Saturday 31 December 2011

গীতা মাহাত্ম্য - শ্ৰীমদ্ভগৱদগীতাৰ অষ্টম অধ্যায়ৰ শ্লোকখিনিৰ অসমীয়া ভাঙনি

(শ্ৰীকৄষ্ণাই চৰণম নম: |  শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৄষ্ণৰ তাত্বিক উপদেশ | ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে গীতাত | আমি অল্পমতি, লিখি যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছো | এই কামটো কৰোতে কেইবাখনো কিতাপৰ সহায় লৈছো |)
অষ্টম অধ্যায় - অক্ষৰব্ৰক্ষ্মযোগ: |

অৰ্জ্জুন উৱাচ -
           কিং তদব্ৰক্ষ্ম কিমধ্যাত্মং কিং কৰ্ম্ম পুৰুযোত্তম |
           অধিভুতঞ্চ কি প্ৰোক্তমধিদৈৱং কিমুচ্যতে || ১
অৰ্জ্জুনে সুধিলে - হে অচ্যুত, হে পুৰুষোত্তম, সেই ব্ৰক্ষ্ম কি, অধ্যাত্ম কৰ্ম্ম কি, অধিভূত কি, আৰু অধিদৈৱই বা কাক বোলে ?

           অধিযজ্ঞ: কথং কোত্‍ত্ৰ দেহেত্‍ স্মিন মধুসুধন |
           প্ৰয়াণকালে চ কথং জ্ঞেয়োত্‍ সি নিয়তাত্মভি: || ২
হে মধুসুধন, এই দেহত অধিযজ্ঞ কোন আৰি কেনেকৈ অৱস্থান কৰে ? মৃত্যু কালত সংযতাত্মা পুৰুষেনো তোমাক কেনেকৈ জ্ঞাত হয় ?

শ্ৰীভগৱান উৱাচ -
           অক্ষৰং ব্ৰক্ষ্ম পৰমং স্বভাবোত্‍ ধ্যাত্মমুচ্যতে |
           ভূতভাৱোদ্ভৱকৰো বিসৰ্গ: কৰ্ম্মসংজ্ঞিত: || ৩
ভগৱানে ক’লে - অবিনাশী, সৰ্ব্বশ্ৰেষ্ঠ, মূলতত্ত্ব ’ব্ৰক্ষ্ম’ (অৰ্থাত্‍ পৰমাত্মা) পৰমাত্মাৰ প্ৰতিদেহত স্ব স্ব ভাবত অৱস্থিতি ’অধ্যাজ্ঞ’ | স্থাৱৰ জঙ্গমাত্মক প্ৰাণী জগতৰ উত্‍পত্তি কাৰকৰ যি ত্যাগ (যজ্ঞাদি) সেয়ে কৰ্ম্ম নামে কথিত হৈছে |

            অধিভূতং ক্ষৰো ভাৱ: পুৰুষশ্চাধিদৈৱতম |
            অধিযজ্ঞোত্‍হমেবাত্ৰ দেহে দেহভূতাং বৰ || ৪
বিনাশশীল বস্তু মানেই ’অধিভূত’, সূৰ্য্যমণ্ডল মধ্যৱৰ্ত্তী হিৰণ্যগৰ্ভ পুৰুষ ’অধিদৈৱ’ হে দেহধাৰীসকলৰ শ্ৰেষ্ঠ | প্ৰাণীসমূহৰ এই দেহত ময়েই ’অধিযজ্ঞ’ |

            অন্তকালে চ মামেৱ স্মৰণমুক্ত্বা কলেৱৰম |
            য: প্ৰয়াতি মদ্ভাৱং যাতি নাস্ত্যত্ৰ সংশয় || ৫
অন্তকালত মোক স্মৰণ কৰি যি দেহ ত্যাগ কৰি লোকান্তৰলৈ যায়, তেওঁ নিসন্দেহে মোৰ স্বৰূপ প্ৰাপ্ত হয় |

             যং যং বাপি স্মৰণ ভাৱং ত্যাজত্যন্তে কলেৱৰম |
             তং তমেবৈতি কৈন্তেয় সদা তদ্ভাৱভাৱিত: || ৬
হে অৰ্জ্জুন, অন্তকালত যি যি ভাবলৈ দেহ ত্যাগ কৰে, জীৱিত কালত সদায় সেই ভাবতে ভাবিত থকাৰ কাৰণে মৃত্যুৰ পাচতো তাকেই পায় |

             তস্মাত্‍ সৰ্ব্বেষু কালেষু মামনুস্মৰ যুধ্য চ |
             মষ্যৰ্পিতমনোবুদ্ধিৰ্ম্মামেবৈষ্যস্যসংশয়ম || ৭
সেই কাৰণে সদা সৰ্ব্বদা মোক স্মৰণ কৰা, আৰু যুদ্ধও কৰা | (মোৰ নিৰ্দ্দিষ্ট কৰ্ম্ম ভাবনাৰে স্বধৰ্ম্ম পালন কৰা) মোতে মন বুদ্ধি অৰ্পিত হলেহে নি:সন্দেহে (দেহ ত্যাগৰ পাছত) মোক পাবা |

              অভ্যাসযোগযুক্তেন চেতনা নান্যগামিনা |
              পৰমং পুৰুষাং দিব্যং যাতি পাৰ্থানুচিন্তয়ন || ৮
হে পাৰ্থ, অভ্যাস যোগ যুক্ত একাগ্ৰ-চিত্ত সাধকে মোক চিন্তা কৰি কৰি জ্যোতিৰ্ম্ময় পৰম পুৰুষ পৰমেশ্বৰকে প্ৰাপ্ত হয় | 

             কবিং পুৰাণমনুশাসিতাৰ
                    মণোৰণীয়াংসমনুস্মৰেদ য: |
             সৰ্ব্বস্য ধাতাৰমচিন্ত্যৰূপ
                    মাদিত্যবৰ্ণং তমস: পৰস্তাত্‍ || ৯
             প্ৰয়াণকালে মনসাত্‍চলেন
                    ভক্ত্যা যুক্তো যোগবলেন চৈৱ |
             ভ্ৰবোৰ্ম্মধ্যে প্ৰাণমাবেশ্য সম্যক
                    স তং পৰং পুৰুষমুপৈতি দিব্যম || ১০
সৰ্ব্বজ্ঞ, অনাদি, সৰ্ব্বনিয়ন্তা, সুক্ষ্মাতিসুক্ষ্ম, সৰ্ব্বলোক পালক, অচিন্ত্যৰূপ, আদিত্যৰূপ, আদিত্যবত্‍ স্ব প্ৰকাশক আৰু সৰ্ব্ব প্ৰকাশক, প্ৰকৃতিৰ অতীত সেই পৰম পুৰুষক যি জনে অন্তকালত অবিচলিত চিত্তে ভক্তি আৰু যোগ বলেৰে সমাহিত হৈ আজ্ঞাচক্ৰত প্ৰাণ বায়ুক নিৰোধ কৰি সেই জ্যোতিৰ্ম্ময় পৰম পুৰুষত প্ৰাপ্ত হয় |

              যদক্ষৰং বেদবিদো বদন্তি
                     বিশন্তি যদ যতয়ো বীতৰাগা: |
              যদিচ্ছন্তো ব্ৰক্ষ্মচৰ্য্যত্‍ চৰন্তি
                     তত্‍ তে পদং সংগ্ৰহেণ প্ৰবক্ষ্যে || ১১
বেদবিত্‍ পণ্ডিতসকলে যাক অক্ষৰ ব্ৰক্ষ্ম বুলি কয়, বিষয়াসক্তি শূণ্য সন্যাসীসকল য’ত লীন হয়, যাক পাবৰ কাৰণে লোকে ব্ৰক্ষ্মচৰ্য্য ব্ৰত অৱলম্বন কৰে মই সেই ব্ৰক্ষ্ম পদ (বিষ্ণুৰ পৰম পদ) প্ৰাপ্তিৰ প্ৰকৃষ্ট উপায় তোমাক চমুকৈ কৈছো |

               সৰ্ব্বদ্বাৰাণি সংযম্য মনো হৃদি নিৰুধ্য চ |
               মুৰ্ধ্ন্যাধায়াত্মন: প্ৰামাণস্থিতো যোগধাৰণাম || ১২
               ওমিত্যেকাক্ষৰং ব্ৰক্ষ্ম ব্যাহৰন মামনুস্মৰন |
               য: প্ৰয়াতি ত্যজন দেহং স যাতি পৰমাং গতিম || ১৩
সকলো ইন্দ্ৰিয় সংযত কৰি মনক হৃত্‍পদ্মত নিৰোধ কৰি (অৰ্থাত্‍ অন্য চিন্তা পৰিহৰি প্ৰাণ বায়ুক মস্তকত স্থাপন কৰি আত্ম যোগত ধৈৰ্য্য অবলম্বন পূৰ্ব্বক অৰ্থাত্‍ সমাধিস্থ হৈ মোক স্মৰণ কৰি "ওঁ" এই একাক্ষৰ ব্ৰক্ষ্মবাচক শব্দ উচ্চাৰণ কৰি যি জনে দেহ ত্যাগ কৰে তেওঁ পৰম গতি (শ্ৰীবিষ্ণুৰ পৰম পদ) লাভ কৰে |

               অনন্যচেতা: সততং যো মাং স্মৰতি নিত্যশ: |
               তস্যাহং সুলভ: পাৰ্থ নিত্যযুক্তস্য যোগিন: || ১৪
হে পাৰ্থ, যি একান্তমনে সততে মোকে চিন্তা কৰে সেই নিত্যযুক্ত যোগীৰ পক্ষে মোক লাভ কৰা সহজ |

                মামুপেত্য পুনৰ্জ্জন্ম দু:খালয়মশাশ্বতম |
                নাপ্নুবন্তি মহাত্মান: সংসিদ্ধিং পৰমাং গতা: || ১৫
মহাত্মাসকলে মোক (পৰমাত্মাক) লাভ কৰি অনিত্য বহু ক্লেশপূৰ্ণ পুনৰ্জ্জন্ম গ্ৰহণ কৰিব নালাগে | তেওঁলোকৰ পৰম সিদ্ধি লাভ হয় |

                আব্ৰক্ষ্মতুৱানাল্লোকা: পুনৰাবৰ্ত্তিনোত্‍ অৰ্জ্জুন |
                মামুপেত্য তু কৌন্তেয় মুনৰ্জ্জন্ম ন বিদ্যতে || ১৬
হে অৰ্জ্জুন, ব্ৰক্ষ্মলোকৰ পৰা আৰম্ভ কৰি চৌধ্য ভূৱনৰ সমস্ত প্ৰাণীৰে পুনৰ্জ্জন্ম আছে | কিন্তু মোক লাভ কৰিলে আৰু পুনৰ্জ্জন্ম নাই |

                 সহস্ৰযুগপৰ্য্যন্তমহৰ্ষদ ব্ৰক্ষ্মণো বিদু: |
                 ৰাত্ৰিং যুগসহস্ৰান্তাং তেত্‍ হোৰাত্ৰবিদো জনা: || ১৭
সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি - এই চাৰি যুগত এক মহাযুগ | এনে হাজাৰ যুগে ব্ৰক্ষ্মাৰ এদিন, আৰু এনে হাজাৰ যুগে এৰাতি | এই সকলো তথ্য বুজাজন অহোৰাত্ৰবিত্‍ | 

                 অব্যক্তাদ ব্যক্তয়: সৰ্ব্বা: প্ৰভৱস্ত্যহৰাগমে |
                 ৰাত্ৰ্যাগমে প্ৰলীয়ন্তে তত্ৰৈবাব্যক্তসংজ্ঞকে || ১৮
ব্ৰক্ষ্মাৰ ৰাতি পুৱালে অব্যক্তৰ পৰা সমস্ত ব্যক্ত চৰাচৰ উত্‍পন্ন হয় আকৌ ৰাতি হলে তত্‍ সমস্ত সেই অব্যক্ততে বিলীন হৈ যায় |

                 ভূতগ্ৰাম: স এৱায়ং ভূত্বা ভুত্বা প্ৰলীয়তে
                 ৰাত্ৰ্যাগমেত্‍ বশ: পাৰ্থ প্ৰভৱত্যহৰাগমে || ১৯
হে অৰ্জ্জুন, সেয়ে এই সমস্ত প্ৰাণিজগত বাধ্য হৈ (স্বেচ্ছাই নহয়) পুন: পুন: উত্‍পন্ন হৈ ব্ৰক্ষ্মাৰ ৰাতি আহিলে লয় হৈ যায় আৰু দিন আহিলে আকৌ উত্‍পন্ন হয় |

                  পৰস্তস্মাত্তু ভাৱোত্‍ ন্যোত্‍ বক্তোত্‍ ব্যক্তাত্‍ সনাতন: |
                  য: স সৰ্ব্বেষু ভূতেষু নশ্যত্‍সু ন বিনশ্যতি || ২০
কিন্তু সেই চৰাচৰ বিশ্বৰ কাৰণ অব্যক্তৰো ওপৰত এটি চিৰন্তন অন্যক্ত সদ পদাৰ্থ বিদ্যামান আছে, যি সকলোবোৰ প্ৰাণী নষ্ট হৈ গলেও সি বিনষ্ট নহয় |

                  অব্যক্তোত্‍ক্ষৰ ইতুক্তস্তমাহু: পৰমাং গতিম |
                  যং প্ৰাপ্য ন নিবৰ্ত্তন্তে তদ্ধাম পৰমং মম || ২১
যি অব্যক্ত তাকে অক্ষৰ বোলা হয় | সেই অক্ষৰ নামক অব্যক্ত সত্তা লাভকে জীৱৰ পৰম গতি বুলি শাস্ত্ৰজ্ঞসকলে নিৰ্ণয় কৰিছে | যি গতি পালে আকৌ সংসাৰলৈ আহিব নালাগে সেই সৰ্ব্বোত্‍কৃষ্ট স্থান মোৰ |

                  পুৰুষ: স পৰ: পাৰ্থ ভক্ত্যা লভ্যস্ত্বনন্যয়া |
                  যস্যান্ত:স্থানি ভূতানি যেন সৰ্ব্বমিদং ততম || ২২
হে অৰ্জ্জুন, সমস্ত ভূত যাৰ অন্তৰত আৰু যি এই সমস্ততে পৰিব্যাপ্ত হৈ আছে, সেই পৰম পুৰুষক কেৱলমাত্ৰ অনন্যা ভক্তিৰ দ্বাৰাইহে পাব পাৰি |

                  যত্ৰ কালে ত্বনাবৃত্তিমাবৃত্তিঞ্চৈৱ যোগিন: |
                  প্ৰয়াতা যান্তি তং কালং বক্ষ্যামি ভাৰতৰ্ষভ || ২৩  
হে ভাৰত, যি কালত মৃত্যু ঘটিলে যোগীৰ সংসাৰলৈ পুন: ঘুৰি আহিব নালাগে আৰু যি কালত পুনৰাৱৰ্তন হয় মই সেই কালৰ বৰ্ণনা কৰিম |

                  অগ্নিৰ্জ্জোতিৰহ: শুক্ল: যণ্মাসা উত্তৰায়ণম |
                  তত্ৰ প্ৰয়াতা গচ্ছন্তি ব্ৰক্ষ্ম ব্ৰক্ষ্মবিদো জনা: || ২৪
অগ্নি, জ্যোতি, দিন, শুক্লপক্ষ আৰু উত্তৰায়ণ ছমাহ এই কেইজন কালাভিমানী দেৱতাৰ দ্বাৰা অধিষ্ঠিত পথেদি গমন কৰি ব্ৰক্ষ্মজ্ঞ লোকসকলে ব্ৰক্ষ্মলাভ কৰে |

                 ধূমো ৰাত্ৰিস্তথা: কৃষ্ণ: যণ্মাসা দক্ষিণায়নম |
                 তত্ৰ চান্দ্ৰনসং জ্যোতিৰ্যোগী প্ৰাপ্য নিবৰ্ত্ততে || ২৫
ধূম, ৰাত্ৰি, কৃষ্ণপক্ষ আৰু দক্ষিণায়ণ ছমাহ এই কেইজন কালাভিমানী দেৱতাৰ অধিষ্ঠিত পথেদি গমন কৰা (ফলাসক্তি থকা) কৰ্ম্মীপুৰুষে চন্দ্ৰ সম্বন্ধীয় জ্যোতিৰ্ম্ময় লোকত সুখানুভৱ কৰি আকৌ সংসাৰলৈ ঘূৰি আহে |

                  শুক্লকৃষ্ণে গতি হ্যেতে জগত: শাশ্বতে মতে |
                  একয়া যাত্যনাবৃত্তিমন্যয়াবৰ্ত্ততে পুন: || ২৬
শুক্ল আৰু কৃষ্ণ এই দুটা জগতৰ অনাদি সিদ্ধ গতি বুলি প্ৰসিদ্ধ | এই দুটাৰ এটাত মৃত্যু হলে পুনৰ্জ্জন্ম নহয়, অৰ্থাত্‍ মোক্ষ লাভ হয়, আনটোত মৃত্যু হলে পুনৰ্জ্জন্ম প্ৰাপ্ত হয় |

                  নৈতে সৃতী পাৰ্থ জানন যোগী মুহ্যতি কশ্চন |
                  তস্মাত্‍ সৰ্ব্বেষু কালেষু যোগযুক্তো ভৱাৰ্জ্জুন || ২৭
হে পাৰ্থ, এই দুয়োটা মাৰ্গ জনা থাকিলে কোনো যোগীয়েই নিজ কৰ্ত্তব্য সম্বন্ধে মোহগ্ৰস্ত নহয় | সেই কাৰণে হে অৰ্জ্জুন, তুলি সকলো সময়তে যোগমুক্ত হোৱা |

                  বেদেষু যজ্ঞেষু তপ:সু চৈৱ
                             দানেষু যত্‍ পুণ্যফলং প্ৰদিষ্টম |
                  অত্যেতি তত্‍ সৰ্ব্বমিদং বিদিত্বা
                            যোগী পৰং স্থানমুপৈতি চাদ্যম || ২৮
এই (অনাবৃত্তি আৰু আবৃত্তিৰ) তত্বটো জানি বেদ, যজ্ঞ, তপস্যা, দান এইবোৰৰ অনুষ্ঠানত যি পুণ্যফল উপদিষ্ট হৈছে, সেই সকলোবোৰ যোগী পুৰুষে অতিক্ৰম কৰে আৰু জগত্‍ কাৰণ পৰম স্থান (শ্ৰীবিষ্ণুৰ পৰম পদ) ভাল কৰে |

                     ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
                            ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
                                 বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
                                 অক্ষৰব্ৰক্ষ্মযোগো নাম অষ্টমোত্‍ধ্যায়: ||
*******************************************************

Friday 30 December 2011

গীতা মাহাত্ম্য - শ্ৰীমদ্ভগৱদগীতাৰ সপ্তম অধ্যায়ৰ শ্লোকখিনিৰ অসমীয়া ভাঙনি

(শ্ৰীকৄষ্ণাই চৰণম নম: | শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৄষ্ণৰ তাত্বিক উপদেশ | ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে গীতাত | আমি অল্পমতি, লিখি যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছো | এই কামটো কৰোতে কেইবাখনো কিতাপৰ সহায় লৈছো |)
সপ্তম অধ্যায় - জ্ঞানবিজ্ঞানযোগ |
শ্ৰীভগৱান উৱাচ -

              মষ্যাসক্তমনা: পাৰ্থ যোগং যুঞ্জম্মদাশ্ৰয়: |
               অসংশয়ং সমগ্ৰং যথা জ্ঞাস্যসি তচ্ছৄণু ||
ভগৱানে কলে - হে অৰ্জ্জুন, মোতে একান্ত আসক্ত চিত্ত হৈ আৰু মোৰে শৰণাগত হৈ কৰ্ম্মযোগৰ আচৰণ কৰোতে নি:সংশয় ভাবে মোৰ পূৰ্ণ স্বৰূপ কেনেকৈ উপলব্ধি কৰিব পাৰিবা তাক কওঁ শুনা |
               জ্ঞানং তেত্‍ হং সবিজ্ঞানমিদং ৱক্ষ্যাম্যশেষত: |
               যজজ্ঞাত্বা নেহ ভূয়েত্‍ন্যজ জ্ঞাতব্যমৱশিষ্যতে ||
হে অৰ্জ্জুন, মই তোমাক এতিযা জ্ঞান আৰু বিজ্ঞানৰ বিষয়ে সকলো কথা বিশেষভাবে বুজাম | যিখিনি জানিলে এই সংসাৰত তোমাৰ আৰু একো জানিবলগীয়া বিষয় বাকী নাথাকিব |

              মনুষ্যাণাং সহশ্ৰেষু কশ্চিদ যততি সিদ্ধয়ে |
           যততামপি সিদ্ধানাং কশ্চিম্মাং বেত্তি তত্বত: ||
হাজাৰ হাজাৰ মানুহৰ ভিতৰত কোনোবা এজনেহে সিদ্ধি লাভৰ কাৰণে যত্ন কৰে | আকৌ যত্ন কৰা সকলৰ ভিতৰতো কোনোবা এজনেহে মোক যথাৰ্থৰূপে বুজে |
               ভূমিৰাপোত্‍ নলো বায়ু খং মনো বুদ্ধিৰেৱ চ |
               অহঙ্কাৰ ইতীয়ং মে ভিন্না প্ৰকৄতিৰষ্টধা ||
ক্ষিতি, অপ, তেজ, মৰুত্‍, ব্যোম, মন, বুদ্ধি, অহঙ্কাৰ - এই আঠবিধ মোৰ ঐশ্বৰিক মায়াশক্তিৰ ভেদ |

               অপৰেয়মিতস্ত্বন্যাং প্ৰকৃতিং বিদ্ধি মে পৰাম |
               জীৱভূতাং মহাবাহো যয়েদং ধাৰ্য্যতে জগত্‍ ||
এই আঠবিধ অপৰা (নিকৃষ্টা) প্ৰকৃতি | ইয়াৰ বাহিৰে মোৰ আৰু এবিধ পৰা (শ্ৰেষ্ঠা) প্ৰকৃতি আছে - সি জীৱস্বৰূপ | হে মহাবাহো সেই জীৱস্বৰূপা প্ৰকৃতিৰ দ্বাৰা এই জগত ধৃত হৈছে |
               এতদযোনীনি ভূতানি সৰ্ব্বাণীভ্যুপধাৰয় |
               অহং কৄত্‍স্নস্য জগত: প্ৰভৱ: প্ৰলয়স্তথা ||
স্থাৱৰ-জঙ্গমাত্মাক এই সমস্ত জগত এই দুবিধ প্ৰকৃতিৰ পৰাই জন্ম হৈছে | গতিকে ময়ে সমস্ত জগতৰ উত্‍পত্তি আৰু প্ৰলয়ৰ কাৰণ |
                মত্ত: পৰতৰং নান্যত্‍ কিঞ্চিদস্তি ধনঞ্জয় |
                ময়ি সৰ্ব্বমিদং প্ৰোতং সূত্ৰে মণিগণা ইৱ ||
হে অৰ্জ্জুন, মোতকৈ শ্ৰেষ্ঠ আৰু একো নাই | সূতাত মণি গাঁঠি ৰখাৰ দৰে মোতে এই নিখিল বসুন্ধৰা গঁঠা আছে |
               ৰসোত্‍হমপ্সু কৌন্তেয় প্ৰভাস্মি শশিসূৰ্য্যয়ো: |
               প্ৰণৱ: সৰ্ব্বৱেদষু শব্দ: খে পৌৰুষং নৄষ ||
               পুণ্যো গন্ধ: পৄথিব্যাঞ্চ তেজশ্চাস্মি ৱিভাৱসৌ |
               জীৱনং সৰ্ব্বভুতেষু তপশ্চাস্মি তপস্বিষু ||
হে অৰ্জ্জুন, পানীত যো ৰস (ৰস তন্মাত্ৰ), চন্দ্ৰ-সূৰ্য্যত যি প্ৰভা (ৰূপ তন্মাত্ৰ), সৰ্ব্ববেদ আৰু প্ৰণব (ওঁ কাৰ), আকাশত যি শব্দ (শব্দ তন্মাত্ৰ), মানুহত যি উদ্যম, পৃথিৱীৰ যি গন্ধ (গন্ধ তন্মাত্ৰ), অগ্নিত যি তাপ (স্পৰ্শ তন্মাত্ৰ), সৰ্ব্বভুতত যি প্ৰাণ আৰু তপস্বীত যি তপ এই সকলোবোৰ মই |

               ৱীজং মাং সৰ্ব্বভুতানাং বিদ্ধি পাৰ্থ সনাতনম |
               বুদ্ধিবুৰ্দ্ধিমতামস্মি তেজস্তেজস্বিনামহম | ১০
হে পাৰ্থ, মোক সৰ্ব্বভুতৰ সনাতন বীজ বুলি জানিবা | মই বুদ্ধিমানৰ বুদ্ধি আৰু তেজস্বীৰ তেজ |

               বলং বলৱতাং চাহং কামৰাগবিবৰ্জ্জিতম |
               ধৰ্ম্মাৱিৰুদ্ধো ভূতেষু কামোত্‍ স্মি ভাৰতষৰ্ভ || ১১
হে ভাৰতকুল শ্ৰেষ্ঠ অৰ্জ্জুন, মই বলশালীসকলৰ কামনা আৰু আসক্তি বিবৰ্জিত বল | জীৱবিলাকৰ ধৰ্ম্মৰ অবিৰোধী কামো (কামনা) ময়ে |

              যে চৈৱ সাত্ত্বিকা ভাৱা ৰাজসাস্তামসাশ্চ যে |
               মত্ত এৱেতি তান বিদ্ধি ন ত্বহং তেষু ময়ি || ১২
এই যিবোৰ সাত্বিক, ৰাজসিক আৰু তামসিক ভাৱ সংসাৰত আছে সেইবোৰ মোৰ পৰাই উত্‍পন্ন বুলি জানিবা | মই সেই ভাৱবোৰত আৱদ্ধ নহওঁ, কিন্তু সেইবোৰৰ স্থিতি মোতে |
                ত্ৰিভিৰ্গুণময়ৈৰ্ভাৱৈৰেভি: সৰ্ব্বমিদং জগত্‍ |
                মোহিতং নাভিজানাতি মামেভ্য: পৰমব্যয়ম || ১৩
সমস্ত জগত এই ত্ৰিবিধ গুণময় ভাবৰ দ্বাৰা মোহগ্ৰস্ত হৈ আছে | এই ত্ৰিগুণাত্মক পদাৰ্থবোৰৰ ওপৰতো যে মই অব্যয় পৰমাত্মা আছো সেও সত্যটো মানুহে নাজানে |
                দৈৱী হ্যৈষা গুণময়ী মম মায়া দুৰত্যয়া |
                মামেৱ যে প্ৰপদ্যন্তে মায়ামেতাং তৰন্তি তে || ১৪
মোৰ এই ত্ৰিগুণাত্মক অলৌকিক মায়া নিতান্ত দুৰতিক্ৰম্য সঁচা, কিন্তু যি একান্ত ভাৱে মোক আশ্ৰয় কৰে, সি এই মায়াকে অতিক্ৰম কৰিব পাৰে |

                ন মাং দুষ্কৄতিনো মূঢ়া: প্ৰপদ্যন্তে নৰাধমা: |
                মায়য়াপহৄতজ্ঞানা আসুৰং ভাৱমাশ্ৰিতা: || ১৫
পাপী মোহান্ধ নৰাধমহঁতে মায়াৰ দ্বাৰা জ্ঞানহত হৈ হিংসা, কপট আদি আসুৰিক ভাববোৰক আশ্ৰয় কৰি মোত শৰণাপন্ন নহয় |
                চতুৰ্ব্বিধা ভজন্তে মাং জনা: সুকৄতিনোত্‍ ৰ্জ্জুন |
                আৰ্ত্তো জিজ্ঞাসুৰৰ্থাৰ্থী জ্ঞানী চ ভাৰতৰ্ষভ || ১৬
হে ভাৰতকুল তিলক অৰ্জ্জুন, বিপদগ্ৰস্ত তত্বজ্ঞান লাভেচ্ছু, ধনাদি ঐশ্বৰ্য্যকামী আৰু আত্মতত্বজ্ঞ এই চাৰিবিধ সুকৃতিশালীলোকে মোক ভজনা কৰে |
                 তেষাং জ্ঞানী নিত্যযুক্ত একভক্তিৰ্বিশিষ্যতে |
                 প্ৰিয়ো হি জ্ঞানীনোত্‍ত্যৰ্থমহং স চ মম প্ৰিয়: ||১৭
এই চাৰিপ্ৰকাৰ ভক্তৰ (ভজনাকাৰীৰ) ভিতৰত সৰ্ব্বদা মোতে যুক্ত হৈ থকা, অনন্যাভক্তি বিশিষ্ট জ্ঞানী শ্ৰেষ্ঠ |কাৰণ (মোকে আত্মা বুলি জানে হেতুকে) জ্ঞানীৰ মই অত্যন্ত প্ৰিয় আৰো তেৱোঁ মোৰ প্ৰিয় |
                 উদাৰা: সৰ্ব্ব এৱৈতে জ্ঞানী ত্বাত্মৈএ মেমতম |
                 আস্থিত: স হি যুক্তাত্মা মামেৱানুত্তমাং গতিম || ১৮
এওঁলোক সকলোৱেই মহাত্মা | কিন্তু জ্ঞানী মোৰ আত্মা স্বৰূপ, এয়ে মোৰ মত, কাৰণ জ্ঞানীজনে সমাহিত চিত্তে একমাত্ৰ মোকেই উত্তমা গতি বুলি আশ্ৰয় কৰি থাকে |
                বহুনাং জন্মনামন্তে জ্ঞানৱান মাং প্ৰপদ্যতে |
                বাসুদেৱ: সৰ্ব্বমিতি স মহাত্মা সুদুৰ্ল্লভ: || ১৯
বহুজন্মৰ সাধনাৰ ফলত জ্ঞানৱন্ত পুৰুষে "জাগতিক পদাৰ্থ মাত্ৰেই বাসুদেৱ" - এনে জ্ঞানবিশিষ্ট হৈ মোক ভজনা কৰে | এনে মহাত্মা দুৰ্লভ |(সমগ্ৰ বিশ্ব যাৰ ক্ৰীয়নক বা যি সমুদায় বিশ্বৰ প্ৰকাশিক আত্মা তেওঁ বাসুদেৱ |)

                কামৈস্তৈস্তৈৰ্হৄতজ্ঞানাং প্ৰপদ্যন্তেত্‍নাদেৱতা: |
                তং তং নিয়মমাস্থায় প্ৰকৄত্যা নিয়তা: স্বয়া || ২০
সেই সেই কামনাৰ দ্বাৰা অৰ্থাত্‍ মানুহৰ স্বভাৱজাত কামনা বাসনাৰ দ্বাৰা হতজ্ঞান হৈ অন্য দেৱ-দেৱতাৰ (ভেদজ্ঞানে) বেলেগ বেলেগ প্ৰণালীৰে উপাসনা কৰে |
                যো যো যাং যাং তনুং ভক্ত: শ্ৰদ্ধয়াৰ্চ্চিতুমিচ্ছতি |
                তস্য তস্যাচলাং শ্ৰদ্ধাং তামেৱ বিদধাম্যহম || ২১
যি যি ভক্তই শ্ৰদ্ধা সহকাৰে যি যি মূৰ্ত্তিত অৰ্চনা কৰিবলৈ ইচ্ছা কৰে (অন্তৰ্য্যামী) মই সেই সেই ভক্তৰ সেই মূৰ্ত্তিতে অচলা ভক্তি প্ৰদান কৰো |
                 স তয়া শ্ৰদ্ধয়া যুক্তস্তস্যাৰাধনমীহতে |
                 লভতে চ তত: কামান ময়ৈৱ বিহিতান হি তান || ২২
সেই ভক্তই সেই মদ্দত্ত ভক্তিযুক্ত হৈ সেই সেই দেৱতাৰ অৰ্চনাত ব্যাপৃত হয় আৰু তাৰ ফলস্বৰূপে ময়ে বিধান কৰা কাম্যফল সমূহ লাভ কৰে |

                অন্তৱত্তু ফলং তেষাং তদ্ভৱতাল্পমেধসাম |
                 দেৱান দেৱযজো যান্তি মভক্তা যান্তি মমপি || ২৩
কিন্তু সেই অল্পবুদ্ধি উপাসকসকলৰ সেই (দেৱদত্ত) ফল বিনাশশীল | কাৰণ দেৱতা উপাসকে দেৱলোক পায় আৰু মোৰ উপাসকে মোকে পায় |

                  অব্যক্তং ব্যক্তিমাপন্নং মন্যন্তে মামবুদ্ধয়: |
                  পৰং ভাৱমজানন্তো মমাব্যয়নুত্তমম || ২৪
অল্পবুদ্ধি মনুষ্যই মোৰ এই অব্যয় অনুত্তম, বিশ্বাতীত সত্তা বুজিব নোৱাৰি অব্যক্ত মোক (সৰ্ব্বসাধাৰণ লোকৰ দৰে) ব্যক্ত শৰীৰী মূৰ্ত্তি বুলি বিবেচনা কৰে
                 নাহং প্ৰকাশ: সৰ্ব্বস্য যোগমায়াসবৄত: |
                  মূঢ়োত্‍য়ং নাভিজানাতি লোকো মামজমব্যয়ম || ২৫
মই যোগমায়াৰ দ্বাৰা আবৃত, সেই কাৰণে সকলোৰে আগত প্ৰকট নহওঁ | মোহগ্ৰস্তলোকে জন্ম মৃত্যুৰ অতীত মোক জানিবলৈ সমৰ্থ নহয় |
                  বেদাহং সমতীতানি বৰ্ত্তমামানি চাৰ্জ্জুন |
                  ভৱিষ্যাণি চ ভূতানি মাস্তু বেদ ন কশ্চন || ২৬
হে অৰ্জ্জুন, অতীত, বৰ্ত্তমান, ভবিষ্যত আৰু স্থাৱৰ জঙ্গমাত্মক সকলো প্ৰাণীক মই জানো, কিন্তু মোক হলে কোনেও নাজানে |

                   ইচ্ছাদ্বেষসমুহেন দ্বন্দ্বমোহেন ভাৰত |
                   সৰ্ব্বভুতানি সন্মোহং সৰ্গে যান্তি পৰন্তপ || ২৭
হে পৰন্তপ ভাৰত, ইচ্ছা আৰু দ্বেষৰ পৰা সমুত্‍পন্ন সুখ-দুখাদি বিষয় বিষয়ক দ্বন্দ্ব মোহৰ প্ৰভাৱত সকলো প্ৰাণী সৃষ্টি কালতে সম্যক ৰূপে মোহগ্ৰস্ত হয় |
                   যেযাং ত্বন্তগতং পাপং জনানাং পুণ্যকৰ্ম্মণাম |
                   তে দ্বন্দ্বমোহনিৰ্মূক্তা ভজন্তে মাং দৃঢ়ব্ৰতা: || ২৮
যি সকল পুণ্যকৰ্ম্মা লোকৰ পাপৰ অৱসান ঘটিছে সেই সকলে শীতোষ্ণ সুখ দুখ আদি দ্বন্দ্বজনিত মোহৰ পৰা বিমুক্ত হৈ ঐকান্তিকভাবে মোকে ভজনা কৰে |
                   জৰামৰণমোক্ষায় মামাশ্ৰিত্য যতস্তি যে |
                  তে ব্ৰক্ষ্ম তদ বিদু: কৄত্‍স্নমধ্যাত্মং কৰ্ম্ম চাখিলম || ২৯
জৰা মৰণৰ পৰা মুক্তি পাবলৈ যি সকলে মোক আশ্ৰয় কৰি যত্ন পৰায়ণ হয়, তেওঁলোকে সৰ্ব্বাতীত ব্ৰক্ষ্মতত্ত্ব সমগ্ৰ অধ্যাত্ম তত্ত্ব আৰু সবিশেষ কৰ্ম্ম তত্ত্ব বুজিব পাৰে |

                  সাধিভুতাধিদৈৱং মাং সাধিযজ্ঞঞ্চ যে বিদু: |
                  প্ৰয়াণকালেত্‍ পি চ মাং তে বিদুৰ্যুক্তচেতেস: || ৩০
অধিভূত, অধিদৈৱ আৰু অধিযজ্ঞ বিভাগ সহ যি মোক জানে মৰণ কালতো সমাহিত চিত্ত সেই সাধকে মোক জানে অৰ্থাত্‍ সেই স্মৃতি চিৰজাগ্ৰত থাকে |
                  ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
                       ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
                             বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
                            জ্ঞানবিজ্ঞানযোগো নাম সপ্তমোত্‍ধ্যায়: ||
*************************************************

Tuesday 27 December 2011

গীতা মাহাত্ম্য - শ্ৰীমদ্ভগৱদগীতাৰ ষষ্ঠ অধ্যায়ৰ শ্লোকখিনিৰ অসমীয়া ভাঙনি



(শ্ৰীকৄষ্ণাই চৰণম নম: | শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৄষ্ণৰ তাত্বিক উপদেশ | ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে গীতাত | আমি অল্পমতি, লিখি যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছো | এই কামটো কৰোতে কেইবাখনো কিতাপৰ সহায় লৈছো |)
ষষ্ঠ অধ্যায়  - ধ্যানযোগ |

শ্ৰীভগৱান উৱাচ -
       অনাশ্ৰিত: কৰ্ম্মফলং কাৰ্য্যং কৰ্ম্ম কৰোতি য: |
                স সন্ন্যাসী চ ন নিৰগ্নিৰ্ন চাক্ৰিয়: ||
যি পুৰুষে কৰ্ম্মজনিত ফল কামনা নকৰি কৰ্ত্তব্য বোধত মাত্ৰ কৰ্ম্ম কৰে তেৱেঁই সন্ন্যাসী, তেৱেঁই যোগীও | হোমাদি অহ্নিসাধ্য কৰ্ম্ম বা শাস্ত্ৰ বিহিত কৰ্ম্ম ত্যাগ কৰিলেই সন্ন্যাসী বা যোগী নহয় |
        যং সন্ন্যাসমিতি প্ৰাহুৰ্যোগং তং ৱিদ্ধি পাণ্ডৱ |
                  ন হ্যসংন্যস্তসঙ্কল্পো যোগী ভৱতি কশ্চন ||
হে অৰ্জ্জুন, যাক শাস্ত্ৰই সন্ন্যাস বোলে তাকেই যোগো বোলে | যিহেতু মনৰ পৰা ফলাকাঙ্ক্ষা ত্যাগ কৰিব নোৱাৰিলে মানুহ কেতিয়াও যোগী হব নোৱাৰে |
        আকৰুক্ষোৰ্ম্মুনেৰ্যোগং কৰ্ম্ম কাৰণমুচ্যতে |
                 যোগাৰূঢ়স্য তস্যৈৱ শম: কাৰণমুচ্যতে ||
যোগাৰূঢ় অৱস্থা পাবলৈ বেদবিহিত কৰ্ম্ম কৰা আৱশ্যক | (কৰ্ম্ম - কৰণ, যোগাৱস্থা - কাৰ্য্য | কৰ্ম্মত ফলাসক্তি নাথাকিলে তেনে কৰ্ম্মকৰ্ত্তাই কৰ্ম্ম যোগী |) যোগাৰূঢ় অৱস্থাত স্থিতি লাভ কৰিবলৈ শম অৰ্থাত্‍ চিত্তবিক্ষেপশূণ্য সমাধি অৱস্থা পাব লাগিব |
        যদা হি নেন্দ্ৰিয়াৰ্থেষু ন কৰ্ম্মস্বনুষজ্জতে |
                 সৰ্ব্বসঙ্কল্পসন্ন্যাসী যোগাৰূঢ়স্তদোচ্যতে ||
যেতিয়া সকলো সংকল্প ত্যাগ কৰি ইন্দ্ৰিয় ভোগ্য বিষয়ক কৰ্ম্মত অনুৰক্ত নহয়, তেতিয়া তেওঁ "যোগাৰূঢ়" বুলি কথিত হয় |
        উদ্ধৰেদাত্মনাত্মানং নাত্মানমবসাদয়েত্‍ |
                  আত্মৈৱ হ্যাত্মনো বন্ধুৰাত্মৈৱ ৰিপুৰাত্মন: ||
আত্মাৰ দ্বাৰা অৰ্থাত্‍ বিষয়াসক্তি ৰহিত মনেৰে আত্মাক সংসাৰ বন্ধনৰ পৰা মুক্ত কৰিব লাগে | (বিষয় বাসনাত নিমজ্জিত হৈ) তাক অধ:পতিত কৰিব নালাগে | যিহেতু আত্মাই আত্মাৰ বন্ধু, আত্মাই আত্মাৰ শত্ৰু |
        বন্ধুবাত্মাত্মনস্তস্য যেনত্মৈৱাত্মানা জিত: |
                 অনাত্মনস্তু শত্ৰুত্বে বৰ্ত্তেতাত্মৈৱ শত্ৰুৱত্‍ ||
যি আত্মসংযমৰ দ্বাৰা আত্মাক জয় কৰিছে (বহিৰ্মুখী ইন্দ্ৰিয় বৄত্তিবোৰক ৰোধ কৰিবলৈ সক্ষম হৈছে) সেই আত্মাই আত্মাৰ বন্ধু; কিন্তু আত্মসংযমহীন পুৰুষৰ আত্মাই শত্ৰুৰ নিচিনা হৈ পৰে |
        জিতাত্মন: প্ৰশান্তস্য পৰমাত্মা সমাহিত: |
                 শীতোষ্ণসুখদু:খেষু তথা মানাপমানয়ো: ||
যি জন জিতাত্মা, যাক শীত, উষ্ণ, সুখ, দুখ, মান, অপমান এই কোনো অৱস্থাই বিচলিত কৰিব নোৱাৰে এনে প্ৰশান্ত চিত্ত পুৰুষৰহে পৰমাত্মা বিষয়ক সম্যক জ্ঞানলাভ হব পাৰে |
        জ্ঞানবিজ্ঞানতৄপ্তাত্মা কূটস্থো বিজিতেন্দ্ৰিয়: |
                  যুক্ত ইত্যুচ্যতে যোগী সমলোষ্টাশ্মকাঞ্চন: ||
গুৰু বা শাস্ত্ৰৰ পৰা পোৱা জ্ঞান আৰু তাৰ অন্তৰত উপলব্ধি স্বৰূপ বিজ্ঞানৰ দ্বাৰা যাৰ অন্তৰত উপলব্ধি স্বৰূপ বিজ্ঞানৰ দ্বাৰা যাৰ আত্মা তৃপ্ত হৈছে, যি নিৰ্ব্বিকাৰ আৰু জিতেন্দ্ৰিয়, যি শিল, মাটি আৰু সোণ সকলোকে সমান দেখে, এনে যোগীকে যোগসিদ্ধ বোলে |
        সুহৄম্মিত্ৰাৰ্য্যুদাসীনমধ্যস্থদ্বেষ্যবন্ধুষু |
                  সাধুষৄপি চ পাপেষু সমবুদ্ধিৰ্ৱিশিষ্যতে ||
সুহৄদ, মিত্ৰ, শত্ৰু, উদাসীন, নিৰপেক্ষ, হিংসাযোগ্য বন্ধু, সাধু আৰু পাপী - এই সকলোৰে প্ৰতি সমবুদ্ধিযুক্তজনেই শ্ৰেষ্ঠ |
       যোগী যুঞ্জীত সততমাত্মানং ৰহসি স্থিত: |
                 একাকী যতচিত্তাত্মা নিৰাশীৰপৰিগ্ৰহ: || ১০
যোগী পুৰুষে সদায় নিৰ্জ্জন স্থানত অকলশৰে দেহ মন চিত্তক সংযত কৰি সকলো আশা আৰু পৰিগ্ৰহ অৰ্থাত্‍ ভোগোপকৰণ ত্যাগ কৰি, নিজ আত্মাক পৰমাত্মাৰ সৈতে সংযোগ কৰিবলৈ চেষ্টা কৰে |
        শুচৌ দেশে প্ৰতিষ্ঠাপ্য স্থিৰমাসনমাত্মন: |
                 নাত্যুচ্ছ্ৰিতং নাতিনীচং চেলাজিনকুশোত্তৰম || ১১
       তাত্ৰৈকাগ্ৰং মন: কৄত্বা যতচিত্তেন্দ্ৰিয়সক্ৰিয়: |
                 উপৱিশ্যাসনে যুঞ্জ্যাদ যোগমাত্মৱিশুদ্ধয়ে | ১২
পবিত্ৰ ঠাইত প্ৰথমে কুশ, তাৰ ওপৰত কাপোৰ পাৰি, বেছি ওখও নহয়, বৰ চাপৰো নহয় এনে এখন সুস্থিৰ আসন নিজৰ কাৰণে পাতি, সেই আসনত একাগ্ৰমনে চিত্ত আৰু ইন্দ্ৰিয়ৰ বৃত্তি নিৰোধ কৰি আত্ম শুদ্ধিৰ কাৰণে যোগ অভ্যাস কৰিব লাগে |
        সমং কায়শিৰোগ্ৰীৱং ধাৰয়ন্নচলং স্থিৰ: |
                 সংপ্ৰেক্ষ্য নাসিকাগ্ৰং স্বং দিশশ্চানৱলোকয়ন || ১৩
       প্ৰশান্মাত্মা ৱিগতভীৰ্ব্ৰক্ষ্মচাৰিব্ৰতে স্থিত: |
                 মন: সংয্ম্য মচ্চিত্তো যুক্ত আসীত মত্‍পৰ: || ১৪
শৰীৰ, মূৰ, ডিঙি সৰল আৰু নিশ্চলভাৱে ৰাখি স্থিৰ হৈ ইফালে সিফালে নাচাই দৃষ্টি কেৱলমাত্ৰ নাসিকাগ্ৰত আৱদ্ধ কৰি প্ৰশান্তচিত্তে, নিৰ্ভয় মনে, ব্ৰক্ষ্মচৰ্য্য ব্ৰত অৱলম্বন কৰি, মনক সংযত ৰাখি মদগত চিত্ত হৈ যোগনিষ্ঠ হব লাগে |
                যুঞ্জন্নেৱং সদাত্মানং যোগী নিয়তমানদ: |
                শান্তিং নিৰ্ব্বাণপৰমাং মত্‍সংস্থামধিগচ্ছতি || ১৫
এইদৰে যোগীয়ে অহৰহ সংযত চিত্ত হৈ নিজক যোগাভ্যাসত নিযুক্ত ৰাখি মোতে প্ৰতিষ্ঠিত নিৰ্ব্বাণৰূপ পৰম শান্তি লাভ কৰে |
        নাত্যশ্নতস্ত যোগত্‍ স্তি ন চৈকান্তমনশ্নত: |
                  ম চাতিস্বপ্নশীলস্য জাগ্ৰতো নৈৱ চাৰ্জ্জুন || ১৬
হে অৰ্জ্জুন, অতিভোজীৰ, অনাহাৰীৰ, অতিনিদ্ৰালুৰ আৰু জাগৰণশীল পুৰুষৰো যোগ নহয় |
        যুক্তাহাৰৱিহাৰস্য যুক্তচেষ্টস্য কৰ্ম্মসু |
                 যুক্তস্বপ্নাৱবোধস্য যোগো ভৱতি দু:খহা || ১৭
যাৰ আহাৰ বিহাৰ পৰিমিত, কৰ্ম্মচেষ্টা শাস্ত্ৰবিহিত, শয়ন আৰু জাগৰণ পৰিমিত, তেওঁৰে যোগসাধন দুখ নিবাৰক হয় |
        যদা ৱিনিয়তং চিত্তমাত্মন্যেৱাৱতিষ্ঠতে |
                  নিস্পৄহ: সৰ্ব্বকামেভ্যো যুক্ত ইত্যুচ্যতে তদা || ১৮
যেতিয়া চিত্ত সম্পূৰ্ণ ভাৱে বশীভুত হৈ নিজ আত্মাতে অচল ভাবে স্থিতি লাভ কৰে তেতিয়া সংসাৰৰ সকলো কামনা-বাসনাৰ প্ৰতি বীতস্পৃহ হোৱা পুৰুষক যোগসিদ্ধ বুলি কোৱা হয় |
        যথা দীপো নিৱাতস্থো নেঙ্গতে সোপমাস্মৄতা |
                 যোগিনো যতচিত্তস্য যুঞ্জতো যোগমাত্মন: || ১৯
বতাহ নবলিলে যেনেকৈ প্ৰদীপ শিখা নকঁপে, আত্ম বিষয় যোগাভ্যাসকাৰী সংযত অন্ত:কৰণ যোগীৰ চিত্তও সেইদৰে সদায় নিশ্চল হৈ থাকে |
        যত্ৰোপৰমতে চিত্তং নিৰুদ্ধং যোগসেৱয়া |
                   যত্ৰ চৈৱাত্মনাত্মানং পশ্যন্নাত্মনি তুষ্যতি || ২০
যি অৱস্থাত যোগাভ্যাসৰ দ্বাৰা সংযত চিত্ত বাহ্য বিষয়ৰ পৰা বিৰত হয়, যি অৱস্থাত (পৰিশুদ্ধ জ্ঞানৰ প্ৰভাৱত) আত্মাৰ পৰমাত্মা দৰ্শন কৰি আত্মানন্দত বিভোৰ হয় সেয়ে যোগ বুলি জানিবা |
         সুখমাত্যন্তিকং যত্‍ তদ বুদ্ধিগ্ৰাহ্যমতীন্দ্ৰিয়ম |
                   বেত্তি যত্ৰ ন চৈৱায়ং স্থিতশ্চলতি তত্ত্বত: || ২১
যি অৱস্থাত যোগী পুৰুষে কেৱল বুদ্ধিৰ দ্বাৰাহে গ্ৰহনীয় ইন্দ্ৰিয়াতীত বিমল আনন্দ উপভোগ কৰে, যি অৱস্থাত অৱস্থিত হৈ আত্মস্বৰূপৰ পৰা বিচলিত নহয়, সেয়ে যোগাৱস্থা |
         যং লব্ধা চাপৰং লাভং মন্যতে নাধিকং তত: |
                    যস্মিন স্থিতো ন দু:খেন গুৰুণাপি বিচাল্যতে || ২২
যি অৱস্থা লাভ কৰি অন্য কোনো লাভক তাতকৈ অধিক বুলি নাভাবে, যি অৱস্থাপ্ৰাপ্ত হৈ অতি ভীষণ দুখতো বিচলিত নহয় সেয়ে যোগাৱস্থা |
         তং ৱিদ্যাদ দু:খসংযোগৱিয়োগং যোগসংজ্ঞিতম |
                     স নিশ্চেয়েন যোক্তব্যো যোগাত্‍ নিৰ্ব্বিগ্নচেতসা || ২৩
সেই দুখৰ সম্বন্ধৰ বিচ্ছেদ হোৱা অৱস্থাকে যোগ বুলি জানিবা | অৱসাদ শূণ্য চিত্তৰে দৃঢ়নিশ্চয় কৰি সেই যোগত নিৰত হোৱা উচিত |
         সংকল্পপ্ৰভৱান কামাংস্ত্যক্ত্বা সৰ্ব্বানশেষত: |
                    মনসৈৱেন্দ্ৰিয়গ্ৰামং ৱিনিয়ম্য সমন্তত: || ২৪
        শনৈ: শনৈৰুপৰমেদ বুদ্ধ্যা ধৄতিগৄহীতয়া |
                    আত্মসংস্থং মন: কৄত্বা ন কিঞ্চিদপি চিন্তয়েত্‍ || ২৫
ভোগ্য বিষয়ৰ কল্পনাৰ পৰা উদ্ভৱ হোৱা সকলো কামনা নি:শেষ কৰি মনেৰেই ইন্দ্ৰিয়বোৰ সৰ্ব্বপ্ৰকাৰে অৱদমিত কৰি ধাৰণাৰ দ্বাৰা স্বৃকীত বুদ্ধিৰে ধীৰে ধীৰে (বাহ্য বিষয়ৰ পৰা) নিবৃত্ত হোৱা উচিত | মন আত্মাত সমাহিত কৰি অন্য একোকে চিন্তা কৰিব নালাগে |
          যতো যতো নিশ্চৰতি মনশ্চঞ্চলমস্থিৰম |
                      ততস্তুতো নিয়ম্যৈতদাত্মন্যেৱ বশং নয়েত্‍ || ২৬
স্বভাৱতে চঞ্চল, অস্থিৰ মন যি যি বিষয়লৈ ধাবিত হয় সেই সেই বিষয়ৰ পৰা তাক প্ৰত্যাহাৰ কৰি আত্মাত স্থিৰ ভাবে নিযুক্ত কৰিব লাগে |
          প্ৰশান্তমনসং হ্যেনং যোগিনং সুখমুত্তমম |
                      উপৈতি শান্তৰজসং ব্ৰক্ষ্মভূতমকল্মষম || ২৭
চিত্ত বিভ্ৰম কাৰক ৰজোগুণৰ বিক্ষেপশূণ্য প্ৰশান্ত চিত্ত নিষ্পাপ, ব্ৰক্ষ্ম ভাৱাপন্ন, যোগীপুৰুষ পৰম সুখৰ অধিকাৰী হয় |
          যুঞ্জন্নেৱং সদাত্মানং যোগী বিগতকল্মষ: |
                      সুখেন ব্ৰক্ষ্মসংস্পৰ্শমত্যন্তং সুখমশ্নুতে || ২৮
এইদৰে নিজক সদায় যোগমুক্ত ৰাখি যোগীয়ে পাপ শূণ্য হৈ অনায়াসে ব্ৰক্ষ্মস্বৰূপোলব্ধি জানিও আত্যান্তিক সুখ ভোগ কৰে |
          সৰ্ব্বভুতস্থমাত্মানং সৰ্ব্বভুতানি চাত্মানি |
                       ঈক্ষতে যোগযুক্তাত্মা সৰ্ব্বত্ৰ সমদৰ্শন: || ২৯
সৰ্ব্বত্ৰ সমদৰ্শী যোগীয়ে নিজ আত্মাক সৰ্ব্বভুতত আৰু সৰ্ব্বভুতকে নিজ আত্মাত দেখে |
          যো মাং পশ্যতি সৰ্ব্বত্ৰ সৰ্ব্বঞ্চ ময়ি পশ্যতি |
                       তস্যাহং ন প্ৰণশ্যামি স চ ন প্ৰণশ্যতি || ৩০
যি মোক সকলো পদাৰ্থতে দেখে আৰু মোতে সৰ্ব্ব পদাৰ্থ দৰ্শন কৰে, মই তেওঁৰ অদৄশ্য নহওঁ আৰো তেৱোঁ মোৰ দৄষ্টিৰ বহিৰ্ভুত নহয় |

           সৰ্ব্বভুতস্থিতং যো মাং ভজত্যেকত্বমাস্থিত: |
                         সৰ্ব্বথা ৱৰ্ত্তমানোত্‍ পি স যোগী ময়ি বৰ্ত্ততে || ৩১
জীৱ আৰু ব্ৰক্ষ্মৰ একত্ৰদৰ্শী যি পুৰুষে ময়ে সকলো প্ৰাণীত অৱস্থিত বুদ্ধিৰে ভজনা কৰে, তেনে যোগীপুৰুষ যি অৱস্থাতে নাথাকক, তেওঁ মোতেই থাকে |(অৰ্থাত্‍ তেওঁ জীৱন্মুক্তি লাভ কৰে |)
                         আত্মৌপম্যেন সৰ্ব্বত্ৰ সমং পশ্যতি যোত্‍ ৰ্জ্জুন |
                         সুখং ৱা যদি দু:খং স যোগী পৰমো মত: || ৩২
হে অৰ্জ্জুন, সৰ্ব্বভুততে (অভিন্ন হেতুকে) আত্মাৰ উপমা আছে জানি যি পৰৰ সুখ বা দুখ নিজৰ সমান বুলি বিবেচনা কৰে (পৰৰ সুখ দুখ আদি সকলো অৱস্থা নিজৰ বুলি বুজে), সেইজনেই শ্ৰেষ্ঠ যোগী বুলি অভিহিত |
অৰ্জ্জুন উৱাচ -
          যোত্‍য়ং যোগস্ত্বয়া প্ৰোক্ত: সাম্যেন মধুসুধন |
                       এত স্যাহং পশ্যামি চঞ্চলত্বাত্‍ স্থিতিং স্থিৰাম || ৩৩
অৰ্জ্জুনে ক’লে - হে মধুসুধন, তুমি যি সমত্বলক্ষণ বিশিষ্ট যোগৰ কথা ক’লা, মনৰ চঞ্চলতাৰ কাৰণে সেই যোগৰ সুস্থিৰ অৱস্থিতি হ’ব পাৰে বুলি মই নাভাবো |
                        চঞ্চলং হি মন: কৄষ্ণ প্ৰমাথি বলৱদ্দৄঢ়ম |
                       তস্যাহং নিগ্ৰহং মন্যে বায়োৰিব সুদুষ্কৰম || ৩৪
হে কৄষ্ণ, চঞ্চল মন দেহ আৰু ইন্দ্ৰিয়ৰ ক্ষোভ কাৰক অতি বলশালী আৰু দৃঢ় | সেই কাৰণে তাক দমন কৰা বায়ুক বশীভুত কৰাৰ নিচিনা দু:সাধ্য বুলি মই বিবেচনা কৰো |
শ্ৰীভগৱান উৱাচ -
          অসংশয়ং মহাবাহো মনো দুৰ্নিগ্ৰহং চলম |
                        অভ্যাসেন তু কৌন্তেয় বৈৰাগ্যেণ চ গৄহ্যতে || ৩৫
শ্ৰীভগৱানে ক’লে, হে বীৰ কুন্তীনন্দন, মন যে চঞ্চল আৰু তাক শাসন কৰা কঠিন তাত সংশয় নাই | কিন্তু অভ্যাস আৰি বৈৰাগ্যৰ দ্বাৰা এই মনক বশীভুত কৰিব পাৰি |
          অসংযতাত্মনা যোগো দুষ্প্ৰাপ ইতি মে মতি: |
                        ৱশ্যাত্মনা তু যততা শক্যোত্‍বাপ্তুমুপায়ত: || ৩৬
অজিতেন্দ্ৰিয় মানুহৰ কাৰণে যোগসিদ্ধি দুষ্প্ৰাপ্য বুলিয়েই মোৰ মত, কিন্তু যত্নৰ দ্বাৰা যি সংযতেন্দ্ৰিয় হ’ব পাৰে, তেওঁ উপযুক্ত উপায় অৱলম্বনৰ দ্বাৰা যোগাৱস্থা লাভ কৰিব পাৰে |
অৰ্জ্জুন উৱাচ -
          অযতি শ্ৰদ্ধয়োপেতো যোগাচ্চলিতমানস: |
                        অপ্ৰাপ্য যোগসংসিদ্ধিং কাং গতিং কৄষ্ণ গচ্ছতি || ৩৭
অৰ্জ্জুনে ক্'লে - হে কৄষ্ণ, (যোগ সাধনত) শ্ৰদ্ধান্বিত হৈয়ো তেনেকুৱা যত্ন কৰিব নোৱাৰাৰ বাবে যদি কোনো লোকৰ অন্ত:কৰণ যোগৰ পৰা স্খলিত হয়, সেই যোগসিদ্ধি লাভ কৰিব নোৱাৰাজনৰ কি গতি হ’ব ?

          কচিন্নোভয়বিভ্ৰষ্টশ্ছিন্নাভ্ৰমিৱ নশ্যতি |
                        অপ্ৰতিষ্ঠো মহাবাহো বিমূঢ়ো ব্ৰক্ষ্মণ: পথি || ৩৮
হে মহাবাহু অচ্যুত, ব্ৰক্ষ্মলাভৰ পথত প্ৰতিস্থিত হ’ব নোৱাৰা, জ্ঞান আৰি কৰ্ম্ম উভয় মাৰ্গৰ এটাতো সিদ্ধি লাভ কৰিবলৈ অসমৰ্থ হোৱা মোহগ্ৰস্ত সেই যোগী বিছিন্ন মেঘৰ টুকুৰাৰ দৰে নষ্ট নহয় নে ?
                         এতম্মে সংশয়ং কৃষ্ণ ছেত্তুমৰ্হস্যশেষত: |
                         ত্বদন্য: সংশয়স্যাস্য ছেত্তা ন হ্যুপপদ্যতে || ৩৯
হে কৃষ্ণ, মোৰ এই সন্দেহ তুমিহে ভঞ্জন কৰিব পাৰিবা | তোমাৰ বাহিৰে মোৰ এই সংশয় দূৰ কৰিব পৰা দ্বিতীয় কোনো নাই |
শ্ৰীভগৱান উৱাচ -
          পাৰ্থ নৈবেহ মামুত্ৰ বিনাশস্তস্য বিদ্যতে |
                        ন হি কল্যাণকৄত্‍ কশ্ছিদ্দুৰ্গতিং তাত গচ্ছতি || ৪০
ভগৱানে ক’লে - হে পাৰ্থ, তেনে যোগভ্ৰষ্ট লোকৰ ইহকাল আৰু পৰকালত কোনো ক্ষতি নহয়, যিহেতু শুভ কৰ্ম্মানুষ্ঠান কৰ্ত্তা কোনোলোকৰ অধোগতি নহয় |
                        প্ৰাপ্য পুণ্যকৃতাং লোকানুষিত্বা শাশ্বতী: সমা: |
                        শুচীনাং শ্ৰীমতাং গেছে যোগভ্ৰষ্টোত্‍ ভিজায়তে || ৪১
যোগভ্ৰষ্ট পুৰুষে পূণ্যাত্মাসকলৰ যি লোকলৈ গতি হয় সেই লোকত বহুবছৰ বাস কৰি সদাচাৰ পৰায়ণ আৰু আঢ্যৱন্তলোকৰ ঘৰত জন্ম গ্ৰহণ কৰেহি |
                       অথবা যোগিনামেৱ কুলে ভৱতি ধীমতাম |
                      এতদ্ধি দুৰ্ল্লভতৰং লোকে জন্ম যদীদৄশম || ৪২
অথবা (যোগভ্ৰষ্ট পুৰুষে) বুদ্ধিমান যোগপৰায়ণ লোকৰ কুলত জন্ম গ্ৰহণ কৰে | এনে জনম লাভ অতি দুৰ্লভ | কিয়নো যোগীৰ কুলত জন্ম লাভ যোগ অভ্যাসৰ কাৰণে অনুকুল |
                      তত্ৰ তং বুদ্ধিসংযোগং লভতে পৌৰ্ব্বদেহিকম |
                      যততে চ ততো ভুয়: সংসিদ্ধৌ কুৰুনন্দন || ৪৩
তেতিয়া হে কুৰুনন্দন, পূৰ্ব্বজন্মাৰ্জ্জিত যোগযুক্ত বুদ্ধি লাভ কৰে | তাৰ ফলত পুনৰ্ব্বাৰ যোগ সিদ্ধিৰ কাৰণে যত্নশীল হয় |
                      প্ৰ্ৰ্ব্বাভ্যাসেন তেনৈৱ হ্ৰিয়তে হ্যৱশোত্‍ পি স: |
                      জিজ্ঞাসুৰপি যোগস্য শব্দব্ৰক্ষ্মাতিৱৰ্ত্ততে || ৪৪
সেই পূৰ্ব্বজন্মৰ অভ্যাসৰ বশৱৰ্তী হৈ তেওঁ বাধ্য হৈ আকৌ (এই জন্মতো) যোগৰ প্ৰতি আকৄষ্ট হয় | যোগৰ বিষয়ে জানিবৰ ইচ্ছা থকা জনে বেদ ভাগকো অতিক্ৰম কৰে |
                      প্ৰযত্নাদ যতমানস্তু যোগী সংশুদ্ধকিল্বিষ: |
                      অনেকজন্মসংসিদ্ধস্ততো যাতি পৰাং গতিম || ৪৫
যোগীয়ে আগতকৈও অধিক যত্নৰ ফলত সকলো পাপৰ পৰা পৰিশুদ্ধ হৈ অনেক জন্মৰ সাধনাত সিদ্ধি লাভ কৰি পৰম গতি অৰ্থাত্‍ মোক্ষ লাভ কৰে |
                      তপস্বিভ্যোত্‍ ধিকো যোগী জ্ঞানিভোত্‍ পি মতোত্‍ধিক: |
                     কৰ্ম্মিভ্যশ্চাধিকো যোগী তস্মাদ যোগী ভাবাৰ্জ্জুন || ৪৬
হে অৰ্জ্জুন, তুমি কৰ্ম্মযোগী হোৱা | কাৰণ তপস্বী, জ্ঞানী আৰি বেদবিহিত কৰ্ম্মানুষ্ঠানতকৈয়ো (নিষ্কাম) কৰ্ম্মযোগী শ্ৰেষ্ঠ | এয়ে মোৰ মত |
                      যোগিনামপি সৰ্ব্বেষাং মদগতেনান্তৰাত্মানা |
                      শ্ৰদ্ধাবান ভজতে যো মাং স মে যুক্ততমো মত: || ৪৭
সকলো যোগীৰ ভিতৰতে আকৌ যি মদগত চিত্ত হৈ শ্ৰদ্ধাযুক্ত অন্তৰেৰে মোক ভজনা কৰে, সেইজন (ভক্তিযুক্ত কৰ্ম্মযোগী) শ্ৰেষ্ঠতম বুলি মই বিবেচনা কৰো |
         ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
             ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
               বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
                 ধ্যানযোগো নাম ষষ্ঠোত্‍ধ্যায়: ||
***********************************************************

Saturday 24 December 2011

গীতা মাহাত্ম্য - শ্ৰীমদ্ভগৱদগীতাৰ পঞ্চম অধ্যায়ৰ শ্লোকখিনিৰ অসমীয়া ভাঙনি

(শ্ৰীকৄষ্ণাই চৰণম নম: |  শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৄষ্ণৰ তাত্বিক উপদেশ | ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে গীতাত | আমি অল্পমতি, লিখি যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰিছো | এই কামটো কৰোতে কেইবাখনো কিতাপৰ সহায় লৈছো |)
পঞ্চম অধ্যায় - সন্যাসযোগ |

অৰ্জ্জুন উৱাচ -
            সন্ন্যাসং কৰ্ম্মণাং কৄষ্ণ পূনৰ্যোগঞ্চ শংসসি |
            যচ্ছ্ৰেয় এতয়োৰেকং তম্মে ব্ৰৄহি সুনিশ্চিতম || ১
অৰ্জ্জুনে ক’লে - হে কৄষ্ণ, তুমি কৰ্ম্মত্যাগ (সন্ন্যাস) আৰু কৰ্ম্মযোগ উভয়কে প্ৰ্শংসা কৰিছা | এই দুয়োটাৰ ভিতৰত কোনটো উত্তম মোক নিশ্চিতকৈ কোৱা |

শ্ৰীভগৱান উৱাচ -
            সন্ন্যাস কৰ্ম্মযোগশ্চ নি:শ্ৰেয়সকৰাবুভৌ |
            তয়োস্ত কৰ্ম্মসন্ন্যাসাত্‍ কৰ্ম্মযোগো বিশেষ্যতে || ২
ভগৱানে ক’লে - সন্ন্যাস আৰু কৰ্ম্মযোগ উভয়েই মোক্ষ দায়ক, কিন্তু এই দুয়োটাৰে ভিতৰত কৰ্ম্মযোগ সন্ন্যাসযোগতকৈ শ্ৰেষ্ঠ |

             জ্ঞেয়: স নিত্যসন্নাসী যো ন দ্বেষ্টি ন কাঙ্ক্ষতি |
             নিৰ্দ্বন্ধো হি মহাবাহো সুখং বন্ধ্যাত্‍ প্ৰমুচ্যতে || ৩
হে মহাবাহো, যিজনে দ্বেষ নকৰে, আকাঙ্ক্ষা নকৰে, সুখ-দুখাদি দ্বন্দ্বৰ অতীত, সেই জন (কৰ্ম্ম কৰিলেও) নিত্য সন্ন্যাসী | তেওঁ অনায়াসে কৰ্ম্ম বন্ধনৰ পৰা মুক্ত হয় |

             সাংখ্যযোগৌ পৃথগ ৱালা: প্ৰৱদন্তি ন পণ্ডিতা: |
            একমপ্যাস্থিত: সম্যণ্ডভয়োৰ্ব্বিন্দতে ফলম || ৪
যি সকলে শাস্ত্ৰৰ মৰ্ম্ম নুবুজে তেওঁলোকেহে সাংখ্য (কৰ্ম্ম সন্ন্যাস) আৰু যোগ পৃথক বুলি কয় | সাংখ্য বা কৰ্ম্মযোগ, ইয়াৰ যিকোনো এটা সম্যক অনুষ্ঠিত হলেহে উভয়ৰে ফল মোক্ষ লাভ হয় |

             য্ত্‍ সাংখৈ: প্ৰাপ্যতে স্থানং তদযোগৈৰপি গম্যতে |
             একং সাংখ্যঞ্চ যোগঞ্চ য: পশ্যতি স পশ্যতি || ৫
সাংখ্যযোগী বা কৰ্ম্ম সন্ন্যাসীয়ে যি স্থান লাভ কৰে কৰ্ম্মসন্ন্যাসীয়েও সেই একেই স্থানহে লাভ কৰে | সাংখ্য আৰু যোগক যি একে (পৰস্পৰে পৰিপুৰক) বুলি দেখে, তেঁৱেই যথাৰ্থ দৰ্শী বা তত্বজ্ঞানী |

             সন্ন্যাসস্ত মহাবাহো দু:খমাপ্তু মযোগত: |
            যোগযুক্তো মুনিৰ্ব্ৰক্ষ্মন চিৰেণোধিগচ্ছতি || ৬
হে মহাবাহো, কৰ্ম্মযোগ ব্যতিৰেকে সন্ন্যাস লাভ নিতান্ত দুখজনক, কিন্তু কৰ্ম্মপ্ৰৰায়ণ মনস্বী লোকে (চিত্ত শুদ্ধিহেতু) অচিৰে ব্ৰক্ষ্মপদ প্ৰাপ্ত হয় |

              যোগযুক্তো বিশুদ্ধাত্মা বিজিতাত্মা জিতেন্দ্ৰিয়: |
             সৰ্ব্বভূতাত্মভূতাত্মা কুৰ্ব্বন্নপি ন লিপ্যতে || ৭
যি কৰ্ম্মযোগত নিৰল হৈয়ো বিশুদ্ধ চিত্ত হৈ আছে, অন্ত:কৰণ আৰু ইন্দ্ৰিয়সমূহক জয় কৰিছে, যি সৰ্ব্বভূততে নিজ আত্মাৰ স্বৰূপ দেখে, তেওঁ কৰ্ম্ম কৰিও কৰ্ম্মত লিপ্ত নহয় |

              নৈৱ কিঞ্চিত্‍ কৰোমীতি যোক্তো মন্যেত তত্ত্বৱিত্‍ |
              পশ্যন শৃণ্বন স্পৃশন জিঘ্ৰন্নশন গচ্ছন স্বপন শ্বসন || ৮
              প্ৰলপন বিসৄজন গৃহুন উন্নিষন্নিমিষন্নপি |
              ইন্দ্ৰিয়াণীন্দ্ৰিয়াৰ্থেষু বৰ্ত্তন্ত ইতি ধাৰায়ন || ৯
দৰ্শন, শ্ৰবন, স্পৰ্শ, আঘ্ৰাণ, ভোজন, গমন, নিদ্ৰা, শ্বাস, কথন, ত্যাগ, গ্ৰহণ, উন্মেষ, নিমেষ আদি সকলো কৰ্ম্ম কৰিও তত্বজ্ঞানী কৰ্ম্মযোগী পুৰুষে ’ইন্দ্ৰিয়বোৰে ইন্দ্ৰিয়ৰ বিষয়সমূহ প্ৰৱৰ্ত্তিছে’ বুজি নিজে ’মই একোৱেই কৰা নাই’ বুলি বিবেচনা কৰে | 

              ব্ৰক্ষ্মণ্যাধায়ং কৰ্ম্মাণি সঙ্গং ত্যক্ত্বা কৰোতি য: |
              লিপ্যতে ন স পাপেন পদ্মপত্ৰমিৱান্তসা || ১০
যেনেকৈ পানীত থাকিও পদুমৰ পাত পানীত নিতিতে, সেইদৰে সকলো কৰ্ম্ম ঈশ্বৰত অৰ্পণ কৰি অনাসক্ত হৈ কৰ্ম্ম কৰা জনক পাপে স্পৰ্শ কৰিব নোৱাৰে |

               কায়েন মনসা বুদ্ধ্যা কেৱলৈৰিন্দ্ৰিয়ৈৰপি |
              যোগিন: কৰ্ম্ম কুৰ্ব্বন্তি সঙ্গং ত্যক্ত্বাত্মশুদ্ধয়ে || ১১
যোগীসকলে আসক্তিশূণ্য হৈ চিত্ত শুদ্ধিৰ কাৰণে শৰীৰ, মন, বুদ্ধি আৰু কেৱল ইন্দ্ৰিয়ৰ দ্বাৰা হলেও কৰ্ম্ম কৰে | 

              যুক্ত: কৰ্ম্মফলং ত্যক্ত্বা শান্তিমাপ্নোতি নৈষ্ঠিকীম |
              অযুক্ত: কামকাৰণে ফলে সক্তো নিবধ্যতে || ১২
কৰ্ম্মযোগীয়ে কৰ্ম্মফলৰ আকাঙ্খা নকৰে বাবে চিৰশান্তি লাভ কৰে | কিন্তু যি কৰ্ম্মযোগী হব পৰা নাই, তেওঁৰ ফলত আসক্তি থকা বাবে কামনাৰ দ্বাৰা আৱদ্ধ হয় |

               সৰ্ব্বকৰ্ম্মাণি মনসা সংন্যস্যাস্তে সুখং বশী |
               নৱদ্বাৰে পুৰে দেহী নৈৱ কুৰ্ব্বন ন কাৰয়ন || ১৩
সংযমী পুৰুষে মনেৰে সকলো কৰ্ম্ম ঈশ্বৰত সমৰ্পণ কৰি নিজেও একো নকৰি আনৰ দ্বাৰাইও একো নকৰাই নৱদ্বাৰ বিশিষ্ট এই দেহত সুখেৰেই বাস কৰে |

               ন কৰ্ত্তৄত্বং ন কৰ্ম্মাণি লোকস্য সৄজতি প্ৰভু: |
               ন কৰ্ম্মফলসংযোগং স্বভাৱস্তু প্ৰৱৰ্ত্ততে || ১৪
সৰ্ব্ব নিয়ন্তা ঈশ্বৰে মানুহৰ কৰ্ত্তৄত্ব বা কৰ্ম্মত্ব সৄষ্টি কৰা নাই | কৰ্ম্মফল লাভো মানুহৰ আয়ত্তাধীন নহয়, কিন্তু স্বভাৱেই জীৱক কৰ্ম্মত প্ৰবৃত্ত কৰায় |

               নাদত্তে কস্যচিত্‍ পাপং ন চৈৱ সুকৄতং বিচু: |
               অজ্ঞানেনাবৄতং জ্ঞানং তেন মুহ্যন্তি জন্তৱ: || ১৫
সৰ্ব্বব্যাপী ঈশ্বৰে কাৰো পাপ বা কাৰো পুণ্য গ্ৰহণ নকৰে | (কাৰণ স্বভাৱজাত সংস্কাৰৰ বশীভুত হৈ জীৱই কৰ্ম্মত আসক্ত হৈ তাৰ ফল পাপ বা পুণ্য ভোগ কৰে |) অজ্ঞানৰ দ্বাৰা জ্ঞান আচ্ছাদিত হৈ আছে বাবে জীৱ মোহগ্ৰস্ত হয় | (নিজৰ কৰ্ত্তৄত্ব বা নিজৰ কৰ্ম্ম বুলি অভিমান কৰে |)

               জ্ঞানেন তু তদজ্ঞানং যেষাং নাশিতমাত্মন: |
              তেষামাদিত্য্ৱজজ্ঞানং প্ৰকাশয়তি তত্‍পৰম || ১৬
আত্মজ্ঞানৰ দ্বাৰা যিজনৰ সেই প্ৰকৄত অজ্ঞান নাশ হৈছে, সেইজনৰ সেই জ্ঞানে সূৰ্য্যৰ দৰে পৰব্ৰক্ষ্মক প্ৰকাশিত কৰে |

               তদবুদ্ধয়স্তদাত্মাদস্তন্নিষ্ঠাস্তত্‍পৰায়ণা: |
               গচ্ছন্ত্যপুনৰাবৄত্তিং জ্ঞাননিৰ্ধুতকল্মষা: || ১৭
সেই পৰমাত্মাত যাৰ বুদ্ধি নিবিষ্ট সেই পৰমাত্মাতে যাৰ জীৱভাৱ, সেই পৰমাত্মাতে যি স্থিতিলাভ কৰে, সেই পৰমাত্মাই যাৰ আশ্ৰয়, আত্মজ্ঞানৰ দ্বাৰা যাৰ পাপ সমুলাঞ্চে নষ্ট হৈছে, সেই পুৰুষে সংসাৰলৈ পুনৰাগমন কৰিব লগা নহয় | (অৰ্থাত্‍ বিষ্ণুৰ পৰম পদ বা মোক্ষ লাভ কৰে |)

              বিদ্যাবিনয়সম্পন্নে ব্ৰাক্ষ্মণে গৱি হস্তিনি |
              শুনি চৈৱ শ্বপাকে চ পণ্ডিতা: সমদৰ্শিন: || ১৮
আত্মজ্ঞানী পুৰুষে বিদ্যাবিনয়ী ব্ৰাক্ষ্মণ, গৰু, হাতী, কুকুৰ আৰু চণ্ডাল এই সকলোকে সমান চকুৰে চায় | (কাৰণ তেওঁলোকে বুজে - সংসাৰত কাৰো স্বাতন্ত্ৰ নাই | ঈশ্বৰৰ প্ৰেৰণাত সকলোৱে স্বভাৱ বা কৰ্ম্মজন্যসংস্কাৰ অনুযায়ী কাম কৰিছে |)

              ইহৈৱ তৈৰ্জিত: সৰ্গো যেযা: সাম্যে স্থিক্তং মন: |
              নিৰ্দ্দোষং হি সমং ব্ৰক্ষ্ম তস্মাদ ব্ৰক্ষ্মণি তে স্থিতা: || ১৯
সমদৰ্শী পুৰুষে এই জন্মতে সংসাৰ জয় কৰে (মুক্ত হয়) | ব্ৰক্ষ্ম সকলোতে সমভাৱে অৱস্থিত | ব্ৰক্ষ্মক কোনো দোষে স্পৰ্শ কৰিব নোৱাৰে | আত্মতত্ত্বজ্ঞ পুৰুষে ব্ৰক্ষ্মতে স্থিতি লাভ কৰা হেতুকে তেওঁকো পাপ পুণ্য আদি একো দোষে স্পৰ্শ কৰিব নোৱাৰে |

              ন প্ৰহৄষ্যেত্‍ প্ৰিয়ং প্ৰাপ্য নোদ্বিজেত্‍ প্ৰাপ্য চাপ্ৰিয়ম |
              স্থিৰবুদ্ধিৰসংমূঢ়ো ব্ৰক্ষ্মৱিদ ব্ৰক্ষ্মণি স্থিত || ২০
ব্ৰক্ষ্মত প্ৰতিষ্ঠিত, নিশ্চয়াত্মিকা বুদ্ধিযুক্ত মোহগ্ৰস্ত নোহোৱা ব্ৰক্ষ্মজ্ঞ পুৰুষে প্ৰিয় বস্তু পালেও উদ্বিগ্ন হৈ নপৰে |

              বাহ্যস্পৰ্শেষৄসক্তাত্মা বিন্দত্যাত্মনি যত্‍ সুখম |
              স ব্ৰক্ষ্মযোগযুক্তাত্মা সুখমক্ষয়মশ্লুতে || ২১
ইন্দ্ৰিয় গ্ৰাহ্য বাহ্য বিষয়সমূহৰ উপভোগত অনাসক্ত পুৰুষে নিজ আত্মাত যি সুখ লাভ কৰে সেই পুৰুষে ব্ৰক্ষ্মৰ লগত যোগযুক্ত (সৰ্ব্বত্ৰ ব্ৰক্ষ্মদৰ্শী) হৈ অক্ষয় সুখ উপভোগ কৰে |

               যে হি সংস্পৰ্শজা ভোগা দু:খযোনয় এৱ তে |
               আদ্যন্তৱন্ত: কৌন্তেয় ন তেষু ৰমতে বুধ: || ২২
হে অৰ্জ্জুন, বিষয় আৰু ইন্দিয় সম্বন্ধ জনিত যি ভোগ সুখ সেই সমুদায় দুখৰ কাৰণ স্বৰূপ, কাৰণ সেই সুখ ক্ষণস্থায়ী | সেই কাৰণে জ্ঞানী পুৰুষে এনে অনিত্য সুখৰ অনুৰাগী নহয় |

                শক্নোতীহৈৱ য: সোঢুং প্ৰাক শৰীৰৱিমোক্ষণাত্‍ |
                কামক্ৰোধোদ্ভৱং দেগং স যুক্ত: স সুখী নৰ: ||২৩
যি জীৱদ্দশাতে কাম ক্ৰোধ জনিত প্ৰৱল উত্তেজনা সহ্য কৰিব পাৰে তেৱেঁই যোগী, তেৱেঁই প্ৰকৄত সুখী |
               
                যোত্‍স্ত:সুখোত্‍ন্তৰাৰামস্তথান্তৰ্জ্যোতিৰেৱ য: |
                ন যোগী ব্ৰক্ষ্মানিৰ্ব্বাণং ব্ৰক্ষ্মভুতোত্‍ ধিগচ্ছতি || ২৪
যি অন্তৰাত্মাতে সুখ পায়, অন্তৰাত্মাতে ক্ৰীয়া কৰে আৰু অন্তৰাত্মাই যাৰ ওচৰত জ্যোতি ৰূপে প্ৰকাশমান, সেই জনেহে যোগী | তেওঁ ব্ৰক্ষ্মৰ লগত অভেদ ৰূপে ব্ৰক্ষ্মতে লয় হয় |

                 লভন্তে ব্ৰক্ষ্মনিৰ্ব্বাণমৄষয়: ক্ষীণকল্মাষা: |
                 ছিন্নদ্বৈধা যতাত্মান: সৰ্ব্বভূতহিতে ৰতা: || ২৫
যাৰ সকলো পাপ ক্ষয় হৈছে, যাৰ সকলো সংশয় ছেদ হৈছে আৰু চিত্তবৄত্তি সংযত হৈছে, যি সকলো প্ৰাণীজগতৰ মঙ্গলসাধন ব্ৰতত ব্ৰতী, তেনে ৠষিসকলে ব্ৰক্ষ্মনিৰ্ব্বাণৰূপ মোক্ষ লাভ কৰে |

                 কামক্ৰোধবিযুক্তানাং যতীনাং যতচেতসাম |
                 অভিতো ব্ৰক্ষ্মনিৰ্ব্বাণং ৱৰ্ত্ততে ৱিদিতাত্মানাম || ২৬
কামক্ৰোধৰহিত, সংযতচিত্ত আৰু আত্মতত্বজ্ঞ ৠষিসকলৰ জীৱিত বা মৄত উভয় অৱস্থাতে ব্ৰক্ষ্মনিৰ্ব্বাণ লাভ হয় |

                 স্পৰ্শান কৄত্বা বহিৰ্ব্বাহ্যাংশ্চক্ষুশ্চৈৱান্তৰে ভ্ৰুৱো: |
                 প্ৰাণাপানৌ সমৌ কৄত্বা নাসাভ্যন্তৰচাৰিণৌ || ২৭
                 যতেন্দ্ৰিয়মনোবুদ্ধিৰ্মু নিৰ্ম্মোক্ষপৰায়ণ: |
                 ৱিগতেচ্ছাভয়ক্ৰোধো য: সদা এৱ স: || ২৮
ৰূপৰসাদি বাহ্য বিষয়ক চিন্তা মনৰ পৰা দূৰ কৰি ভ্ৰুদ্বয়ৰ মাজত দৄষ্টি স্থিৰ ৰাখি নাসিকাৰ মাজত বিচৰণ কৰা প্ৰাণ, অপাণ বায়ুৰ গতিৰ সমতা ৰক্ষা কৰি, ইন্দ্ৰিয়, মন বুদ্ধিক সংযত কৰি ইচ্ছা, ভয়, ক্ৰোধৰ পৰা মুক্ত হৈ যি জন মোক্ষপৰায়ণ হৈছে, তেওঁ নিত্য মুক্ত |

                ভোক্তাৰং যজ্ঞাতপসাং সৰ্ব্বলোকমহেশ্বৰম |
                সুহৄদং সৰ্ব্বভূতানাং জ্ঞাত্বা মাং শান্তিমৄচ্ছতি || ২৯
মোকে (ঈশ্বৰকে) সকলো যজ্ঞ আৰু তপস্যাৰ ভোক্তা, সকলোৰে নিয়ন্তা, সকলোৰে সুহৄদ বুলি জ্ঞান হ’লে সেই পুৰুষে শান্তি লাভ কৰে |

                 ইতি শ্ৰী মহাভাৰতে শতসাহস্ৰাং সংহিতায়াং বৈয়াসিক্যাং
                   ভীষ্ম-পৰ্ব্বণি শ্ৰীমদ্ভাগৱদগীতাসুপনিষত্‍সু ব্ৰক্ষ্ম
                      বিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জ্জুনসম্বাদে
                         সন্যাসযোগো নাম পঞ্চমোত্‍ধ্যায়: ||
**********************************************************************