনয়োৰুভয়োৰপি || ২৬
অৰ্জ্জুনে তেতিয়া উভয় সৈন্যদলৰ ভিতৰত পিতামহ, পিতৃস্থানীয়, খুড়াক, আচাৰ্য্য, মাতুল, ভাই, ককাই, পো, নাতি, শহুৰ, ইষ্টমিত্ৰ, কুটুম্ব আদিক দেখা পালে |

           তান সমীক্ষ্য স কৌন্তেয়: সৰ্ব্বান বন্ধু নৱস্থিতান |
           কৄপয়া পৰয়াবিষ্টো বিষীদন্নিদমব্ৰবীৎ || ২৭
সকলো বন্ধু-বান্ধৱ, ইষ্টকুটুম্ব আদি আহি পৰস্পৰে যুদ্ধ কৰিবলৈ উদ্যত হোৱা দৃশ্যত দয়া পৰৱশ অৰ্জ্জুনে শোকাকুল হৈ কবলৈ ধৰিলে |

           অৰ্জ্জুন উৱাচ -
           দৄষ্ট্বেমান স্বজনান কৄষ্ণ যুযুৎসুন সমৱস্থিতান |
           সীদন্তি মম হাত্ৰাণি মুখঞ্চ পৰিশুষ্যতি || ২৮
অৰ্জ্জুনে কলে - হে কৃষ্ণ, পৰস্পৰে যুদ্ধ কৰিবলৈ গোট খোৱা আপোন মানুহবোৰ দেখি মোৰ গোটেই শৰীৰ অৱশ হৈ পৰিছে আৰু মুখ শুকাই গৈছে |

            বেপথুশ্চ শৰীৰে মে ৰোমহৰ্ষশ্চ জায়তে |
           গান্ডীৱং স্ৰংসতে হস্তাং ত্বক চৈৱ পৰিদহ্যতে || ২৯
মোৰ শৰীৰত কঁপনি উঠিছে | নোমবিলাক শিয়ঁৰি উঠিছে | হাতৰ গান্ডীৱ ধনু খহি পৰিছে আৰু গাত পোৰণি উঠিছে |

           ন চ শক্লোম্যৱস্থাতুং ভ্ৰমতীৱ চ মে মন: |
           নিমিত্তানি চ পশ্যামি বিপৰীতানি কেশৱ || ৩০
হে কেশৱ, মই অস্থিৰ হৈ পৰিছো আৰু নমৰ ভ্ৰম ঘটিছে | মই অনেক ৰকমৰ কুলক্ষণ দেখা পাইছো |

           ন চ শ্ৰেয়োৎনুপশ্যামি হত্বা স্বজনমাহৱে |
           ন কাঙেক্ষ বিজয়ং কৄষ্ণ ন চ ৰাজ্যং সুখানি চ || ৩১
যুদ্ধত আত্মীয় স্বজনক বধ কৰি একো মঙ্গল নহয় | মই জয়ী হ’বলৈকো নিবিচাৰো, ৰাজ্য আৰু সুখ ভোগো নালাগে |

           কিং নো ৰাজ্যেন গোবিন্দ কিং ভোগৈৰ্জীৱিতেন বা |
           যেষামৰ্থে কাঙিক্ষতং নো ৰাজ্যং ভোগা: সুখানি চ || ৩২
           ত ইমেৎ ৱস্থিতা যুদ্ধে প্ৰাণাংস্ত্যক্ত্বা ধনানি চ |
           আচাৰ্য্যা: পিতৰ: পুত্ৰাস্তথৈৱ চ পিতামহা: |
           মাতুলা: শ্বশুৰা: পৌত্ৰা: শ্যালা: সম্বন্ধিনস্তথা || ৩৩
           এতান্ন হস্তমিচ্ছামি ঘ্নাতোৎপি মধুসুদন |
           অপি ত্ৰৈলোক্যৰাজ্যস্য হেতো: কিং নু মহীকৄতে || ৩৪
হে গোবিন্দ, যাৰ কাৰনে ৰাজ্যসম্পদ, সুখ, ভোগ আদি কামনা কৰো, সেই গুৰুজন, পিতৃ-পিতামহ, ভাই-ককাই, মোমাই, শহুৰ, পুত্ৰ, নাতি, মিতিৰ, কুটুম্ব, সেই সকলোৱে ধন প্ৰাণ বিসৰ্জন দি যুদ্ধ কৰিবলৈ আহিছে | আমাৰ ৰাজ্যৰে বা প্ৰয়োজন কি ? জীৱনৰে বা প্ৰয়োজন কি ?
হে মধুসুধন, এওঁলোকে আমাক বধ কৰিলেও, পৃথিৱী লাভৰ কাৰণে যে নকৰোৱেই, তিনিওলোকৰ ৰাজত্ব লাভৰ কাৰনেও মই যুদ্ধ নকৰো | ধৄতৰাষ্ট্ৰৰ পুত্ৰসকলক বধিলে আমাৰ কি সুখ হব ? 

           নিহত্য ধাৰ্ত্তৰাষ্ট্ৰান ন: কা প্ৰীতি: স্যাজ্জনাৰ্দ্দন |
           পাপমেৱাশ্ৰয়েদস্মান হত্বৈতানাততায়িন: || ৩৫
           তস্মান্নাৰ্হা: বয়ং হন্তুং ধাৰ্ত্তৰাষ্ট্ৰান স্ববান্ধবান |
           স্বজনং হি কথং হত্বা সুখিন: শ্যাম মাধৱ || ৩৬
এওঁলোক আততায়ী হলেও সবান্ধৱে ধৄতৰাষ্ট্ৰৰ পুত্ৰসকলক বধিলে পাপেহে চুব | এওঁলোক আমাৰ আপোনজন - গতিকে বধ কৰিনো কি সুখ পাম ?

           যদ্যপ্যেতে ন পশ্যন্তি লোভোপহতচেতস: |
           কুলক্ষয়কৄতং দোষং মিত্ৰদ্ৰোহে চ পাতকম || ৩৭
           কথং ন জ্ঞেয়মস্মাভি: পাপাদস্মান্নিৱৰ্ত্তিতুম |
           কুলক্ষয়কৄতং দোষং প্ৰপশ্যদ্ভিৰ্জনাৰ্দ্দন || ৩৮
যদিও তেওঁলোকে লোভত পৰি হতবুদ্ধি হৈ কুলক্ষয় আৰু মিত্ৰদ্ৰুহৰ পাপ দেখা নাই, কিন্তু আমিতো কুলক্ষয়ৰ দোষ জানো |

           কুলক্ষয়ে প্ৰণশ্যন্তি কুলধৰ্ম্মা: সনাতনা: |
           ধৰ্ম্মে নষ্টে কুলং কৄৎস্নমধৰ্ম্মোৎ ভিভৱত্যুত || ৩৯
কুলক্ষয় হ’লে সনাতন ধৰ্ম অৰ্থাৎ পৰম্পৰা প্ৰাপ্ত প্ৰচলিত আচাৰ নীতি নাশ হৈ ভ্ৰষ্টাচাৰে সমস্ত কুলধৰ্ম কলুষিত কৰে |

           অধৰ্ম্মাভিভৱাৎ কৃষ্ণ প্ৰদুষ্যন্তি কুলস্ত্ৰিয়:
           স্ত্ৰীষু দুষ্টাসু বাৰ্ষ্ণেয় জায়তে বৰ্ণ-সংকৰ: | ৪০
 হে কৃষ্ণ, বংশত অধৰ্ম্ম সোমালে তিৰোতাবোৰ ব্যাভিচাৰিণী হয় | ব্যাভিচাৰিণী হলে বৰ্ণ সঙ্কৰৰ উত্‍পত্তি হয় |

           সঙ্কবো নৰকায়ৈৱ কুলঘ্নানাং চ |
    পতন্তি পিতৰো হ্যেষাং লুপ্তপিণ্ডোদকক্ৰিয়া || ৪১
বৰ্ণ সঙ্কৰবোৰ কুলঘাতীসকলৰ নিজৰ আৰু গোটেই বংশৰ নৰকগামী হোৱাৰ কাৰণ হয় | কাৰণ পিতৄসকলৰ জলপিণ্ড লুপ্ত হৈ নৰক বাস হয় |

           দোষৈৰেতৈ: কুলঘ্নানাং বৰ্ণসঙ্কৰকাৰকৈ: |
    উত্‍সাদ্যন্তে জাতিধৰ্ম্মা: কুলধৰ্ম্মাশ্চ শাশ্চতা: || ৪২
কুলঘাতীসকলৰ বৰ্ণ সঙ্কৰ উত্‍পাদন কৰ্ম্মৰ দোষতে চিৰাচৰিত কুলধৰ্ম্ম আৰু জাতি ধৰ্ম্ম নাশ হয় |

           উত্‍সন্নকুলধৰ্ম্মানাং মনুষ্যাণাং জনাৰ্দ্দন |
           নৰকে নিয়তং বাসো ভবতীত্যনুশুশ্ৰুম || ৪৩
হে জনাৰ্দ্দন, আমি শুনিছো যে কুলধৰ্ম্ম নষ্ট হলে চিৰকাল নৰক বাস হয় |

          অহো বত মহত্‍ কৰ্ত্তুং ব্যৱসিতা বয়ম |
          যদ ৰাজ্যসুখলোভেন হন্ত্তুং স্বজনমুদ্যতা: || ৪৪
হায় হায়, আমি ৰাজ্য লোভত জ্ঞাতিবধ জনিত মহাপাপ কৰিবলৈ ওলাইছো |

          যদি মাম প্ৰতীকাৰমশস্ত্ৰং শস্ত্ৰপাণয়: |
           ধাৰ্ত্ত ৰাষ্ট্ৰা ৰণে হন্যুস্তন্মে ক্ষেমতৰং ভৱেত্‍ || ৪৫
মোক যদি নিৰস্ত্ৰ বা আত্মৰক্ষা কৰিবলৈ কোনো চেষ্টা নকৰা অৱস্থাত কৌৰৱগণে ৰণত বধো কৰে সিও মোৰ কল্যানৰ কাৰণেহে হ|

সঞ্জয় উৱাচ -
     এৱমুক্তাৰ্জ্জুন: সঙ্খ্যে বথোপস্থ উপাবিশত্‍ |
            বিসৄজ্য শৰং চাপং শোকসং বিগ্নমানস: || ৪৬
সঞ্জয়ে কলে - শোক কাতৰচিত্ত অৰ্জ্জুনে এইদৰে নিজৰ হৄদয় বেদনা কৄষ্ণৰ আগত প্ৰকাশ কৰি যুদ্ধক্ষেত্ৰত ধনু-শৰ ত্যাগ কৰি শোকাভিভুত হৈ বিষণ্ণ মনে ৰথৰ ওপৰত বহি পৰিল |

      ইতি শ্ৰীমহাভাৰতে শতসাহাস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
             ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম-
             বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুন-সম্বাদে
             অৰ্জ্জুনবিষাদযোগো নাম
             প্ৰথমোত্‍অধ্যায় |

************************************************

13 comments:

  1. অসমীয়া সাহিত্যৰ ভৰাঁলত আপুনি অনবদ্য অৱদান আগবঢ়ালে। অভিনন্দন থাকিল। আশা ৰাখিছো বাকীখিনি অধ্যায় অচিৰেই সম্পূৰ্ণ কৰিব।

    ReplyDelete
  2. অতি সজ প্ৰচেষ্টা৷ অসমীয়া ভাবাৰ্থই গীতাৰ মৰ্ম উপলব্দ্ধি কৰাত সহায়ক হব ৷

    ReplyDelete
  3. অপূৰ্ব্ব...অপূৰ্ব্ব........|

    ReplyDelete
  4. অতি সুন্দৰ প্ৰচেষ্টা|

    ReplyDelete
  5. ইউনিকোডত শ্ৰীমদ্ভগৱদগীতাৰ অসমীয়া ভাঙনি পঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ....

    ReplyDelete
  6. অসমীয়াত শ্ৰীমদ্ভাগৱত পঢ়িবলৈ পোৱাৰ বাৱে অশেষ ধন্যবাদ

    ReplyDelete
  7. অতি সুন্দৰ বিৱৰণ দাঙি ধৰাৰ কাৰণে বহুত বহুতে
    ধন্যবাদ ধন্যবাদ।

    ReplyDelete
  8. আৰু আগলৈও লিখিৱ

    ReplyDelete
  9. অতি সুন্দৰ

    ReplyDelete
  10. অতি সুন্দৰ আৰু আদৰণীয় ।

    ReplyDelete
  11. প্ৰথম অধ্যায়ৰ বাহিৰে বাকী অধ্যায় সমূহ খোলা নাই reload দেখুৱাইছে।

    ReplyDelete
  12. অশেষ ধন্যবাদ

    ReplyDelete